ষ্টিভেন এলান স্পিলবাৰ্গ (Steven Allan Spielberg; জন্ম: ১৮ ডিচেম্বৰ, ১৯৪৬) হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়।১ কিছুমান টেলিভিছন শ্ব' পৰিচালনা কৰি আৰু সেইবোৰৰ প্ৰদৰ্শনী কৰি তেওঁ হলিউডত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। ১৯৭৫ চনত তেওঁ জ'ছ (Jaws) নামৰ ছবিখন পৰিচালনা কৰে। ছবিখনে ব্যৱসায়িক দিশত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে সমালোচকমহলৰ পৰাও প্ৰশংসা আদায় কৰে। সেইখন ছবিৰ জৰিয়তে তেওঁ বৃহত্তৰ দৰ্শক-সমাজৰ মাজতো এটা চিনাকি নাম হৈ পৰে।২ তেওঁৰ কিছুমান বিশ্ব-প্ৰসিদ্ধ ছবি হৈছে "ক্ল'জ এনকাউণ্টাৰ অৱ দা থাৰ্ড কাইণ্ড" (১৯৭৭), "ই.টি.-দা এক্সট্ৰা-টেৰেষ্টিয়েল" (১৯৮২), "জুৰাছিক পাৰ্ক" (১৯৯৩) আদি।৩
স্পিলবাৰ্গ "এমব্লিন এণ্টাৰটেইনমেণ্ট" আৰু "ড্ৰিমৱৰ্কছ পিকচাৰ্ছ" নামৰ ষ্টুডিঅ' দুটাৰ সহ-প্ৰতিষ্ঠাতা, য'ত তেওঁ একাধিক সফল ছবিৰ ত্ৰি'লজীৰ প্ৰযোজনা আৰু কাৰ্যবাহী প্ৰযোজকৰ ভূমিকাত অৱতীৰ্ণ হয়। তাৰ ভিতৰত গ্ৰেমলিনছ, বেক টু দা ফিউচাৰ, মেন ইন ব্লেক আৰু ট্ৰেন্সফৰ্মাছ আদি প্ৰধান।৪৫
স্পিলবাৰ্গ হৈছে এনে এজন আমেৰিকান ছবি-নিৰ্মাতা, যি নিজৰ পৰিচালনা-দক্ষতা আৰু বহুমুখিতাৰ বাবে বিশেষভাৱে সমাদৰ পাইছে।৬৭ উল্লেখযোগ্য যে তেওঁ এতিয়ালৈকে দুবাৰ অস্কাৰ বঁটাৰে সন্মানীত হৈছে। তেওঁৰ কিছুমান ছবিয়ে সৰ্বকালৰ সৰ্বাধিক-উপাৰ্জনকাৰী ছবিৰ তালিকাতো স্থান দখল কৰিছে। আনহাতে ছবিনিৰ্মাণৰ জৰিয়তে আহৰণ কৰা ধনে তেওঁক এজন সৰ্বাধিক উপাৰ্জনকাৰী পৰিচালকৰ সন্মান দিছে।৮
প্ৰাৰম্ভিক জীৱন
ষ্টিভেন স্পিলবাৰ্গৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৮ ডিচেম্বৰ, অহাইঅ'ৰ চিনচিনাটিত।৯ তেওঁৰ মাক লিয়াহ (জন্মতে পছনাৰ, পাছলৈ এডলাৰ; জানুৱাৰী ১২,১৯২০-২১ ফেব্ৰুৱাৰি ২০১৭)১০ আছিল এগৰাকী ৰেষ্টুৰাঁ-পৰিচালক আৰু এগৰাকী পিয়ান'বাদক। আনহাতে তেওঁৰ দেউতাক আৰ্নল্ড স্পিলবাৰ্গ ( জন্ম-১৯১৭) আছিল এজন বৈদ্যুতিক অভিযন্তা, যি কম্পিউটাৰৰ বিকাশৰ লগত জড়িত আছিল।১১ স্পিলবাৰ্গে ১৯৫৩ চনৰ পৰা ১৯৫৭ চনলৈ হিব্ৰু স্কুলত শিক্ষাগ্ৰহণ কৰে।১২
১২ বছৰ বয়সত তেওঁ নিজৰ প্ৰথমখন ঘৰুৱা ছবি নিৰ্মাণ কৰে। সেই ছবিখনত এটা পুতলা ৰে'ল দুৰ্ঘটনাত পতিত হোৱা দেখুউৱা হৈছিল।১৩ তাৰপিছত কৈশোৰকালত, হাইস্কুলৰ বছৰবোৰত স্পিলবাৰ্গে তেওঁৰ এমেচাৰ ৮ এমএমবিশিষ্ট "অভিযানমূলক ছবি"বোৰ নিৰ্মাণ কৰিছিল।১৪
ফণিস্ক'ৰ আৰ্কাডিয়া হাই স্কুলত তিনিটা বছৰ পঢ়া-শুনা কৰি উঠি, তেওঁৰ পৰিয়াল কেলিফৰ্ণিয়াৰ ছাৰাগটালৈ উঠি আহে। ইয়াৰে ছাৰাগ'টা হাইস্কুলৰ পৰা ১৯৬৫ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ইগল স্কাউটৰ পদ দখল কৰে। আনহাতে তেওঁ স্কুলত থাকোঁতেই পিতৃ-মাতৃৰ মাজত বিবাহ বিচ্ছেদ হয়।১৫
কেৰিয়াৰ
স্পিলবাৰ্গৰ প্ৰথমটো টিভিৰ কাম লাভ কৰে, ১৯৬৯ চনত; যেতিয়া "নাইট গেলেৰী"ৰ এটা বিশেষ অংশৰ পৰিচালনা কৰিবলৈ তেওঁক দায়িত্ব দিয়া হয়। "নাইট গেলেৰী"ৰ লিখক আছিল ৰ'ড ছাৰ্লিং আৰু অভিনয় কৰিছিল জোৱান ক্ৰঅ'ফৰ্ড আদিয়ে।১৬

ষ্টুডিঅ' প্ৰযোজক ৰিচাৰ্ড ডি. জানুক আৰু ডেভিদ ব্ৰাউন তেওঁক "জ'ছ" নামৰ থ্ৰিলাৰ-হ'ৰৰ ছবিখন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনায়, যিখন ছবিৰ কাহিনীভাগ গঢ়ি উঠিছিল এটা মাৰাত্মক ছাৰ্ক মাছৰ কাহিনীৰে। ছবিখন অভাৱনীয়ভাৱে সফলতা লভিছিল। তিনিটা অস্কাৰেৰে ছবিখন সন্মানীত হৈছিল। বিশ্বজুৰি ছবিখনে ৪৭০ মিলিয়ন ডলাৰতকৈ অধিক ধন উপাৰ্জন কৰিলে।১৭ এইখন ছবিয়েই স্পিলবাৰ্গক আমেৰিকান দৰ্শকৰ মাজত এক সন্মানজনক পৰিচিতি দিলে।১৮
তাৰ কেইবছৰমানৰ পিছত স্পিলবাৰ্গে ই.টি. নামৰ এখল কল্প-বিজ্ঞানধৰ্মী ছবি নিৰ্মাণ কৰিলে। এজন কিশোৰ আৰু বৰ্হিগ্ৰহৰ প্ৰাণীৰ মাজত স্থাপন হোৱা ঘনিষ্ঠ সম্পৰ্কটো আছিল এই ছবিখনৰ বিষয়বস্তু। এইখন ছবিয়ে স্পিলবাৰ্গক অভূতপূৰ্ব সফলতা প্ৰদান কৰিলে। ছবিখনে লাভ কৰিলে নটা একাডেমী বঁটাৰ মনোনয়ন; তাৰে চাৰিটাত তেওঁলোক বিজয়ী সাব্যস্ত হ'ল, আৰু ব্যৱসায়িক দিশতো লাভ কৰিলে অপাৰ সফলতা।১৯ ১৯৮২৪ পৰা ১৯৮৫ চনৰ ভিতৰত স্পিলবাৰ্গে তিনিখন ব্যৱসায়িকভাৱে সফল ছবি নিৰ্মাণ কৰিলে।
বিশ্বযুদ্ধকালীন সময়ত অ'স্কাৰ স্নেইডাৰ নামৰ এজন ব্যক্তিৰ বাস্তৱ কাহিনীৰে সমৃদ্ধ "স্নেইডাৰছ্ লিষ্ট" নামৰ ছবিখনৰ জৰিয়তে স্পিলবাৰ্গে বিপুল সমাদৰ আৰু প্ৰশংসা লাভ কৰে। </ref> এইখন ছবিৰ জৰিয়তে তেওঁ লাভ কৰি প্ৰথমটো শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা।২০
১৯৯৩ চনৰ ১১ জুনত মুক্তিলাভ কৰা "জুৰাছিক পাৰ্ক" তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি। ছবিখনত উন্নত মানৰ প্ৰযুক্তিবিদ্যা আৰু দৃশ্যাৱলীৰ সংযোজন কৰা হৈছিল। তিনিটা অ'স্কাৰকে ধৰি ছবিখনে সৰ্বমুঠ ৪০টা বঁটা আৰু ২৬টা মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।২১
ব্যক্তিগত জীৱন
১৯৮৫ চনৰ নৱেম্বৰত স্পিলবাৰ্গ এমি আৰভিঙৰ লগত বিবাহপাশত আৱদ্ধ হয়। মেক্স ছেমুৱেল তেওঁলোকৰ পুত্ৰ-সন্তান। চাৰে তিনিবছৰীয়া বৈবাহিক জীৱন কটোৱাৰ পাছত ১৯৮৯ চনত তেওঁলোকৰ মাজত বিবাহ-বিচ্ছেদ হয়।২২ ১৯৯১ চনৰ ১২ অক্টোবৰত স্পিলবাৰ্গে অভিনেত্ৰী কেইট কেপশ্ব'ৰ লগত পুনৰ যুগ্ম-জীৱন আৰম্ভ কৰে। কেপশ্ব'য়ে ইহুদী ধৰ্ম গ্ৰহণ কৰে। তেওঁলোকৰ পৰিয়ালত মুঠতে এতিয়া সাতোটি সন্তান আছে।২৩২৪
- জেছিকা কেপশ্ব' (মাক-কেইট কেপশ্ব', পিতৃ- কেইটৰ পূৰ্বৰ বৈবাহিক সংগী ৰবাৰ্ট কেপশ্ব')
- মেক্স ছেমুৱেল স্পিলবাৰ্গ (মাক-স্পিলবাৰ্গৰ পূৰ্বৰ বৈবাহিক সংগী এমি আৰভিং, পিতৃ- ষ্টিভেন স্পিলবাৰ্গ)
- থিঅ' স্পিলবাৰ্গ (স্পিলবাৰ্গৰ লগত বিবাহৰ পূৰ্বে কেপশ্ব'ৱে তুলি লোৱা পুত্ৰ)২৫
- ছাছা স্পিলবাৰ্গ
- ছয়াৰ এভেৰি স্পিলবাৰ্গ২৬
- মিকেলি জৰ্জ (কেইট কেপশ্ব'য়ে তুলি লোৱা সন্তান)
- ডেষ্ট্ৰি এলিন স্পিলবাৰ্গ


বঁটা আৰু সন্মান
| বৰ্ষ | ছবি | একাডেমী বঁটা | বাফ্টা (BAFTA) বঁটা | গোল্ডেন গ্লোব পুৰস্কাৰ | |||
|---|---|---|---|---|---|---|---|
| মনোনয়ন | বিজয়ী | মনোনয়ন | বিজয়ী | মনোনয়ন | বিজয়ী | ||
| ১৯৭৫ | জ'ছ (Jaws) | ৪ | ৩ | ৭ | ১ | ৪ | ১ |
| ১৯৭৭ | ক্ল'জ এনকাউণ্টাৰ অৱ দা থাৰ্ড কাইণ্ড | ৯ | ২ | ৯ | ১ | ৪ | |
| ১৯৭৯ | ১৯৪১ (ছবি) | ৩ | ৫ | ||||
| ১৯৮১ | ৰেইডাৰ্ছ অৱ দা লাষ্ট আৰ্ক | ৯ | ৫ | ৭ | ১ | ১ | |
| ১৯৮২ | ই.টি. দা এক্সট্ৰা টেৰেষ্টিয়েল | ৯ | ৪ | ১২ | ১ | ৫ | ২ |
| ১৯৮৪ | ইণ্ডিয়ানা জ'নছ্ এণ্ড দা টেম্পল অৱ ডুম | ২ | ১ | ৪ | ১ | ||
| ১৯৮৫ | দা কালাৰ পাৰ্পল | ১১ | ১ | ৫ | ১ | ||
| ১৯৮৭ | এম্পায়াৰ অৱ দা ছান | ৬ | ৬ | ৩ | ২ | ||
| ১৯৮৯ | ইণ্ডিয়ানা জ'নছ এণ্ড দা লাষ্ট ক্ৰুছেদ | ৩ | ১ | ৩ | ১ | ||
| ১৯৯১ | হুক্ | ৫ | ১ | ||||
| ১৯৯৩ | জুৰাছিক পাৰ্ক | ৩ | ৩ | ৩ | ২ | ||
| স্নেইডাৰ্ছ লিষ্ট (Schindler's List) | ১২ | ৭ | ১৩ | ৭ | ৬ | ৩ | |
| ১৯৯৭ | দা লষ্ট ৱৰ্লড:জুৰাছিক পাৰ্ক | ১ | |||||
| এমিছটাড | ৪ | ৪ | |||||
| ১৯৯৮ | ছেভিং প্ৰাইভেট ৰিয়ান | ১১ | ৫ | ১০ | ২ | ৫ | ২ |
| ২০০১ | এ.আই. (আৰ্টিফিচিয়েল ইণ্টিলেজেন্স) | ২ | ১ | ৩ | |||
| ২০০২ | মাইন'ৰিটি ৰিপৰ্ট | ১ | ১ | ||||
| কেটছ্ মি ইফ ইউ কেন | ২ | ৪ | ১ | ১ | |||
| ২০০৫ | ৱাৰ অৱ দা ৱৰ্ল্ডছ্ | 3 | |||||
| মিউনিখ | ৫ | ২ | |||||
| ২০০৮ | ইণ্ডিয়ানা জ'নছ্ এণ্ড দা কিংদম অৱ দা ক্ৰিষ্টেল স্কাল | ১ | |||||
| ২০১১ | দা এডভেন্সাৰছ্ অৱ টিনটিন | ২ | ২ | ১ | ১ | ||
| ৱাৰ হৰ্ছ | ৬ | ৫ | ২ | ||||
| ২০১২ | লিংকন | ১২ | ২ | ১০ | ১ | ৭ | ১ |
| ২০১৫ | ব্ৰিজ অৱ স্পাইছ | ৬ | ১ | ৯ | ১ | ১ | |
| ২০১৬ | দা বিএফজি | ১ | |||||
| ২০১৭ | দা প'ষ্ট | ২ | ৬ | ||||
| ২০১৮ | ৰেডি প্লেয়াৰ ওৱান | ১ | ১ | ||||
| সৰ্বমুঠ | ১৩১ | ৩৪ | ১১০ | ২২ | ৬৬ | ১১ |
তথ্যসূত্ৰ
- ↑ Morris, Nigel. (2007). The Cinema of Steven Spielberg: Empire of Light. Wallflower Press
- ↑ Higgins, Bill. (April 7, 2012). 'Jaws': Revisiting Hollywood's First Summer Blockbuster. The Hollywood Reporter
- ↑ (May 27, 2016). Steven Spielberg to Harvard grads: Be the movie heroes of real life. The Economic Times
- ↑ amblin.com/about/
- ↑ www.britannica.com/topic/DreamWorks-Animation
- ↑ Seitz, Matt Zoller; Arikan, Ali; Bramble, Serena. (December 15, 2011). MAGIC AND LIGHT: THE FILMS OF STEVEN SPIELBERG: Chapter 1: Introduction. IndieWire
- ↑ Dargis, Manohla; Scott, A. O. (June 9, 2017). The 25 Best Films of the 21st Century So Far.. The New York Times. The New York Times Company
- ↑ McClintock, Pamela. (April 17, 2018). Box-Office Milestone: Steven Spielberg Is First Member of $10B Directors' Club. The Hollywood Reporter
- ↑ www.huffingtonpost.com/2012/12/18/steven-spielbe
- ↑ Fred A. Bernstein. Fredbernstein.com
- ↑ Steven Spielberg Biography (1947?–). filmreference.com
- ↑ (1999). Steven Spielberg: A Biography. Da Capo Press. ISBN 978-0-306-80900-2
- ↑ Sanello, Frank. (2002). Spielberg: The Man, the Movies, the Mythology. Taylor Trade Publications. পৃ. 14. ISBN 9780878331482
- ↑ Jackson, Kathi. (2007). Steven Spielberg: A Biography. Greenwood Publishing Group. পৃ. 5. ISBN 9780313337963
- ↑ Weisman, Aly. (October 22, 2012). Meet Steven Spielberg's Parents In This Revealing '60 Minutes' Profile. Business Insider
- ↑ www.imdb.com/title/tt0064725/
- ↑ www.huffingtonpost.com/2012/12/18/steven-spielbe Spielberg: 10 Little Known Facts About The Director On His Birthday
- ↑ www.huffingtonpost.com/2012/12/18/steven-spielbe Spielberg: 10 Little Known Facts About The Director On His Birthday
- ↑ Wise, Damon. (October 21, 2010). ET: The Extra-Terrestrial: No 7 best sci-fi and fantasy film of all time. The Guardian
- ↑ www.imdb.com/title/tt0108052/awards
- ↑ www.imdb.com/title/tt0107290/awards
- ↑ www.huffingtonpost.com/2012/12/18/steven-spielbe Spielberg: 10 Little Known Facts About The Director On His Birthday
- ↑ Arenson, Karen W. (September 24, 1995). From 'Schindler's List,' a Jewish Mission. The New York Times
- ↑ Pogrebin, Abigail. (October 2005). Stars of David: Prominent Jews Talk About Being Jewish. Bantam Dell Pub Group. ISBN 978-0-7679-1612-7
- ↑ Spielberg, Steven – Fun Facts, Answers, Factoids, Info, Information. Funtrivia.com
- ↑ Schuster, Dana. (September 7, 2012). A stage for Spielberg's son. New York Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টিভেন স্পিলবাৰ্গ” প্ৰবন্ধৰ সংশোধন ২৩১৪১৯ (২৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।