অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পায়ল কাপাদিয়া

পায়ল কাপাদিয়া (Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে ২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয়…

হালনাগাদ: ৫ অক্টোবৰ ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পায়ল কাপাদিয়া (Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে ১২৩৪২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয় ছবি।৫ ২০২৪ চনত তেওঁ কান চলচ্চিত্ৰ মহোৎসৱত অল উই ইমাজিন এজ লাইটৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে।৬

জীৱনী

১৯৮৬ চনত মুম্বাইত৭ চিত্ৰকৰ আৰু ভিডিঅ' শিল্পী নলিনী মালানীৰ ঘৰত জন্মগ্ৰহণ কৰা কাপাদিয়াই অন্ধ্ৰ প্ৰদেশৰ এখন বৰ্ডিং স্কুল ঋষি ভেলী স্কুললৈ যায়। ইয়াত স্কুলৰ চলচ্চিত্ৰ ক্লাবৰ সদস্য ৰূপে ঋত্বিক ঘটক আৰু আন্দ্ৰেই টাৰ্কভস্কিৰ দৰে অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে তেওঁৰ প্ৰথম পৰিচয় ঘটিছিল। তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত অধ্যয়ন কৰে আৰু মুম্বাইৰ ছফিয়া কলেজৰ পৰা এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৮ তাৰ পিছত তেওঁ ২০১২ চনত দ্বিতীয় প্ৰচেষ্টাত নিৰ্বাচিত হৈ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউটত চলচ্চিত্ৰ পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে।৯

চলচ্চিত্ৰ জীৱন

+ † – এই চিহ্নই তথ্যচিত্ৰ সূচাইছেবৰ্ষনামকি ৰূপে জড়িতটোকা
নিৰ্দেশককাহিনীকাৰঅন্যান্য
২০১৪ৱাটাৰমেলন,ফিছ এণ্ড হাফ গোষ্ট১০চুটি ছবি
২০১৫আফটাৰনুন ক্লাউডছ
২০১৭দি লাষ্ট মেংগ বিফ'ৰ দি মনছুন
2018এণ্ড হুৱাট ইজ দি ছ্যাম্যাৰ চেইইং †
2021এ নাইট অৱ ন'ইং নথিং †
2024অল উই ইমাজিন এজ লাইট

তথ্যসূত্ৰ

  1. ↑ (18 July 2021). Payal Kapadia wins best documentary award in Cannes. India Today
  2. ↑ (19 July 2021). Mumbai-based film-maker Payal Kapadia wins Best Documentary Award at Cannes. The Economic Times. IANS
  3. ↑ (2021-07-18). Cannes 2021: India's Payal Kapadia wins best documentary award. Hindustan Times
  4. ↑ Entertainment, Quint. (2021-07-18). Cannes 2021: Payal Kapadia's A Night of Knowing Nothing Wins Best Documentary. TheQuint
  5. ↑ (2017-06-10). Meet FTII student Payal Kapadia, whose film Afternoon Clouds, was selected for Cannes 2017. Firstpost
  6. ↑ Indian filmmaker Payal Kapadia makes history with Cannes Grand Prix win for 'All We Imagine as Light'. The Times of India
  7. ↑ (12 February 2018). AN INTERVIEW WITH PAYAL KAPADIA ABOUT „AND WHAT IS THE SUMMER SAYING“. Berlinale
  8. ↑ Dore, Bhavya. (7 June 2017). Payal Kapadia: Over the Clouds. Open: The Magazine
  9. ↑ Who Is Payal Kapadia? The Director Wins Best Documentary Award In Cannes
  10. ↑ Watermelon, Fish and Half Ghost (Student Film) – Urban Lens

সম্পৰ্কিত শ্ৰেণী

তথ্যচিত্ৰ নিৰ্মাতাচলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পায়ল কাপাদিয়া” প্ৰবন্ধৰ সংশোধন ৪৩৫৫৪১ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।