ক্লৱি ঝাও (Chloé Zhao), জন্ম-৩১ মাৰ্চ, ১৯৮২)১ হৈছে এগৰাকী চীনা ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ (Independent Films) আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত।
ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me। ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ছবিখনে সমালোচকৰ পৰা প্ৰশংসা আদায় কৰিবলৈ সক্ষম হয় আৰু শ্ৰেষ্ঠ ছবিৰ বাবে Independent Spirit বঁটাৰ মনোনয়নো লাভ কৰে। তেখেতৰ দ্বিতীয়খন ছবি মুক্তি হয় ২০১৭ চনত। নাম আছিল দ্য ৰাইডাৰ (The Rider,2017)। এইখন ছবিও কলা-সমালোচকৰ মহলত চৰ্চিত হয় আৰু শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ শিতানত "ইণ্ডিপেণ্ডেণ্ট স্পিৰিট" বঁটাৰ বাবে মনোনীত হয়।
২০২০ চনত মুক্তিলাভ কৰা ইংৰাজী ভাষাৰ ছবি নৌমেডলেণ্ডৰ জৰিয়তে ক্লৱি অভাৱনীয় সাফল্য অৰ্জন কৰে। এই ছবিখনে গোলকীয় পৰ্যায়ত সমাদৰ আৰু পৰিচিতি লাভ কৰাৰ লগতে বহুকেইটা সন্মানীয় বঁটাও অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ অ'স্কাৰকে ধৰি গোল্ডেন লায়ন, গোল্ডেল গ্লোব, বাফটা আদি লাভ কৰে। তেখেতে হৈছে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰা দ্বিতীয়গৰাকী মহিলা চলচ্চিত্ৰ-নিৰ্মাতা।২৩ ইয়াৰ পূৰ্বতে আমেৰিকান ছবিনিৰ্মাতা কেথৰিন বিগলোৱে৪হাৰ্ট লকাৰ (২০১০) ছবিখনৰ বাবে ৮২ তম একাডেমী অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ অৰ্জন কৰিছিল।৫ আনহাতে এইটো শিতানত অ'স্কাৰ অৰ্জন কৰা তেখেতে হৈছে প্ৰথমগৰাকী এছিয়ান নাৰী।৬
ঝাওৰ অ'স্কাৰ বিজয় চীন দেশত আৰু দেশখনৰ ছ'ছিয়েল মিডিয়াত চেঞ্চৰ কৰি দিয়া হয়।৭
ঝাওৱে "মাৰ্ভেল ছিনেমেটিক ইউনিভাৰ্ছ"ৰ প্ৰযোজনাত ছুপাৰহিৰো ছবি ইটাৰনেলছ্ পৰিচালনা কৰিছে। ছবিখনে ২০২১ চনৰ নৱেম্বৰত মুক্তি লাভ কৰিব।
প্ৰাৰম্ভিক জীৱন
১৯৮২ চনত বেইজিঙৰ ঝাও টিঙত ক্লৱি ঝাওৰ জন্ম হৈছিল। পিতৃ আছিল ঝাও য়ুজি। য়ুজিয়ে চীনৰ উদ্যোগীকৰণক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।৮ আনহাতে মাতৃ আছিল হাস্পতালৰ এগৰাকী কৰ্মী। তেখেত পিপলছ লিবাৰেশ্যন আৰ্মীত প্ৰদৰ্শনকাৰী দলটোৰ লগত জড়িত আছিল। ভ'গ (Vogue) আলোচনীয়ে তেখেতক এগৰাকী "বিদ্ৰোহী কিশোৰী আৰু বিদ্যালয়ত লেহেমীয়া" হিচাপে আখ্যায়িত কৰিছে। ক্লৱিয়ে মাংগা অংকন কৰিছিল আৰু ফেন ফিকছন লিখিছিল। ক্ৰমাৎ তেখেতে ছবিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। ১৯৯৭ চনত মুক্তিলাভ কৰা ছবি হেপি টুগেডাৰ-এ তেখেতৰ কিশোৰী মনক উদ্বুদ্ধ কৰে।৯১০ জীৱনৰ প্ৰাৰম্ভিক বয়সতে, ঝাওক পাশ্চাত্য পপ সংস্কৃতিয়ে প্ৰভাৱিত কৰে।১১
১৫ বছৰ বয়সলৈকে ক্লৱিয়ে ইংৰাজী ক'ব জনা নাছিল। অভিভাৱকে তেখেতক ব্ৰাইটন কলেজলৈ প্ৰেৰণ কৰে। এই কলেজখন যুক্তৰাজ্যত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বৰ্ডিং স্কুল আছিল।৯১০ ব্ৰাইটনত শিক্ষাগ্ৰহণ কৰি তেখেত লছ এঞ্জেলছলৈ যায় আৰু তাতেই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে।১২
ক্লৱিৰ অভিভাৱকৰ পাছলৈ বিবাহ-বিচ্ছেদ হয় আৰু পিতৃয়ে অভিনেত্ৰী ছ ডানডানক পুনৰ্বিবাহ কৰে। ডানডানক টিভিত দেখিয়েই ক্লৱি প্ৰতিপালিত হৈছিল।১৩
মাছাছুছেটছৰ মাউণ্ট হলয়ক কলেজত ঝোৱে ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে।১৪ পাছলৈ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ত তেখেতে ছবি-প্ৰযোজনা বিষয়ত অধ্যয়ন কৰি ললিত কলাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।১৫
কৰ্মজীৱন
নৌমেডলেণ্ড
২০১৮ চনত ঝাওৱে তেখেতৰ তৃতীয়খন চলচ্চিত্ৰ নৌমেডলেণ্ডৰ পৰিচালনা আৰম্ভ কৰে৷ ছবিখনত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে ফ্ৰান্সিছ মেকডৰমাণ্ডে৷১৬ জেছিকা ব্ৰুডাৰৰ দ্বাৰা লিখিত Nomadland: Surviving America in the Twenty-First Century শীৰ্ষক গ্ৰন্থখনৰ আধাৰত ছবিখনৰ কাম আৰম্ভ হয়৷ ছবিখনৰ চিত্ৰগ্ৰহণ চাৰি মাহৰ ভিতৰত সম্পন্ন হয় আৰু এখন ৰিক্ৰেয়ছনেল বাহনত পশ্চিম আমেৰিকাত ভ্ৰমণ কৰি আৰু বহুতো প্ৰকৃত অঘৰী মানুহক জড়িত কৰি ছবিখনৰ কাম সমাপ্ত কৰা হয়৷১৭ ছবিখন প্ৰিমিয়াৰ হৈছিল ভেনিছ ছবি মহোৎসৱত৷ ইয়াত ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰে আৰু গোল্ডেন লায়ন বঁটা অৰ্জন কৰে৷১৮ পৰৱৰ্তী সময়ত ছবিখন টৰণ্টো আন্তৰ্জাতিক ছবি মহোৎসৱতো প্ৰদৰ্শিত হয় আৰু অনুষ্ঠানটোত ছবিখনে "People's Choice Award" বঁটা লাভ কৰে৷ ১৯ ২০২১ চনৰ ১৯ ফেব্ৰুৱাৰীত ছবিখন মুক্তি হয়৷ প্ৰযোজক আছিল ছাৰ্ছলাইট পিকছাৰ্ছ৷২০ ছবিখনৰ বাবে গোল্ডেন গ্লোবত ঝাওৱে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ এছিয়ান বংশদ্ভুত হিচাপে গ্লোব অৰ্জন কৰা ঝাও হৈছে প্ৰথমগৰাকী মহিলা৷২১ আনহাতে বাৰ্বা ষ্ট্ৰেইছেণ্ডৰ (১৯৮৪) পাছত তেখেতেই গোল্ডেন গ্লোব লাভ কৰা দ্বিতীয়গৰাকী মহিলা৷২ ২০২১ চনত ঝাওৱে শ্ৰেষ্ঠ পৰিচালকৰ একাডেমী অৰ্জন কৰে৷ অস্কাৰ অৰ্জন কৰা তেখেত হৈছে দ্বিতীয়গৰাকী মহিলা৷
ব্যক্তিগত জীৱন
ঝাও বৰ্তমান কেলিফৰ্ণিয়াস্থিত ওঝাইৰ বাসিন্দা৷ তেখেতৰ তিনিটা মুৰ্গী আৰু দুটা কুকুৰ আছে৷২২ আনহাতে জীৱনসংগী হৈছে চিনেমেটোগ্ৰাফাৰ জশ্বোৱা জেমছ ৰিছাৰ্ডছ৷২৩
চলচ্চিত্ৰপুঞ্জী
| + ঝাওৰ দ্বাৰা পৰিচালিত ছবি | |||||||
| বৰ্ষ | নাম | পৰিচালক | লেখক | প্ৰযোজক | সম্পাদক | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|---|---|
| ২০১৫ | Songs My Brothers Taught Me | কিনো লৰ্বাৰ | |||||
| ২০১৭ | The Rider | ছনি পিকছাৰ্ছ ক্লাছিকছ | |||||
| ২০২০ | Nomadland | ছাৰ্ছলাইট পিকছাৰ্ছ | |||||
| ২০২১ | Eternals | ৱাল্ট ডিজনী ষ্টুডিঅছ মছন পিকচাৰ্চ | ২৪ |

দুটিমান বঁটা-বাহন
একাডেমী বঁটা
| + | বৰ্ষ | শিতান | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
| ৯৩ সংখ্যক একাডেমী বঁটা, ২০২০ | শ্ৰেষ্ঠ ছবি | নৌমেডলেণ্ড | ২৫ | ||
| শ্ৰেষ্ঠ পৰিচালক | |||||
| শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য | |||||
| শ্ৰেষ্ঠ ছবি সম্পাদনা |
ব্ৰিটিছ একাডেমী ছবি বঁটা
| + | বৰ্ষ | শিতান | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
| ৭৪সংখ্যক ব্ৰিটিছ একাডেমী ছবি বঁটা, ২০২০ | শ্ৰেষ্ঠ ছবি | নৌমেডলেণ্ড | ২৬ | ||
| শ্ৰেষ্ঠ পৰিচালক | |||||
| শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য | |||||
| শ্ৰেষ্ঠ সম্পাদনা |
গ'ল্ডেন গ্ল'ব বঁটা
| + | বৰ্ষ | শিতান | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
| ৭৮সংখ্যক গোল্ডেন গ্লোব বঁটা, ২০২০ | শ্ৰেষ্ঠ কথাছবি-ড্ৰামা | নৌমেডলেণ্ড | ২৭ | ||
| শ্ৰেষ্ঠ পৰিচালক | |||||
| শ্ৰেষ্ঠ চিত্ৰনাট্য |
তথ্যসূত্ৰ
- ↑ (April 15, 2018). Talk Easy with Sam Fragoso. Talk Easy
- ↑ Sharf, Zack. (March 1, 2021). Chloé Zhao Makes Golden Globes History as Second Woman to Win Best Director Prize. IndieWire
- ↑ Barnes, Brooks; Sperling, Nicole. (April 25, 2021). 'Nomadland' Makes History, and Chadwick Boseman Is Upset at the Oscars. The New York Times
- ↑ (April 26, 2021). Oscars 2021: Nomadland's Chloé Zhao scoops historic best director win. CNET. Jennifer Bisset
- ↑ Scott, A. O. (2009-06-25). Soldiers on a Live Wire Between Peril and Protocol. The New York Times
- ↑ (March 1, 2021). Golden Globes: 'Tears' as Chloe Zhao becomes first Asian woman to win best director. BBC News
- ↑ Qin, Amy; Chien, Amy. (April 26, 2021). China Censors Chloé Zhao’s Oscar Win, but Fans Find Ways to Rejoice. The New York Times
- ↑ Willmore, Alison. Chloé Zhao’s America. Vulture
- ↑ (12 April 2021). Bafta Film Awards 2021: Nomadland and Promising Young Woman win big. BBC News
- ↑ Powers, John. (March 22, 2018). How Chloé Zhao Reinvented the Western. Vogue
- ↑ Mullen, Matt. (April 13, 2018). THE RIDER IS AN EARLY CONTENDER FOR BEST FILM OF 2018. Interview
- ↑ Gardiner, Margaret. (May 23, 2017). Chloé Zhao: A Woman Telling a Cowboys' Tale. Golden Globes
- ↑ Willmore, Aloson. Chloé Zhao’s America. Vulture. Vulture Media
- ↑ Chloé Zhao. Filmmaker
- ↑ Cohen, Sandy. (March 2018). Filmmaker Chloé Zhao is the Accidental Realist. American Way Magazine
- ↑ Aurthur, Kate. (March 1, 2021). Chloe Zhao Becomes Second Woman to Win Golden Globe for Directing as ‘Nomadland’ Makes History. Variety
- ↑ Keegan, Rebecca. (September 2, 2020). Director Chloe Zhao Arrives With Early Oscar Contender 'Nomadland' and Next Year's 'Eternals': "It's a Bit Surreal". The Hollywood Reporter
- ↑ Tartaglione, Nancy. (September 12, 2020). 'Nomadland' Scoops Golden Lion At Venice Film Festival – Full List Of Winners. Deadline
- ↑ Vlessing, Etan. (September 20, 2020). Toronto: Chloe Zhao's 'Nomadland' Wins Audience Award. The Hollywood Reporter
- ↑ Barnes, Jess. (January 14, 2021). Disney Will Release 'Nomadland' on Hulu on Same Day as Theaters. CordCuttersNews
- ↑ Brown, Tracy. (February 3, 2021). Chloé Zhao is the first woman of Asian descent to land a Golden Globes directing nod. Los Angeles Times
- ↑ Jame, Coyle. (September 13, 2020). With quiet humanity, Chloe Zhao's 'Nomadland' makes noise. Associated Press
- ↑ Allison, Whitmore. (February 15, 2021). Chloé Zhao’s America The creator of quiet indie dramas is now the most-sought-after director in Hollywood.. Vulture.com
- ↑ Chitwood, Adam. (January 4, 2021). Chloe Zhao Says She’s Also the Writer on Marvel’s ‘Eternals’; Talks Blending Scope with Intimacy. Collider
- ↑ (March 19, 2021). ‘Nomadland’s Chloé Zhao Makes History As First Woman Of Color To Receive Oscar Nomination For Best Director. Deadline Hollywood
- ↑ BAFTA Unveils Film Nominations in Historic Year After Diversity Review: ‘Nomadland,’ ‘Rocks’ Lead Nominees. Variety
- ↑ Golden Globe Awards 2021: Nomadland and Borat win top awards. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লৱি ঝাও” প্ৰবন্ধৰ সংশোধন ৩৮০৫৭৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।