অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থিওন’ (প্ৰটিয়াছৰ কন্যা)

থিওন’ (প্ৰাচীন গ্ৰীক: Θεονόη, ইংৰাজী: Theonoe; আক্ষৰিক অৰ্থ: 'দেৱতাৰ দৰে যাৰ মন') গ্ৰীক শ্ৰুতিকথাৰ আধাৰত এথেন্সৰ নাট্যকাৰ ইউৰিপিডিছৰ দ্বাৰা ৰচিত নাটক হেলেনৰ এটা চৰিত্ৰ। ইজিপ্তৰ ৰজা প্ৰটিয়াছ আৰু নেৰেইড ছামাথেৰ কন্যা হিচাপে তেওঁক উপস্থাপন কৰা হৈছে। তেওঁ বৰ্তমান মিচৰৰ ৰজা থিয়ক্লিমেনাছৰ ভগ্নী আছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

থিওন’ (প্ৰাচীন গ্ৰীক: Θεονόη, ইংৰাজী: Theonoe; আক্ষৰিক অৰ্থ: 'দেৱতাৰ দৰে যাৰ মন') গ্ৰীক শ্ৰুতিকথাৰ আধাৰত এথেন্সৰ নাট্যকাৰ ইউৰিপিডিছৰ দ্বাৰা ৰচিত নাটক হেলেনৰ এটা চৰিত্ৰ। ইজিপ্তৰ ৰজা প্ৰটিয়াছ আৰু নেৰেইড ছামাথেৰ কন্যা হিচাপে তেওঁক উপস্থাপন কৰা হৈছে। তেওঁ বৰ্তমান মিচৰৰ ৰজা থিয়ক্লিমেনাছৰ ভগ্নী আছিল। তেওঁৰ নামৰ অৰ্থ হৈছে "ঈশ্বৰীয় প্ৰজ্ঞা," থিয়ছ (theós) 'দেৱতা' আৰু নোছ (nóos বা noûs) 'মন' শব্দৰ পৰা আহিছে। থিওনোৰ আগৰ নাম আছিল ইডো (Eidothea)।

কিংবদন্তি

ইউৰিপিডিছে বৰ্ণনা কৰা শ্ৰুতিকথা মতে,১ পেৰিছে কেৱল তেওঁৰ স্বামী মেনেলাছৰ পৰা হেলেনৰ এটা কাল্পনিক সত্তাহে অপহৰণ কৰি নিছিল আৰু প্ৰকৃত হেলেনক দেৱতাসকলে ইজিপ্তলৈ লৈ গৈছিল৷ ইজিপ্তত থিয়ক্লিমেনছে তেওঁক বিয়া কৰাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সন্মতি দিয়া নাছিল।২৩ হেলেনৰ ইচ্ছাৰ বিৰুদ্ধে থিওন'ৰ ভাতৃয়ে হেলেনক বিয়া কৰোৱাটো থিওন'ৱে বিচৰা নাছিল আৰু যেতিয়া ইজিপ্তত মেনেলাছৰ মৃত্যু হৈছিল, (ট্ৰয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত সাগৰীয় ধুমুহাত পতিত হৈ), তেওঁ হেলেনক পলায়ন কৰাত সহায় কৰিছিল। থিওক্লিমেনছে থিওন’ক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি মৃত্যুদণ্ডৰ শাস্তি দিয়ে যদিও ডিঅ’স্কুৰী (হেলেনৰ ভাতৃ)সকলে হস্তক্ষেপ কৰি তেওঁৰ জীৱন ৰক্ষা কৰে। কননৰ মতে,৪ থিওন'ৱে মেনেলাছৰ জাহাজৰ ডেকা আৰু সুদৰ্শন নাবিক কেন'পাছৰ প্ৰেমত পৰিছিল;৫ তেওঁ অৱশ্যে তেওঁৰ অনুভৱবোৰ প্ৰকাশ কৰা নাছিল।

তথ্যসূত্ৰ

  1. ↑ Euripides, Helen 865-1029; 1624-1657
  2. ↑ Euripides, The Complete Greek Drama, edited by Whitney J. Oates and Eugene O'Neill, Jr. in two volumes. 2. Helen, translated by Robert Potter. New York. Random House. 1938. Online version at the Perseus Digital Library.
  3. ↑ Euripides, Euripidis Fabulae.vol. 3. Gilbert Murray. Oxford. Clarendon Press, Oxford. 1913. Greek text available at the Perseus Digital Library
  4. ↑ Conon, 8
  5. ↑ Conon, Fifty Narrations, surviving as one-paragraph summaries in the Bibliotheca (Library) of Photius, Patriarch of Constantinople translated from the Greek by Brady Kiesling. Online version at the Topos Text Project.

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থিওন’ (প্ৰটিয়াছৰ কন্যা)” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৭৮ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।