অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে জি জৰ্জ

কুলাক্কাত্তিল গীভাৰ্গিজ জৰ্জ (২৪ মে' ১৯৪৬ ২৪ ছেপ্টেম্বৰ ২০২৩) আছিল মালয়ালম চলচ্চিত্ৰ জগতত সক্ৰিয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁক কেৰালাই লাভ কৰা অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭০১ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুলাক্কাত্তিল গীভাৰ্গিজ জৰ্জ (২৪ মে' ১৯৪৬ ২৪ ছেপ্টেম্বৰ ২০২৩) আছিল মালয়ালম ভাষা চলচ্চিত্ৰ জগতত সক্ৰিয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁক কেৰালাই লাভ কৰা অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। ১৯৮০ৰ দশকত ভৰতন আৰু পি পদ্মৰাজনৰ সৈতে তেওঁ মালয়ালম চলচ্চিত্ৰত এক নতুন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণশৈলীৰ সূচনা কৰিছিল। মালয়ালম চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ কেৰালা চৰকাৰৰ সৰ্বোচ্চ সন্মান জে চি ডেনিয়েল বঁটা লাভ কৰিছিল।১

জৰ্জে স্বপ্নদানম (১৯৭৫) ছবিখনেৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, যিখনে মালয়ালম ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আঁজুৰি আনিছিল। তেওঁৰ অন্যান্য সুপৰিচিত চলচ্চিত্ৰসমূহৰ ভিতৰত উল্কডল (১৯৭৯), মেলা (১৯৮০), য়াৱনিকা (১৯৮২), লেখায়ুডে মৰণম ওৰু ফ্লেছবেক (১৯৮৩), আদামিণ্টো ৱাৰিয়েল্লু (১৯৮৩), পঞ্চৱডী পালম (১৯৮৪), ইৰাকল (১৯৮body৬) আৰু মাট্টোৰাল (১৯৮৮) অন্তৰ্ভুক্ত আছিল। তেওঁ নিজৰ বিভিন্ন চলচ্চিত্ৰৰ বাবে ৯ টাকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।২৩

জৰ্জ মালয়ালম চিনে টেকনিচিয়ান এছ'চিয়েশ্যনৰ (MACTA) প্ৰতিষ্ঠাপক তথা অধ্যক্ষ আছিল আৰু পৰৱৰ্তী সময়তো ইয়াৰ এজন কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়াইছিল।৪

প্ৰাৰম্ভিক জীৱন

জৰ্জৰ জন্ম হৈছিল তিৰুৱাল্লাৰ কুলাক্কাত্তিল গৃহৰ অন্নাম্মা আৰু কে গীভাৰ্গিজ চামুৱেলৰ ঘৰত।৫২ জৰ্জে পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰপৰা ডিপ্লমা লাভ কৰিছিল।

কে জি জৰ্জে চলচ্চিত্ৰ পৰিচালক ৰামু কাৰিয়াতৰ সহকাৰী হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭৫ চনত তেওঁ 'স্বপ্নদানম' ছবিখনেৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, যিখনে ১৯৭০ৰ দশকৰ আৰম্ভণিতে সক্ৰিয় থকা সমান্তৰাল চলচ্চিত্ৰ আন্দোলনত এক শক্তিশালী উপস্থিতি সাব্যস্ত কৰিছিল।

প্ৰশংসিত চলচ্চিত্ৰ 'নেল্লু'ত কাৰিয়াতৰ সহকাৰী হিচাপে জৰ্জে কৰা কামে হয়তো তেওঁৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰীয় ৰীতি-নীতি আৰু ব্যাৱসায়িকভাৱে আকৰ্ষণীয় উপাদানসমূহৰ মাজত ভৰসাম্য ৰক্ষা কৰাৰ দৃষ্টিভংগীক প্ৰভাবিত কৰিছিল। ১৯৮০ৰ দশকত তেওঁক প্ৰায়েই পদ্মৰাজন, ভৰতন আৰু মোহনৰ দৰে পৰিচালকসকলৰ সৈতে একগোট কৰা হৈছিল, যাৰ ছবিসমূহে কলাত্মক আৰু মূল ধাৰাৰ চিনেমাৰ মাজত এক সেতু গঢ়ি তুলিছিল বুলি গণ্য কৰা হয়। এই সময়ছোৱাত জৰ্জৰ বহুকেইখন চলচ্চিত্ৰই ব্যাৱসায়িকভাৱে সফলতা লাভ কৰিছিল।৬

চলচ্চিত্ৰ জীৱন

জৰ্জৰ পৰিচালনাত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল স্বপ্নদানম (১৯৭৬)। এই ছবিখনে ব্যাৱসায়িক সফলতাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। এক বৈবাহিক মনস্তাত্ত্বিক ড্ৰামা হিচাপে নিৰ্মিত এই চলচ্চিত্ৰখনে মূল ধাৰাৰ ভাৰতীয় চিনেমাৰ কেইবাটাও পৰম্পৰাগত নিয়ম (যেনে— গীত আৰু নৃত্যৰ সঘন ব্যৱহাৰ) পৰিহাৰ কৰি দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

জৰ্জৰ কোলংগল (১৯৮১) চলচ্চিত্ৰখনে কেৰালাৰ গ্ৰাম্য সমাজত থকা ঈৰ্ষা আৰু সামাজিক উত্তেজনাৰ প্ৰভাৱক চিত্ৰিত কৰি গ্ৰাম্য-জীৱনৰ কাল্পনিক ৰূপটোক প্ৰত্যাহ্বান জনাইছিল। এখন ভ্ৰাম্যমাণ নাট্যদলৰ পৃষ্ঠভূমিত নিৰ্মিত এক অনুসন্ধানমূলক থ্ৰিলাৰ চলচ্চিত্ৰ য়াৱনিকাই (১৯৮২) থিয়েটাৰ অভিনয়ৰ আঁৰৰ পাৰস্পৰিক আৰু প্ৰতিষ্ঠানিক গতিশীলতাক ফঁহিয়াই দেখুৱাইছিল। এই চিনেমাখন একেলগে ব্যাৱসায়িকভাৱে সফল আৰু সমালোচকৰদ্বাৰা প্ৰশংসিত হৈছিল আৰু ই শ্ৰেষ্ঠ চলচ্চিত্ৰৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আঁজুৰি আনিছিল। ইয়াত ছবিৰ ভিতৰত ছবি (ফিল্ম-উইথইন-এ-ফিল্ম) নামৰ এক আখ্যান শৈলীৰো ব্যৱহাৰ কৰা হৈছিল।

পৰৱৰ্তী সময়ত নিৰ্মিত লেখায়ুডে মৰণম ওৰু ফ্লেছবেক (১৯৮৩) চলচ্চিত্ৰখনে অভিনেত্ৰী শোভাৰ জীৱন আৰু মৃত্যুৰ সৈতে সাদৃশ্য থকাৰ বাবে মুক্তিৰ পূৰ্বে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। আদামিণ্টো ৱাৰিয়েল্লু (১৯৮৪) ছবিত জৰ্জে তিনিগৰাকী নগৰীয়া মহিলাৰ অভিজ্ঞতা আৰু বিবাহ তথা সামাজিক প্ৰত্যাশাই জাপি দিয়া সীমাবদ্ধতাসমূহ পৰীক্ষা কৰিবলৈ বহু-চৰিত্ৰ সম্বলিত এক ব্যতিক্ৰমী আখ্যান গাঁথনি ব্যৱহাৰ কৰিছিল।

ভেলুৰ কৃষ্ণনকুট্টীৰ এটা চুটি গল্পৰ ওপৰত আধাৰিত পঞ্চৱডী পালম (১৯৮৪) চলচ্চিত্ৰখনে সমসাময়িক ৰাজনৈতিক সংস্কৃতি আৰু ৰাজহুৱা জীৱনৰ ওপৰত আলোকপাত কৰিবলৈ তীব্ৰ ব্যংগ আৰু চৰিত্ৰসমূহৰ অতিৰঞ্জিত ৰূপ ব্যৱহাৰ কৰিছিল। আনহাতে ইৰাকল (১৯৮৫) চলচ্চিত্ৰখনে এটা ধনী পৰিয়ালৰ ভিতৰত থকা হিংসা, ক্ষমতা আৰু নৈতিক পতনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু সামাজিক তথা পাৰিবাৰিক বিশৃংখলতাৰ মনস্তাত্ত্বিক পৰিণতিসমূহ অন্বেষণ কৰিছিল।

জৰ্জৰ অন্তিমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত ইলাভামকোডু দেশম। এই ঐতিহাসিক ড্ৰামাধৰ্মী ছবিখন এনে এক সময়ত মুক্তি পাইছিল যেতিয়া মালয়ালম চিনামাত মিমিক্ৰী প্ৰদৰ্শনৰদ্বাৰা প্ৰভাবিত কমেডী ছবিসমূহ বিশেষভাৱে জনপ্ৰিয় আছিল। চলচ্চিত্ৰখনৰ সঁহাৰিৰ ওপৰত আলোকপাত কৰি জৰ্জে পৰৱৰ্তী সময়ত উল্লেখ কৰিছিল যে এই ছবিখনে তেওঁ আশা কৰা ধৰণে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাছিল।

তেওঁৰ প্ৰথম পৰিচালিত ছবি স্বপ্নদানম (১৯৭৬) আৰু অন্তিম ছবি ইলাভামকোডু দেশমৰ (১৯৯৮) মধ্যৱৰ্তী সময়ছোৱাত জৰ্জে এনে কিছুমান চলচ্চিত্ৰ পৰিচালনা কৰিছিল যিবোৰ মালয়ালম চিনেমাৰ বিকাশৰ ক্ষেত্ৰত অত্যন্ত প্ৰভাৱশালী হিচাপে পৰিগণিত হৈছে। তেওঁৰ সাতখনকৈ চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল, যিয়ে তেওঁক ভাৰতৰ বাহিৰতো স্বীকৃতি দিৱাত বিশেষ সহায় কৰিছিল।

জৰ্জে ২০১২ চনত তেওঁৰ আত্মজীৱনী গ্ৰন্থ ফ্লেছবেক: এণ্টেয়ুম চিনেমাযুদেয়ুম প্ৰকাশ কৰিছিল। ২০১৮ চনত লিজিন জোছৰ পৰিচালনাত কে জি জৰ্জৰ জীৱন আৰু চলচ্চিত্ৰৰ ওপৰত আধাৰিত ৮½ ইণ্টাৰকাটছ: লাইফ এণ্ড ফিল্মছ অৱ কে. জি. জৰ্জ নামৰ এখন তথ্যচিত্ৰ মুক্তি দিয়া হয়। এই তথ্যচিত্ৰখনত জৰ্জৰ জীৱন, কেৰিয়াৰ আৰু মালয়ালম চিনেমালৈ আগবঢ়োৱা অনৱদ্য অৱদানসমূহ বিশদভাৱে পৰীক্ষা কৰা হৈছে।

মৃত্যু

২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত ৭৭ বছৰ বয়সত কাক্কানাডৰ এখন জিৰণি গৃহত কে জি জৰ্জৰ মৃত্যু হয়।২ তেওঁ পক্ষাঘাত (ষ্ট্ৰোক) ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল। এক গুৰুতৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ বিগত পাঁচ বছৰ ধৰি সেই জিৰণি গৃহটোতে বসবাস কৰি আছিল। জীৱনৰ শেষৰ কেইটামান দিনত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল আৰু সেইদিনা পুৱা ১১:০০ বজাত তেওঁ শেষ-নিশ্বাস ত্যাগ কৰে।২৭

ফিল্মগ্ৰাফী

নামবছৰভূমিকা
পৰিচালককাহিনীচিত্ৰনাট্যসংলাপপ্ৰযোজনাসহকাৰী পৰিচালকসহযোগী পৰিচালকঅভিনেতাডাবিং
ফেচেচ (এফটিআইআই শিক্ষাৰ্থী ডিপ্লমা চলচ্চিত্ৰ)৮
মায়া1972
নেল্লু1974
স্বপ্নদানম1976
ব্যামোহম1978
ৰাপ্পাদিকালুদে গাথা1978
ইনিয়াৱল উৰংগত্তে1978
অনাপ্পুদাভা1978
মন্নু1978
উল্ক্কডল1979
মেলা1980
কোলাংগল1981
যৱনিকা1982
লেখায়ুদে মৰণম অৰু ফ্লেছবেক1983
আদামিন্তে ৱাৰীয়েল্লু1984
পঞ্চৱাড়ী পালাম1984
ইৰাকাল1985
কাথাক্কু পিন্নিল1987
মাট্টোৰাল1988
যাত্ৰায়ুদে অন্ত্যম1989
ঈ কন্নী কূডী1990
মহানগৰম1992
ইলাভামকোডু দেশম1998

বঁটা আৰু সন্মান

কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা:

  • ১৯৭৫: স্বপ্নদানম চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা৯
  • ১৯৭৫: স্বপ্নদানম চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা৯
  • ১৯৭৮: ৰাপ্পাদিকালুদে গাথা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ বঁটা৯
  • ১৯৮২: যৱনিকা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা১০
  • ১৯৮২: যৱনিকা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ কাহিনী বঁটা১০
  • ১৯৮৩: আদামিন্তে ৱাৰীয়েল্লু চলচ্চিত্ৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা১০
  • ১৯৮৩: আদামিন্তে ৱাৰীয়েল্লু চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ কাহিনী বঁটা১০
  • ১৯৮৫: ইৰাকাল চলচ্চিত্ৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা১০
  • ১৯৮৫: ইৰাকাল চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ কাহিনী বঁটা১০
  • ২০১৫: জে চি ডেনিয়েল বঁটা (চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে কেৰালা চৰকাৰৰদ্বাৰা প্ৰদত্ত)১১

কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা:১২

  • ১৯৮২: যৱনিকা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা
  • ১৯৮২: যৱনিকা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালক বঁটা
  • ১৯৮৫: ইৰাকাল চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালক বঁটা
  • ১৯৮৫: ইৰাকাল চলচ্চিত্ৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা
  • ১৯৮৭: মাট্টোৰাল চলচ্চিত্ৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা
  • ২০১৪: চলচ্চিত্ৰ ৰত্ন বঁটা১৩

অন্যান্য বঁটা:

  • ১৯৭৬: ফিল্মফেয়াৰ বিশেষ বঁটা (দক্ষিণ), স্বপ্নদানম চলচ্চিত্ৰৰ বাবে বিশেষ প্ৰশংসা বঁটা হিচাপে১৪
  • ২০১৫: ফেফকা (FEFKA) মাষ্টাৰ্ছ বঁটা১৫
  • ২০১৫: ইণ্ডিউড গোল্ডেন ফ্ৰেম জীৱনজোৰা সাধনা বঁটা
  • ২০১৬: ইৰাকাল চলচ্চিত্ৰৰ বাবে মুত্তাথু ৱাৰ্কী বঁটা১৬
  • ২০১৭: ৱনিতা চলচ্চিত্ৰ বঁটা (জীৱনজোৰা সাধনা বঁটা)১৭
  • ২০১৭: চিপিসি চিনে বঁটা (বিশেষ সন্মানীয় বঁটা)১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Filmmaker K G George to be Honoured With J C Daniel Award. NDTV
  2. ↑ (24 September 2023). Malayalam film director KG George dies at 77. Indian Express
  3. ↑ (24 September 2023). Influential Malayalam filmmaker K G George, who expertly bridged the gap between art house and mainstream cinema, dies at 77. Indian Express
  4. ↑ K.G. George war with Lal and Mamooty
  5. ↑ (24 May 2015). Master of the middle path. Onmanorama
  6. ↑ The Hindu: Entertainment Thiruvananthapuram / Cinema: In search of new themes. www.hindu.com
  7. ↑ (24 September 2023). സംവിധായകന്‍ കെ ജി ജോര്‍ജ് അന്തരിച്ചു. Samayam
  8. ↑ Cris. Remembering Jameela Malik, who broke barriers to be first Kerala woman to study at FTII. The News Minute
  9. ↑ State Film Awards (1969–80). Kerala State Chalachitra Academy
  10. ↑ State Film Awards (1981–90). Kerala State Chalachitra Academy
  11. ↑ (7 September 2016). J.C. Daniel award for K.G. George. The Hindu
  12. ↑ "കേരള ফিলিം ക്രിട്ടിക്‌സ് അവാര്‍ഡ് 1977 - 2012". Kerala Film Critics Association. Retrieved 11 February 2023
  13. ↑ (6 April 2015). Critics award for Ottaal, Iyyobinte Pusthakam. The Hindu
  14. ↑ (1980). The Times of India Directory and Year Book Including Who's who
  15. ↑ (8 July 2015). KG George bags inaugural FEFKA Masters Award. Malayala Manorama
  16. ↑ (29 May 2016). MUTTATHU VARKEY AWARD. The Hindu
  17. ↑ (8 February 2017). Vanitha Film Awards 2017. International Business Times
  18. ↑ (29 January 2018). CPC Cine Awards 2017: Fahadh Faasil & Parvathy Bag Top Honours!. Filmibeat

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে জি জৰ্জ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৪৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।