অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰণ জোহৰ

কৰণ কুমাৰ জোহৰক (জন্মতে: ৰাহুল কুমাৰ জোহৰ; ২৫ মে' ১৯৭২), প্ৰায়ে অনানুষ্ঠানিকভাৱে কেজো (KJo) বুলি কোৱা হয়৷ ৷ তেওঁ এজন ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক-যিয়ে প্ৰায়ে হিন্দী ছবিজগতত কাম কৰে৷ তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকচনৰ অধীনত কেইবাজনো সফল অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কৰণ কুমাৰ জোহৰ১ক (জন্মতে: ৰাহুল কুমাৰ জোহৰ; ২৫ মে' ১৯৭২),২ প্ৰায়ে অনানুষ্ঠানিকভাৱে কেজো (KJo) বুলি কোৱা হয়৷৩ ৷ তেওঁ এজন ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক-যিয়ে প্ৰায়ে হিন্দী ছবিজগতত কাম কৰে৷ তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকচনৰ অধীনত কেইবাজনো সফল অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ কেৰিয়াৰ আৰম্ভ কৰিছে। চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰা কৰণ জোহৰে ২০২০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰে।৪

প্ৰযোজক যশ জোহৰৰ পুত্ৰ, কৰণ জোহৰে ৰোমাণ্টিক কমেডী-ড্ৰাম কুচ কুচ হোতা হেই (১৯৯৮)ৰ জৰিয়তে পৰিচালনাৰ ভূমিকাত আত্মপ্ৰকাশ কৰে, যাৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ জনপ্ৰিয় ছবি প্ৰদান কৰা স্বাস্থ্যকৰ মনোৰঞ্জনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক হিচাপে), শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁৰ পৰৱৰ্তী ছবি, পাৰিবাৰিক ড্ৰামা কভি খুছি কভি গম (২০০১) আৰু সংগীতৰ ৰোমাণ্টিক-ড্ৰামা কভি আলৱিদা না কেহনা (২০০৬) দুয়োখনেই ঘৰুৱা আৰু বহিঃৰাজ্য উভয় বজাৰতে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছিল। তেওঁৰ সামাজিক ড্ৰামা মাই নেম ইজ খান (২০১০)-য়ে তেওঁক শ্ৰেষ্ঠ পৰিচালকৰ দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা দিয়ে। জোহৰে চোৰাংচোৱা থ্ৰিলাৰ ৰাজী (২০১৮) আৰু বায়'পিক শ্বেৰশ্বাহ (২০২১) প্ৰযোজনা কৰে, যি দুখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে৷ পিছৰখন ছবিৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – প্ৰযোজক হিচাপে বিশেষ জুৰী উল্লেখো লাভ কৰে।.৫ পিছলৈ ব্ৰহ্মাস্ত্ৰ: প্ৰথম খণ্ড – শিৱ (২০২২) নামৰ ফেণ্টাচি ছবিৰ প্ৰযোজক হিচাপে তেওঁ এভিজিচিৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ উদ্বোধনী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৬ জোহৰে ৰোমাণ্টিক কমেডী-ড্ৰামা ৰকি আৰু ৰাণী কি প্ৰেম কাহানী (২০২৩)ৰ জৰিয়তে পৰিচালনাৰ কামলৈ ঘূৰি আহে, যাৰ ফলত তেওঁ স্বাস্থ্যকৰ মনোৰঞ্জনৰ আন এক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়।৭ ইয়াৰ পিছত তেওঁ ড্ৰামা হোমবাউণ্ড (২০২৫) নিৰ্মাণ কৰে, যিখনে ৯৮ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাৰ বাবে ভাৰতীয় প্ৰৱেশ হিচাপে নিৰ্বাচিত হয়।৮ এইবোৰে তেওঁৰ কোম্পানীৰ অধীনত পৰিচালনা বা প্ৰযোজনা কৰা আন আন ছবিৰ লগতে তেওঁক হিন্দী চিনেমাৰ অন্যতম আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰিছে।

মনোৰঞ্জন জগতৰ অন্যান্য পথতো জোহৰে প্ৰৱেশ কৰিছে। তেওঁ ২০০৪ চনৰ পৰা কফি উইথ কৰণ নামৰ এটা টেলিভিছন টক শ্ব'৯, ডেটিং শ্ব' ৱাট দ্য লাভ! আৰু এটা ৰেডিঅ' শ্ব' কলিং কৰণ, আৰু প্ৰতিযোগিতামূলক ৰিয়েলিটি শ্ব' ঝলক দিখলা জা আৰু ইণ্ডিয়াজ গট টেলেণ্টত বিচাৰক হিচাপে উপস্থিত থাকে।

গ্ৰন্থপুঞ্জী

তথ্যসূত্ৰ

  1. ↑ KARAN YASH JOHAR · DIN: 00013096. IndiaFilings
  2. ↑ Basu, Nilanjana. (16 December 2018). Koffee With Karan 6:, Vicky Kaushal Discover Karan Johar Was Originally Named As... NDTV. NDTV Convergence Limited
  3. ↑ KJo meets Kareena on sets of Heroine. বলিউড হাংগামা
  4. ↑ Padma Shri for Ekta Kapoor, Karan Johar, Kangana Ranaut and Adnan Sami. India Today. Ist
  5. ↑ (17 October 2023). "Very honoured, very humbled": Karan Johar as 'Shershaah' wins National Film Award. The Print
  6. ↑ (9 October 2024). Karan Johar Wins Third National Award With Ayan Mukerji-Directorial 'Brahmastra'. The Quint
  7. ↑ Bhattacharya, Tanisha. (1 August 2025). 71st National Film Awards: Karan Johar's Rocky Aur Rani Led By Alia-Ranveer Scores Big. NDTV
  8. ↑ Bollywood Hungama News Network. (19 September 2025). Homebound is India’s official entry for Oscars 2026, Karan Johar and Neeraj Ghaywan express delight. Bollywood Hungama
  9. ↑ (2022-08-09). Karan Johar on Koffee With Karan: Never thought I would get this far, hosting seven seasons. Firstpost

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ প্ৰযোজকচলচ্চিত্ৰ পৰিচালকমহাৰাষ্ট্ৰৰ ব্যক্তিঅভিনয় শিল্পীহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰণ জোহৰ” প্ৰবন্ধৰ সংশোধন ৬৩২১০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।