অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছামাথে (নেৰেইড)

ছামাথে (প্ৰাচীন গ্ৰীক: Ψαμάθη, ইংৰাজী: Psamathe) সাগৰ দেৱতা নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ পঞ্চাশগৰাকী কন্যাৰ ভিতৰত এগৰাকী অন্যতম নেৰেইড। আইজিনাৰ ৰজা আইকাছৰ পত্নী আৰু তেওঁলোকৰ পুত্ৰৰ নাম ফকাচ।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছামাথে (প্ৰাচীন গ্ৰীক: Ψαμάθη, ইংৰাজী: Psamathe) সাগৰ দেৱতা নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ পঞ্চাশগৰাকী কন্যাৰ ভিতৰত এগৰাকী অন্যতম নেৰেইড। আইজিনাৰ ৰজা আইকাছৰ পত্নী আৰু তেওঁলোকৰ পুত্ৰৰ নাম ফকাচ। ফকাছক তেওঁৰ সম্পৰ্কীয় ভাতৃ পেলিয়াছ আৰু টেলামনে হত্যা কৰাৰ সময়ত ছমাথে তেওঁলোকৰ সমদলক আক্ৰমণ কৰিবলৈ এটা বিশাল কুকুৰনেছীয়া পঠিয়াই দিছিল।

পৰিয়াল

নেৰিয়াছ আৰু ড'ৰিছৰ কন্যা ছামাথে পঞ্চাশগৰাকী নেৰেইডৰ ভিতৰত অন্যতম।১ এজিনাৰ ৰজা আইকাছৰ ঔৰসত তেওঁৰ ফ'কাছ নামৰ এজন পুত্ৰৰ জন্ম হৈছিল।২ পিছলৈ তেওঁ মিচৰৰ ৰজা প্ৰটিয়াছৰ পত্নী হয়৷ প্ৰটিয়াছৰ পৰা তেওঁৰ এজন পুত্ৰ থিয়ক্লিমেন'ছ আৰু এগৰাকী কন্যা আইডোৰ (পিছলৈ থিয়'ন' নামেৰে জনাজাত) জন্ম হয়।৩

কিংবদন্তি

গ্ৰীক শ্ৰুতিকথাত ছমাথে সম্পৰ্কীয় দুটা কাহিনী পোৱা যায়। প্ৰথমটো হ’ল এজিনাৰ ৰজা আইকাছে তেওঁক কৰা হিংসাৰ কাহিনী। আইকাছৰ পলায়নৰ প্ৰয়াসত তেওঁ নিজকে ছীললৈ ৰূপান্তৰিত কৰিছিল। কিন্তু তেওঁ সফল হ’ব পৰা নাছিল আৰু তেওঁলোকৰ মিলনৰ পৰাই ফ'কাছৰ জন্ম হৈছিল, যাৰ নামে (ফ'কেৰ অৰ্থ "ছীল") মাকৰ ৰূপান্তৰৰ কথা স্মৰণ কৰে।

আইকাছৰ অন্য এগৰাকী পত্নী এণ্ডেইছৰ পুত্ৰ আছিল পেলিয়াছ আৰু টেলামন। দুয়োজনে মিলি তেওঁলোকৰ সতীয়া ভাতৃ ফ'কাছক হত্যা কৰে, আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পিতৃয়ে এজিনাৰ পৰা নিৰ্বাসিত কৰে। দ্বিতীয়টো কাহিনীত ছামাথে তেওঁৰ পুত্ৰৰ মৃত্যুৰ প্ৰতিশোধৰ বাবে পেলেউছৰ দলটোলৈ এটা কুকুৰনেছীয়া পঠিয়াই দিছিল। কুকুৰনেছীয়াটোৱে পেলেউছৰ দলৰ এটা অংশ খাই পেলোৱাৰ পিছত হয় ছামাথে নাইবা থেটিছে তাক এটা শিললৈ ৰূপান্তৰিত কৰে।

তথ্যসূত্ৰ

  1. ↑ March, s.v. Psamathe (1), p. 340. Both Hesiod (থিঅ'গনি 240–62) and Apollodorus (1.2.7) include Psamathe in their list of fifty Nereids, and she is similarly referred to as the "daughter of Nereus" in Hesiod, থিঅ'গনি 1003–5; Apollodorus, 3.12.6; Nicander apud Antoninus Liberalis, 38. Psamathe is one of the few Nereids of individual note, along with Amphitrite, থেটিছ, and Galatea (Gantz, p. 16; Caldwell, [https://archive.org/details/hesiodstheogony00
  2. ↑ Hard, p. 531; Grimal, s.v. Psamathe (1), p. 396; Tripp, s.v. Psamathe, p. 503; Hesiod, থিঅ'গনি 1003–5; Apollodorus, 3.12.6; Nicander apud Antoninus Liberalis, 38; Plutarch, Moralia 311 E (pp. 292, 293) [= FGrHist 145 F6 = [https://scholarlyeditions.brill.com/reader/urn:cts:greekLit:fgrh.0289
  3. ↑ Euripides, Helen, 6–13; Brill's New Pauly, s.v. Psamathe (1); March, s.vv. Eidothea, p. 142, Psamathe (1), p. 340; Tripp, s.vv. Proteus (2), p. 502, Psamathe, p. 503

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামাথে (নেৰেইড)” প্ৰবন্ধৰ সংশোধন ৬১৮০২৯ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।