অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোহিত সূৰী

মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১), মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩), ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১),১ মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩),২ ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে। ছাইয়াৰা ছবিখন তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত তেওঁ উদিতা গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছে।

প্ৰাৰম্ভিক জীৱন

মোহিত সূৰীৰ জন্ম হৈছিল মুম্বাই চহৰত আৰু এইখন চহৰতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ দক্ষ সূৰীয়ে চেন্নাইৰ ডানলপত কাম কৰিছিল আৰু মাতৃ হীনা এগৰাকী এয়াৰ হোষ্টেছ আছিল।৩ প্ৰাক্তন অভিনেত্ৰী স্মাইলী ছুৰী, তেওঁৰ একমাত্ৰ ভগ্নী।৪

মহেশ ভাট, মুকেশ ভাট আৰু ৰবিন ভাট তেওঁৰ মামা। নানাভাই ভাট তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক আছিল। পূজা ভাট, ৰাহুল ভাট, বিশেষ ভাট আৰু আলিয়া ভাট তেওঁৰ প্ৰথম কাজিন আৰু ইমৰাণ হাছমী তেওঁৰ দ্বিতীয় কাজিন।

কৰ্মজীৱন

টি-ছিৰিজৰ অফিচ এচিষ্টেণ্ট হিচাপে সূৰীয়ে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ বিক্ৰম ভাটৰ কাছূৰ (২০০১), আৱৰা পাগল দীৱানা (২০০২) আৰু ফুটপাথ (২০০৩) আদি ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰে। সূৰীয়ে মধ্যমীয়াভাৱে সফল হোৱা জেহেৰ (২০০৫) নামৰ ছবিখন পৰিচালনাৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত কলিযুগ (২০০৫), ৱহ লম‌্হে (২০০৬), আৱাৰাপন (২০০৭), ৰাজ: দ্য মিষ্ট্ৰী কণ্টিনিউজ (২০০৯) আৰু ক্ৰুক (২০১০) আদি বহু উল্লেখযোগ্য চলচ্চিত্ৰ পৰিচালনা কৰে।৫

তেওঁৰ মনস্তাত্ত্বিক থ্ৰিলাৰধৰ্মী কথাছবি মাৰ্ডাৰ ২ (২০১১)ৰ অভাৱনীয় উপাৰ্জনেৰে সূৰীয়ে সফলতা লাভ কৰিছিল। ছবিখন ২০১১ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম আছিল। ইয়াৰ পিছত অতি সফল সংগীতধৰ্মী প্ৰেম কাহিনীমূলক কথাছবি আশিকি ২ (২০১৩) আৰু এক ভিলেইন (২০১৪), এক ভিলেইন ছবিখনো এখন প্ৰতিশোধমূলক চলচ্চিত্ৰ আছিল আৰু ই ভাৰতত ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছিল।৬

তেওঁৰ প্ৰত্যাশিত নাট্যধৰ্মী ছবি হামাৰী আধুৰী কাহানী (২০১৫) আৰু হাফ গাৰ্লফ্ৰেণ্ড (২০১৭) মুক্তি পোৱাৰ পিছত তেওঁৰ ৰোমাণ্টিক-ছাচপেন্স-থ্ৰিলাৰধৰ্মী ছবি মালাং (২০২০) ছবিখনে সমালোচনাত্মক আৰু বাণিজ্যিক সফলতা লাভ কৰে।৭ ২০২২ চনত তেওঁ অভিনয়-শিল্পী জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানী, আৰু তাৰা সূতাৰিয়া অভিনীত এক ভিলেইন ৰিটাৰ্ণছ নামৰ ছবিখন মুক্তি দিয়ে। প্ৰিক্যুৱেল (এক ভিলেইন)ৰ বিপৰীতে, এই ছবিখন মিশ্ৰিত পৰ্যালোচনাৰ সন্মুখীন হৈছিল আৰু বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল।

২০২৫ চনত তেওঁ য়শ ৰাজ ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত, নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডা অভিনীত, ৰোমাণ্টিক চলচ্চিত্ৰ ছাইয়াৰা পৰিচালনা কৰে।৮ চাৰ্টবাষ্টাৰ সংগীত আৰু সুদক্ষ অভিনয়ৰ বাবে ছবিখনে বক্স অফিচত উল্লেখযোগ্য সমালোচনাত্মক আৰু বাণিজ্যিক সফলতা লাভ কৰে।

অন্যান্য কৰ্মৰাজি

এগৰাকী পৰিচালক হোৱাৰ উপৰিও, সূৰী ষ্টাৰ প্লাছৰ ডান্স ৰিয়েলিটি ধাৰাবাহিক নাচ বালিয়ে ৮-ৰ বিচাৰক আছিল আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সংগীত মঞ্চ ইএমআই ৰেকৰ্ডছ ইণ্ডিয়া গঠন কৰিছিল, যিয়ে যশ নাৰ্ভেকাৰ, অনুষ্কা শ্বাহনেই আদি প্ৰমুখ কণ্ঠশিল্পীক মঞ্চ প্ৰদান কৰিছিল।৯

ব্যক্তিগত জীৱন

২০১৩ চনত, তেওঁ ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী উদিতা গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ এজন পুত্ৰসন্তান (জন্ম ২০১৫) আৰু কন্যাসন্তান (জন্ম ২০১৮) আছে।১০

চলচ্চিত্ৰপুঞ্জী

পৰিচালক হিচাপে

বৰ্ষশিৰোনামপৰিচালকলেখকটোকা
২০০৫জেহেৰ
কলিযুগ
২০০৬ৱহ লাম‌্হে
২০০৭আৱাৰাপান
২০০৯ৰাজ: দ্য মিষ্ট্ৰী কণ্টিনিউজ
২০১০ক্ৰুক
২০১১মাৰ্ডাৰ ২
২০১৩আশিকি ২
২০১৪এক ভিলেইন
২০১৫হামাৰী আধুৰী কাহানী
২০১৭হাফ গাৰ্লফ্ৰেণ্ডলগতে প্ৰযোজক
২০২০মালাং
২০২২এক ভিলেইন ৰিটাৰ্ণছ১১
২০২৫ছাইয়াৰা১২

সহকাৰী পৰিচালক হিচাপে

বৰ্ষশিৰোনাম
২০০১কাছূৰ
২০০২আৱাৰা পাগল দীৱানা
২০০৩ফুটপাথ

তথ্যসূত্ৰ

  1. ↑ 'Murder 2' - Bollywood movies which were mired in plagiarism row. The Times of India
  2. ↑ Mohit Suri denies fallout rumours with his 'Aashiqui 2' actor Aditya Roy Kapur - Times of India. The Times of India
  3. ↑ Gupta, Priya. (28 April 2013). I have not yet lived my married life at all: Mohit Suri - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Mohit Suri's sister Smiley Suri married off by two men closest to her - Times of India. The Times of India
  5. ↑ I have not yet lived my married life at all: Mohit Suri - Times of India. The Times of India
  6. ↑ Time: 04:33 한국 영화를 표절한 인도영화 19편
  7. ↑ Mohit Suri talks about his sequel to Raaz Radio Sargam
  8. ↑ (2025-07-19). 'Saiyaara' Movie Review and Box Office Collection Live Updates: The Ahaan Panday, Aneet Padda starrer makes historic Rs 20 crore debut. The Times of India
  9. ↑ (24 March 2017). Nach Baliye: Mahesh Bhatt, Karan Johar are excited about Mohit Suri's TV debut. Hindustan Times
  10. ↑ TNN. (21 November 2018). Mohit Suri and Udita Goswami welcome a baby boy. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (10 May 2022). John Abraham, Arjun Kapoor, Disha Patani, Tara Sutaria starrer Ek Villain Returns gets a new release date; to hit theatres on July 29. বলিউড হাংগামা
  12. ↑ (2024-01-31). Mohit Suri to helm Yash Raj Films' romantic drama. The Indian Express

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ পৰিচালকমহাৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় ব্যক্তিভাৰতৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহিত সূৰী” প্ৰবন্ধৰ সংশোধন ৫২৯৮২২ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।