হেমেৰা (/ˈhemərə/; প্ৰাচীন গ্ৰীক: Ἡμέρα, ইংৰাজী: Hemera; আক্ষৰিক অৰ্থ: 'দিন') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি দিনৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। প্ৰাচীন গ্ৰীক কবি হেচিঅ’ডৰ মতে তেওঁ ইৰেবাছ (অন্ধকাৰ) আৰু নাইক্সৰ (ৰাতি) কন্যা আৰু ইথাৰৰ ভগ্নী। যদিও হেচিঅ'ডৰ থিয়গনিত (Theogony) পৃথক পৃথক সত্তা, হেমেৰা আৰু ইঅ'ছক প্ৰায়ে সলনা সলনিকৈ চিনাক্ত কৰা হৈছিল।১
বংশাৱলী
হেচিঅ'ডৰ থিয়গনিৰ (বংশাৱলী) মতে হেমেৰা আৰু তেওঁৰ ভাতৃ ইথাৰ ইৰেবাছ আৰু নাইক্সৰ সন্তান আছিল।২ বেকিলাইডছৰ মতে হেমেৰা হৈছে ক্ৰ'নাছ (সময়) আৰু নাইক্সৰ কন্যা।৩ হেৰুৱা মহাকাব্য টাইটানোমাচিৰ মতে৪ ইথাৰ আৰু হেমেৰাৰ সন্তান হৈছে ইউৰেনাছ (আকাশ)।৫ কিছুমান বিৰল সংস্কৰণত হেমেৰাক এগৰাকী অজ্ঞাত মাতৃৰ দ্বাৰা হেলিঅ'ছৰ (সূৰ্য্য) কন্যা বুলিও পোৱা যায়।৬৭
উপাসনা
প্ৰাচীন কালত হেমেৰাই বিশেষ স্থান লাভ কৰা নাছিল যদিও প্ৰত্নতাত্ত্বিক সাক্ষ্যত ক'ছ দ্বীপত হেমেৰা আৰু সূৰ্য্যৰ দেৱতা হেলিঅ'ছৰ বাবে এটা সৰু মন্দিৰৰ অস্তিত্ব পোৱা গৈছে।৮
তথ্যসূত্ৰ
- ↑ Tripp, s.v. Hemera; Grimal, s.v. Hemera
- ↑ Hard, p. 24; Gantz, p. 4; Hesiod, Theogony 123–125
- ↑ Bacchylides, Victory Odes 7
- ↑ West 2002, p. 109 says that the Titanomachy was "composed in the late seventh century at the earliest"
- ↑ Grimal, s.v. Uranus; Eumelus fr. 1 (West 2003, pp. 222–225); compare Callimachus, fr. 498. According to Grimal the mother was "doubtless" Hemera, compare with Cicero, De Natura Deorum 3.44, which has Aether and Dies as the parents of Caelus (Sky)
- ↑ Pindar, Olympian Odes 2.32
- ↑ Scholia on Pindar's Olympian Odes 2.58
- ↑ Farnell, p. 419
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেৰা” প্ৰবন্ধৰ সংশোধন ৪৮৯৮৫০ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।