'অৰুণ বোস (Arun Bose) (জন্ম: ২১ ডিচেম্বৰ ১৯৮২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক ১ আৰু প্ৰযোজক। তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।২ ২০১৯ চনত ট'ভিনো থমাছ আৰু আহানা কৃষ্ণ অভিনীত মালয়ালম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ লুকা পৰিচালনাৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।৩ ২০২৬ চনত মিন্দিয়ম পৰঞ্জুম চলচ্চিত্ৰৰ বাবে তেওঁ থিক্কুৰিছি চলচ্চিত্ৰ বঁটা লাভ কৰে।৪
অৰুণ ব'ছে আলাইয়িন থিছাই শীৰ্ষক এক পৰীক্ষামূলক তামিল পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ প্ৰযোজনা, চিত্ৰনাট্য ৰচনা, আলোকচিত্ৰ গ্ৰহণ আৰু পৰিচালনা কৰে।৫ ৬ তেওঁৰ দ্বিতীয়খন মালয়ালম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ মিন্দিয়ম পৰঞ্জুম৭৮৯ প্ৰযোজনা কৰে ছলিম আহমেদে।১০ এই চলচ্চিত্ৰত উন্নি মুকুন্দন ১১ আৰু অপৰ্ণা বালামুৰলী মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
অৰুণ ব'ছ চেন্নাইস্থিত এল. ভি. প্ৰসাদ কলেজ অৱ মিডিয়া ষ্টাডিজ, মাদ্ৰাছ খ্ৰীষ্টান কলেজ আদি বিভিন্ন চলচ্চিত্ৰ আৰু গণমাধ্যম শিক্ষানুষ্ঠানত অতিথি অধ্যাপক (Visiting Faculty) হিচাপেও কৰ্মৰত।১২
ব্যক্তিগত জীৱন
অৰুণ বোসৰ জন্ম হৈছিল ১৯৮২ চনৰ ২১ ডিচেম্বৰত কেৰালাৰ মুভাট্টুপুঝাত।১৩১৪ তেওঁৰ পিতৃ এছ. আৰ. চি. বোস আৰু মাতৃ ৰেমা বোস। তেওঁ হাইদৰাবাদৰ ছেইণ্ট জ'ছেফ ডিগ্ৰী এণ্ড পি.জি. কলেজৰপৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত চেন্নাইৰ মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰপৰা যোগাযোগ অধ্যয়নত স্নাতকোত্তৰ কলা (এম.এ.) ডিগ্ৰী অৰ্জন কৰে। অৰুণে মিনু সদাশিৱনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান কেৰালাৰ কোচিত বসবাস কৰি আছে। কৰ্মজীৱনৰ আৰম্ভণিৰ সময়ছোৱাত তেওঁ নেচনেল ফকল'ৰ ছাপ'ৰ্ট চেণ্টাৰত কাৰ্যসূচী বিষয়া হিচাপে কৰ্মৰত আছিল।১৫
ফিল্মগ্ৰাফী
| + | বছৰ | শীৰ্ষক | ভাষা | ভূমিকা | টোকা |
| ২০২৫ | মিন্দিয়ম পৰঞ্জুম | মালায়ালম | পৰিচালক, লেখক | ১৬১৭ *২০২৫ চনৰ ৪৯সংখ্যক কেৰালা ফিল্ম ক্ৰিটিকছ বঁটাত "শ্ৰেষ্ঠ বাৰ্তাবাহী চলচ্চিত্ৰ" শিতানত বিজয়ী। *২০২৫ চনৰ থিক্কুৰিছি চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পৰিচালক হিচাপে বিজয়ী। | |
| ২০২৪ | মাৰিভিলিন গোপুৰাংগল | মালায়ালম | পৰিচালক | ||
| ২০১৯ | লুকা (২০১৯ চনৰ ছবি) | মালায়ালম | পৰিচালক, লেখক | ১৮১৯২০ | |
| ২০১৮ | আলাইয়িন থিছাই | তামিল | পৰিচালক, লেখক, চিনেমাটোগ্ৰাফাৰ | ২১ | |
| ২০১২ | পেদানা কালামকাৰী ২২২৩ | ইংৰাজী,তেলেগু | পৰিচালক, লেখক, সম্পাদক, চিনেমাট’গ্ৰাফাৰ | তথ্যচিত্ৰ | |
| ২০১০ | মাই পেপাৰ ব'ট২৪ | নিৰ্বাক ছবি | সকলোবোৰ | তথ্যচিত্ৰ; *২০০৯ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত প্ৰদৰ্শিত ২৫ | |
| ২০০৭ | দ্য ষ্টৰী অৱ মুডগাৰ২৬ | ইংৰাজী,মালায়ালম | পৰিচালক, লেখক, সম্পাদক, চিনেমাটোগ্ৰাফাৰ | তথ্য চিত্ৰ২৭২৮ |
তথ্যসূত্ৰ
- ↑ Arun Bose: Movies, Photos, Videos, News, Biography & Birthday · eTimes. timesofindia.indiatimes.com
- ↑ (29 June 2019). Malayalam Film Luca review: Competently made, haunting mystery. The New Indian Express
- ↑ Nagarajan, Saraswathy. (2019-06-28). Director Arun Bose speaks about the making of Tovino-starrer 'Luca'. The Hindu
- ↑ (2026-03-11). Thikkurissi Film Awards 2026 Winners Name List. Kerala TV
- ↑ (20 November 2019). Director Arun Bose's experimental Tamil film has a haunting quality - Times of India. The Times of India
- ↑ ARUN BOSE. L V Prasad College of Media Studies
- ↑ (29 July 2022). Unni Mukundan -Aparna Balamurali film gets title. The New Indian Express
- ↑ (3 August 2022). വിഷയം 'ആണും പെണ്ണും' തന്നെ, ലൂക്കയിൽ നിന്നും വ്യത്യസ്തമാണ്; മിണ്ടിയും പറഞ്ഞും സിനിമയെക്കുറിച്ച് സംവിധായകൻ. Samakalika Malayalam
- ↑ nirmal. 'ലൂക്കയില് നിന്നും വ്യത്യസ്തം, മിനിമല്'; 'മിണ്ടിയും പറഞ്ഞും' സിനിമയെക്കുറിച്ച് സംവിധായകന്. Asianet News Network Pvt Ltd
- ↑ (20 December 2022). Mindiyum Paranjum censored U. Cinema Express
- ↑ honey. 'മിണ്ടിയും പറഞ്ഞും', ഉണ്ണി മുകുന്ദൻ ചിത്രത്തിന്റെ ഫസ്റ്റ് ലുക്ക് പുറത്ത്. Asianet News Network Pvt Ltd
- ↑ L V Prasad College of Media Studies - Top Film College in India. L V Prasad College of Media Studies
- ↑ m.g, Gokul. (2019-06-10). Right move at the right time. Deccan Chronicle
- ↑ Nagarajan, Saraswathy. (2019-06-28). Director Arun Bose speaks about the making of Tovino-starrer 'Luca'. The Hindu
- ↑ Aier, Anungla; Jamir, Tiatoshi. (July 2009). Re-interpreting the myth of Longterok. Indian Folklife. পৃ. 5–9
- ↑ nirmal. 'ലൂക്കയില് നിന്നും വ്യത്യസ്തം, മിനിമല്'; 'മിണ്ടിയും പറഞ്ഞും' സിനിമയെക്കുറിച്ച് സംവിധായകന്. Asianet News Network Pvt Ltd
- ↑ (2022-07-27). Mindiyum Paranjum · മിണ്ടിയും പറഞ്ഞുമിരിക്കാൻ സനലും ലീനയും; പുതിയ ചിത്രവുമായി ലൂക്ക സംവിധായകൻ അരുൺ ബോസ്. News18 Malayalam
- ↑ (26 June 2019). Luca, a marriage of contrasts. Cinema Express
- ↑ (7 December 2021). Unni Mukundan, Aparna Balamurali headline Arun Bose's next. www.indulgexpress.com
- ↑ Daily, Keralakaumudi. 'Mindiyum Paranjum'; Arun Bose with new film after Luca, Unni Mukundan and Aparna Balamurali in lead roles. Keralakaumudi Daily
- ↑ Anand, Shilpa Nair. (2019-11-22). Luca director Arun Bose loved the freedom that came with making 'Alayin Thisai'. The Hindu
- ↑ Arun Bose. Skimstone Arts
- ↑ Documentary Screening - Pedana Kalamkari. St.Teresa’s College (Autonomous)
- ↑ Mangalore Today. www.mangaloretoday.com
- ↑ (15 May 2012). Chennai to Copenhagen. The New Indian Express
- ↑ Guide Booklet. tiNai Ecofilm Festival-Rajiv Gandhi National Institute of Youth Development (TEFF- RGNIYD)
- ↑ Alex, Rayson K. (January 2013). 74.2 Mudugar video documentaries, The Story of Mudugar, Part 2 of 2
- ↑ Alex, Rayson K.; Deborah, S. Susan; P.S, Sachindev. (2014-06-19). Culture and Media: Ecocritical Explorations. Cambridge Scholars Publishing. ISBN 978-1-4438-6190-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ বোস” প্ৰবন্ধৰ সংশোধন ৬২৫৩৫৭ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।