অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌতম ঘোষ

গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।

হালনাগাদ: ২১ জুন ২০২৬ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।

২০১২ চনত পশ্চিম বংগ চৰকাৰে তেওঁক আজীৱন সাফল্যৰ বাবে বংগ বিভূষণ সন্মানেৰে‍ সন্মানিত কৰে। চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ অৱদানক স্বীকাৰ কৰি ২০০৬ চনৰ জুলাই মাহত তেওঁক ইটালীয় সংহতিৰ তাৰকাৰ নাইটহুড বঁটা প্ৰদান কৰা হয়।১২

প্ৰাথমিক জীৱন

১৯৫০ চনৰ ২৪ জুলাইত ভাৰতৰ কলকাতাত সান্ত্বনা আৰু অধ্যাপক হিমাংশু কুমাৰ ঘোষৰ ঘৰত গৌতম ঘোষৰ জন্ম৷ তেওঁৰ কিণ্ডাৰগাৰ্টেনৰ দিন আৰম্ভ হৈছিল ছেইণ্ট জনছ ডাইচেছন স্কুলত (বৰ্তমান সম্পূৰ্ণ ছোৱালীৰ বিদ্যালয়)। তাত চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল আৰু তাৰ পাছত ওচৰৰ কেথেড্ৰেল মিছনেৰী বয়ছ স্কুললৈ গুচি যায়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩

কেৰিয়াৰ

১৯৭৩ চনত তেওঁ তথ্যচিত্ৰ নিৰ্মাণ আৰম্ভ কৰে। তেওঁ কলকাতাৰ গ্ৰুপ থিয়েটাৰ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল৷ ফটো সাংবাদিক হিচাপেও তেওঁ কিছু দিন কাম কৰিছিল৷ নিউ আৰ্থ নামৰ প্ৰথম তথ্যচিত্ৰখন তেওঁ নিৰ্মাণ কৰিছিল ১৯৭৩ চনত আৰু তাৰ পাছত হাংগ্ৰী অটম। তেতিয়াৰ পৰাই তেওঁ কেইবাখনো বোলছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। আকিৰা কুৰোছাৱাৰ হোমেজ (কলা), সত্যজিৎ ৰায়ৰ দুঃসাহসিক ছবি, ঋত্বিক ঘটকৰ হাইপাৰলিংক চিনেমা, ৰাজেন তৰফদাৰৰ চলচ্চিত্ৰত ভাৰত বিভাজন, মৃণাল সেনৰ নিউ ইণ্ডিয়ান চিনেমা আৰু অজয় কৰৰ সামাজিক বাস্তৱবাদ আদিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল যিবোৰে‍ নিজৰ সৃষ্টিৰ জৰিয়তে বাংলা ভাষাৰ চিনেমাত নতুন যুগৰ সূচনা কৰিছিল।

তেওঁৰ সফল ছবিসমূহ হ'ল অন্তৰ্জলি যাত্ৰা, পদ্মনদীৰ মাঝি, আবাৰ অৰণ্য, কালবেলা, শংখচিল আৰু মনেৰ মানুষ। সেই চিনেমাবোৰৰ বাবেই তেওঁ লোকচক্ষুলৈ আহে৷৪

ফিল্মগ্ৰাফী

বোলছবি‍

এতিয়াও মুক্তি নোপোৱা ছবিক বুজাইছে‍
+ বোলছবি‍বৰ্ষশিৰোনামভাষাপৰিচালকঅভিনেতাপ্ৰযোজকটোকা
১৯৮০মা ভূমিতেলেগু
১৯৮১দখলবাংলা
১৯৮২গৃহ-যুদ্ধবাংলা
১৯৮৪পাৰহিন্দী
১৯৮৭অন্তৰ্জলী যাত্ৰাবাংলা
১৯৯২পদ্মানদীৰ মাঝিবাংলাভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনা
১৯৯৩পতঙ্গহিন্দী
১৯৯৬বৃন্দাবন ফিল্ম ষ্টুডিঅ| |ইটালিয়ান| | | | | | |- |১৯৯৭| | গুডি়য়া | | হিন্দী| | | | | | |- |২০০১| | দেখা| | বাংলা | | | | | | |- | ২০০৩| |আবাৰ অৰণ্য| | বাংলা| | | | | | |- | ২০০৬| |যাত্ৰা | | হিন্দী| | | | | | |- | ২০০৯| |কালবেলা| | বাংলা | | | | | | |- |২০১০| |মনেৰ মানুষ| | বাংলা| | | | | |ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনা |- |২০১১| | বাইছে‍ শ্ৰাবণ | | বাংলা| | | | | | |- |২০১২| | একলা আকাশ | | বাংলা| | | | | | |- | ২০১৩| | শূন্য অংক | | বাংলা| | | | | | |- |২০১৪| |চতুষ্কোণ| | বাংলা| | | | | | |- |২০১৬| |শংখচিল| | বাংলা| | | | | |ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনা |- | ২০১৭| | বিয়ণ্ড দা ক্লাউড | | ইংৰাজী / হিন্দী| | | | | | |- |২০১৮| |গুপ্তধনেৰ সন্ধানে‍| | বাংলা| | | | | | |- |২০১৯| |শান্তিলাল ও প্ৰজাপতি ৰহস্য| | বাংলা| | | | | | |- | ২০২১| | ঝিল্লী - ডিচকাৰ্ডছ | | বাংলা| | | | | | | |- | ২০২২| | ৰাহগীৰ – দ্য ৱেফেয়াৰছ | | হিন্দী| | | | | | |- |২০২৫' |পৰিক্ৰমাইংৰাজী / হিন্দী / ইটালিয়ান

তথ্যচিত্ৰ

+ তথ্যচিত্ৰবৰ্ষশিৰোনামভাষাপৰিচালক
১৯৭৩New Earthইংৰাজী
১৯৭৪Hungry Autumnইংৰাজী
১৯৮৬The Land of Sand Dunesইংৰাজী
১৯৮৮In search of Theater- Utpal Dutta on Utpal Duttaবাংলা/ইংৰাজী
১৯৮৯Sange Meel Se Mulaqat- On Ustad বিছমিল্লাহ খানহিন্দী
১৯৯০Mohor- On Kanika Banerjeeহিন্দী
১৯৯৬Beyond the Himaylayasইংৰাজী
১৯৯৯Ray: life and work on সত্যজিৎ ৰায়ইংৰাজী
২০০০Kalahandiইংৰাজী
২০০৪Impermanance- On দালাই লামাইংৰাজী
২০০৫Journey with Jyoti Basuবাংলা/ইংৰাজী
২০০৭Rivers of Knowledge- A Film on Asiatic Societyইংৰাজী
২০০৮In Search of Raja- On ৰামমোহন ৰায়ইংৰাজী
২০১২L'archivio a orienteইটালীয়, পাৰ্চী, চীনা
২০১৩Subha & Me- On Artist Subhaprasannaবাংলা/ইংৰাজী
২০১৪The Magic of Making- On K. G. Subramanyanইংৰাজী
২০১৭A Temple to Solomon- On Calcutta High Courtইংৰাজী

চুটিছবি‍

+ চুটিছবি‍বৰ্ষশিৰোনামভাষাপৰিচালক
১৯৮৭এক ঘাট কি কহানিহিন্দী
১৯৯৩শ্বাম হি তোহ হায়হিন্দী
১৯৯৮ফকিৰহিন্দী
২০২১সময়েৰ স্মৃতিমালা ৫৬বাংলা

তথ্যসূত্ৰ

  1. ↑ Anirban Das. (1 November 2010). Toward a Politics of the (Im)Possible: The Body in Third World Feminisms. Anthem Press. পৃ. 127–. ISBN 978-1-84331-855-2
  2. ↑ (16 March 2008). Interview: Weight of the world. দ্য হিন্দু
  3. ↑ Welcome to GoutamGhose.com
  4. ↑ Kavita. (13 October 2019). Quiet flows the disquieting river. The Daily Star
  5. ↑ (2023-07-23). Somoyer Smritimala (Bengali,2022). Talking about cinema
  6. ↑ (2021-04-08). Goutam Ghose: Gargee still has a thirst for learning. The Times of India

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিচলচ্চিত্ৰ পৰিচালকবঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীনন্দী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌতম ঘোষ” প্ৰবন্ধৰ সংশোধন ৬১৩৩৬৬ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।