কেচিঅ’পিয়া (/ˌkæsi.oʊˈpiː.ə/;১ প্ৰাচীন গ্ৰীক: Κασσιόπεια, ইংৰাজী: Cassiopeia) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইথিওপিয়াৰ ৰাণী আৰু ইথিওপিয়াৰ ৰজা চেফিউছৰ পত্নী আছিল। তেওঁ এগৰাকী অহংকাৰী আৰু আত্ম-গৌৰৱী তিৰোতা আছিল আৰু সেয়াই তেওঁৰ পতনৰ সূচনা কৰিছিল৷
পৰিয়াল
কেচিঅ’পিয়াৰ উৎপত্তি সম্পৰ্কে স্পষ্ট তথ্য পোৱা নাযায়। নোনাছে তেওঁক নিম্ফ অপেশ্বৰী বুলি কৈছে,২ আনহাতে ষ্টেফানাছে তেওঁক আইঅ'পে আৰু ইঅ'লাছৰ কন্যা বুলি উল্লেখ কৰিছে, যাৰ নামৰ পৰাই পৰাই জোপ্পা চহৰৰ (Joppa, বৰ্তমান টেল আভিভৰ জাফা চুবুৰী) নামকৰণ কৰা হৈছিল।৩
কিংবদন্তি
কেচিঅ’পিয়াই তেওঁ (বা তেওঁৰ কন্যা এণ্ড্ৰমেডা), সাগৰ দেৱতা নেৰিয়াছৰ অপেশ্বৰী-কন্যা সকলো নেৰেইডছতকৈও অধিক ধুনীয়া বুলি গৌৰৱ কৰিছিল। ইয়াৰ ফলত ইথিওপিয়া ৰাজ্য সাগৰৰ শাসক দেৱতা প'জাইডনৰ আক্ৰোশৰ বলি হ’বলগীয়া হয়।
প'জাইডনে সমগ্ৰ ৰাজ্যখনক বানপানীত বুৰাই পেলোৱাৰ সিদ্ধান্ত লৈছিল নে সাগৰীয় দানৱ চেটাছক দেশখন ধ্বংস কৰিবলৈ নিৰ্দেশ দিছিল সেই সম্পৰ্কে ভিন্ন সংস্কৰণ পোৱা যায়। যিকোনো ক্ষেত্ৰতে নিজৰ ৰাজ্য ৰক্ষা কৰাৰ প্ৰচেষ্টাত চেফিয়াছ আৰু কেচিঅ’পিয়াই এজন জ্ঞানী পুৰোহিতৰ পৰামৰ্শ লয়৷ পুৰোহিতে তেওঁলোকক তেওঁলোকৰ কন্যাক বলি দি সাগৰ দেৱতাক সন্তুষ্ট কৰিলেহে দেশ ৰক্ষা কৰিব পৰা যাব বুলি কয়৷
সেই অনুসৰি এণ্ড্ৰমেডাক সাগৰৰ পাৰত থকা শিল এটাত শিকলিৰে বান্ধি সাগৰীয় দানৱটোৰ হাতত গতাই দিয়া হৈছিল। পাৰ্চিয়াছ আহি চেটাছক হত্যা কৰি এণ্ড্ৰমেডাক ৰক্ষা কৰে আৰু তেওঁক বিয়া কৰায়।
তেতিয়া প'জাইডনে কেচিঅ’পিয়াক শাস্তি স্বৰূপে তেওঁক সিংহাসনত শিকলিৰে বান্ধি আকাশত স্থাপন কৰে। কেচিঅ’পিয়া নক্ষত্ৰমণ্ডলক সেই সিংহাসনৰ সৈতে সম্পৰ্কীত কৰা হয়। কেচিঅ’পিয়া চিত্ৰ সদায় যন্ত্ৰণাৰ সিংহাসনত বান্ধি থোৱা অৱস্থাত অংকন কৰা হোৱা নাই; পিছৰ কিছুমান চিত্ৰত তেওঁক গৌৰৱৰ প্ৰতীক আইনা এখন হাতত লৈ থকা অৱস্থাত, আন কিছুমানত তেওঁৰ হাতত তাল গছৰ ডাল লৈ থকা অৱস্থাত অংকন কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Wells, John C. (1990). Longman pronunciation dictionary. Longman. পৃ. 114. ISBN 0582053838
- ↑ Nonnus, 43.117 ff.
- ↑ Stephanus of Byzantium, s.v. Iope
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেচিঅ’পিয়া (এণ্ড্ৰমেডাৰ মাতৃ)” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৭০ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।