চলচ্চিত্ৰ পৰিচালক
১০৪ প্ৰবন্ধ
-
হাছিবুল ইছলাম মিজান
হাছিবুল ইছলাম মিজান (১৯৫৭ – ১৮ এপ্ৰিল ২০১৯) বাংলাদেশৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। তেঁও অনেক বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।
-
আই ভি শশী
ইৰুপ্পম বীতিু শশীধৰণ (জন্ম ২৮ মাৰ্চ ১৯৪৮ আৰু মৃত্যু ২৪ অক্টোবৰ ২০১৭), পেচাগতভাৱে আই ভি শশী নামেৰে জনাজাত, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মূলতঃ মালয়ালম ভাষাৰ উপৰি তামিল আৰু হিন্দী ভাষাত ১১০খনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
আইদা এল-কাছেফ
আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল।
-
আইনুল্লাহ চাফুৰী
আইনুল্লাহ চাফুৰী (ফাৰ্চী: عینالله صفوری) ১৯৭৯ চনৰ ইৰানৰ বিপ্লৱৰ পূৰ্বে সক্ৰিয় থকা এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাণ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ তেহৰাণৰ বাণিজ্যিক চিনেমা আৰু টেলিভিছনত ব্যাপকভাৱে কাম কৰিছিল।
-
আবেদ আবেষ্ট
আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।
-
আমিৰ আজীজী
আমিৰ আজীজী (ফাৰ্চী:امیر عزیزی; জন্ম: ১৯৮৪) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
আমিৰ গাভিদেল
আমিৰ গাভিদেল (জন্ম: ২২ মাৰ্চ, ১৯৪৭ – মৃত্যু: ৮ নৱেম্বৰ, ২০০৯) এগৰাকী ইৰানীয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ নিজৰ গৃহ চহৰ মাশ্বহাদত বাটৰ নাট পৰিৱেশন কৰি সৰু অৱস্থাতে শৈল্পিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ তেহৰানলৈ যায় আৰু তাত আনুষ্ঠানিকভাৱে ইৰানীয় চিনামাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
আলী আছগাৰী
আলী আছগাৰী (ফাৰ্চী:علی عسگری; জন্ম: ২৫ জুলাই ১৯৮২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
আলী লিমোনাডী
আলী লিমোনাডী (ফাৰ্চী: علی لیمونادی) এজন ইৰানত জন্মগ্ৰহণ কৰা আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক, টেলিভিছন প্ৰযোজক আৰু সাংবাদিক। তেওঁ লছ এঞ্জেলছত আইআৰটিভি (ইৰানী টেলিভিছন)-ৰ প্ৰতিষ্ঠাপক আছিল, যি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম টেলিভিছন প্ৰতিনিধিত্ব।
-
আলীৰেজা গাছেমী
আলীৰেজা গাছেমী (জন্ম: ১৯৯০) এগৰাকী ইৰানীয় চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মূলতঃ ইন দা লেণ্ড অৱ ব্ৰাদাৰ্ছ চলচ্চিত্ৰখন পৰিচালনা কৰাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত পৰিচালনাৰ বঁটা লাভ কৰিছিল।
-
আৰাশ আব্বাচী
আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
-
আৰ্মান (অভিনেতা)
আৰামাইছ ৱাৰ্দানী হোভেচপিয়ান (আৰ্মেনিয়ান: Արամայիս Վարդանի Հովսեփյան), যি মূলতঃ আৰ্মান হোভেচপিয়ান (آرمان هوسپیان; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯২১ – মৃত্যু: ৮ আগষ্ট ১৯৮০) নামেৰে জনাজাত, এগৰাকী ইৰানী-আৰ্মেনিয়ান অভিনেতা আছিল।
-
ইচিয়াৰ বোল্লাঁ
ইচিয়াৰ বোল্লাঁ পেৰেজ-মিংগুয়েজ (ইংৰাজী: Icíar Bollaín; জন্ম: ১২ জুন ১৯৬৭) এগৰাকী স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁ বিশেষকৈ তে দয় মিচ অজিঅ (Take My Eyes) ছবিখন পৰিচালনা কৰাৰ বাবে জনাজাত, যিখন ছবিয়ে ৭টা গোয়া বঁটা লাভ কৰিছিল।
-
ইছমাইল বাৰাৰী
ইছমাইল বাৰাৰী (ফাৰ্চী: اسماعیل براری; জন্ম ১৯৬৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক আৰু চলচ্চিত্ৰ প্ৰযোজক।
-
ইব্ৰাহিম হাতামিকিয়া
ইব্ৰাহিম হাতামিকিয়া (ফাৰ্চী: ابراهیم حاتمیکیا; জন্ম ২৩ ছেপ্টেম্বৰ ১৯৬১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা। হাতামিকিয়া ইৰানৰ ওপৰত ইৰান-ইৰাক যুদ্ধৰ প্ৰভাৱ চিত্ৰিত কৰা চলচ্চিত্ৰসমূহৰ এজন প্ৰধান পৃষ্ঠপোষক।
-
ইয়াছমিন আহমদ
ইয়াছমিন বিন্তি আহমদ (৭ জানুৱাৰী ১৯৫৮ – ২৫ জুলাই ২০০৯) আছিল এগৰাকী মালয়েছিয়ান চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ লিঅ’ বাৰ্নেট কুৱালালামপুৰৰ কাৰ্যবাহী সৃষ্টিশীল পৰিচালক আছিল। তেওঁৰ টেলিভিছন বিজ্ঞাপন আৰু চলচ্চিত্ৰসমূহ মালয়েছিয়াত হাস্যৰস আৰু মৰ্মস্পৰ্শী বিষয়-বস্তুৰ বাবে সুপৰিচিত।
-
ইৰাজ ঘাদেৰী
ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।
-
এণ্ডি ৱাৰহল
এণ্ডি ৱাৰহল (জন্ম: এণ্ড্ৰু ৱাৰহলা জুনিয়ৰ; ৬ আগষ্ট ১৯২৮ – ২২ ফেব্ৰুৱাৰী ১৯৮৭) এজন আমেৰিকান দৃশ্যশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। প'প আৰ্ট আন্দোলনৰ এগৰাকী অন্যতম নেতা হিচাপে, তেওঁ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ আমেৰিকান শিল্পী হিচাপে পৰিগণিত।
-
এহছান হেম্মতি
এহছান হেম্মতি (ফাৰ্চী: احسان همتی) ইৰানৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু লেখক। তেওঁ চিনেমাৰ নান্দনিকতাত শিল্প দৰ্শনৰ পিএইচডি ডিগ্ৰী, তেহৰান ইউনিভাৰ্চিটি অৱ আৰ্টৰপৰা চিনেমাৰ এমএ ডিগ্ৰী আৰু চলচ্চিত্ৰ পৰিচালনাত বিএ ডিগ্ৰী লাভ কৰিছে।
-
এহতেশাম
আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁ এহতেশাম হাইদৰ চৌধুৰী নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকাত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়।
-
কিয়ানৌচ আয়াৰী
কিয়ানৌচ আয়াৰী (ফাৰ্চী: کیانوش عیاری; জন্ম ১৪ মে', ১৯৫১) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ নিজৰ বাস্তৱসন্মত শৈলী আৰু ব্যতিক্ৰমী কাহিনীৰ বাবে বিখ্যাত।
-
কোৱেণ্টিন টাৰাণ্টিনো
কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ।
-
চামুৱেল খাচিকিয়ান
চামুৱেল খাচিকিয়ান (আৰ্মেনিয়ান: Սամուէլ Խաչիկեան; ফাৰ্চী: ساموئل خاچیکیان; ২১ অক্টোবৰ ১৯২৩ – ২২ অক্টোবৰ ২০০১) আছিল আৰ্মেনিয়ান মূলৰ এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, লেখক আৰু চলচ্চিত্ৰ সম্পাদক।
-
চিন্ময় বাৰ্মা
চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।
-
চেজ চুই ৱাণ্ডাৰ্ছ
চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…
-
চেলিম কুমাৰ
চেলিম কুমাৰ (১০ অক্টোবৰ ১৯৬৯ – ৬ জুন ২০২৬) আছিল এজন ভাৰতীয়অভিনেতা, পৰিচালক আৰু লেখক, যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰ জগতত কাম কৰিছিল। মালয়ালম চিনেমাৰ ইতিহাসত অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী অভিনেতা হিচাপে পৰিগণিত কুমাৰে তিনি দশক জোৰা কেৰিয়াৰত ৩০০ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
ছাৰা কাৰ্টাৰ
ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ছেকৰ আয়ু আছমাৰা
ছেকৰ আয়ু আছমাৰা (ইংৰাজী: Sekar Ayu Asmara) এগৰাকী ইণ্ডোনেছিয়ান গীতিকাৰ, পৰিচালক, আৰু লেখিকা।
-
ছৈয়দ হাদী মহাক্কেক
ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
জেনেভিভ নাজি
জেনেভিভ নাজি (Genevieve Nnaji জন্ম ৩ মে' ১৯৭৯) এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক৷ ২০০৫ চনত তেওঁ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়।