মেটিছ (/ˈmiːtɪs/; প্ৰাচীন গ্ৰীক: Μῆτις, ইংৰাজী: Metis; আক্ষৰিক অৰ্থ: 'প্ৰজ্ঞা', 'দক্ষতা' বা 'শিল্প'), প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী অন্যতম গ্ৰীক অ'চেনিড।১ গ্ৰীক দেৱতাৰ ৰজা জ্যুচৰ উপদেষ্টা আৰু প্ৰথম পত্নী হিচাপে তেওঁ জনাজাত। তেওঁ জ্যুছ আৰু তেওঁৰ ভাতৃ-ভগ্নীসকলক তেওঁলোকৰ পিতৃ ক্ৰনাছৰ পেটৰ পৰা মুক্ত হোৱাত সহায় কৰিছিল আৰু যেতিয়া মেটিছৰ পুত্ৰ জ্যুছতকৈও শক্তিশালী হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল, তেতিয়া গৰ্ভৱতী মেটিছক জ্যুছে গিলি পেলাইছিল৷ তেওঁলোকৰ কন্যা এথেনাক তেওঁ জ্যুছৰ কপালেদি পলায়ন কৰাত সহায় কৰিছিল।
কিংবদন্তি
মেটিছ আছিল এগৰাকী অ'চেনিড অপেশ্বৰী, টাইটান অ'চেনাছ আৰু টেথিছৰ ৩০০০ কন্যাৰ ভিতৰত অন্যতম,২ আৰু ৩০০০ নদী-দেৱতাৰ ভগ্নী৷ মেটিছে জ্যুছক এটা বমিৰ ঔষধ দিছিল যাতে তেওঁৰ পিতৃ ক্ৰ’নাচে গিলি পেলোৱা তেওঁৰ ভাই-ভনীসকলক বমি কৰি উলিয়াই দিব পাৰে।৩ টাইটান আৰু অলিম্পিয়ানসকলৰ মাজত ১০ বছৰ ধৰি চলা টাইটানোমাচি যুদ্ধ জয় কৰাৰ পিছত জ্যুছে মেটিছক অনুসৰণ কৰিছিল আৰু বিয়া পাতিছিল।৪৫
মেটিছ জ্যুছৰ বাবে এক অপৰিহাৰ্য সহায়ক আৰু ভাবুকি দুয়োটাই আছিল।৬ জ্যুছ মেটিছৰ শৰ্যাসংগী হৈছিল যদিও গেইয়া আৰু ইউৰেনাছৰ ভৱিষ্যদ্বাণীৰ বাবে শংকিতও হৈছিল৷ তেওঁলোকে ভৱিষ্যদ্বাণী কৰিছিল যে মেটিছ আৰু জ্যুছে মাকতকৈও জ্ঞানী কন্যা আৰু পিতৃতকৈও শক্তিশালী পুত্ৰৰ জন্ম দিব, যিয়ে অৱশেষত জ্যুছক পদচ্যুত কৰি মহাবিশ্বৰ ৰজা হ'ব।৭ এই পৰিণতিসমূহ প্ৰতিৰোধ কৰিবলৈ জ্যুছে মেটিছক প্ৰতাৰণা কৰি এজনী মাখিলৈ ৰূপান্তৰিত কৰে আৰু তৎক্ষণাত গিলি পেলায়।৮ অৱশ্যে ইতিমধ্যে মেটিছৰ গৰ্ভত প্ৰথম আৰু একমাত্ৰ সন্তান এথেনা আছিল আৰু এথেনা জ্যুছৰ অন্তৰতেই ডাঙৰ-দীঘল হৈছিল। জ্যুছৰ আভ্যন্তৰৰ পৰাই মেটিছে জ্যুছক উপদেষ্টা হিচাপে শাসন কাৰ্যৰ পৰামৰ্শ দি থাকিল।
এথেনা সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পিছত মেটিছে তেওঁৰ বাবে পোছাক, কৱচ, ঢাল আৰু বৰ্শা তৈয়াৰ কৰিছিল৷ সেই বৰ্শা আৰু ঢালেৰে এথেনাই পিতৃৰ ভয়ংকৰ মূৰৰ বিষ হোৱাকৈ ভিতৰৰ পৰা একেলগে খুন্দা মাৰিবলৈ ধৰিছিল। মূৰৰ বিষ সহিব নোৱাৰি জ্যুছে লোৰ দেৱতা হেফেষ্টাছক মাতি আনি ট্ৰাইটন নদীৰ পাৰত মূৰটো ফালি ভিতৰত কি আছে খুলি চাবলৈ দিলে। মাকে তৈয়াৰ কৰা কৱচ পিন্ধি পূৰ্ণাংগ এথেনা জ্যুছৰ মনৰ পৰা ওলাই আহিল। অতি সোনকালেই তেওঁ প্ৰজ্ঞা, যুদ্ধ আৰু শিল্পকৰ্মৰ দেৱী হিচাপে প্ৰতিষ্ঠিত হ’ল।৯
তথ্যসূত্ৰ
- ↑ Hesiod, থিঅ'গনি 357; Smith, s.v. Metis
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 232. ISBN 9780786471119
- ↑ Hesiod, থিঅ'গনি 471; Apollodorus, Bibliotheca 1.2.1; Grimal, s.v. Metis
- ↑ M. Detienne and J.-P. Vernant, Les Ruses de l'intelligence: la Mètis des Grecs (Paris, 1974)
- ↑ Norman O. Brown, "The Birth of Athena" Transactions and Proceedings of the American Philological Association'83' (1952), pp. 130–143
- ↑ Brown 1952:133
- ↑ Hesiod, থিঅ'গনি, 886–900; Hard, p. 77; Caldwell, p. 16; Tripp, s.v. Metis
- ↑ Lang, Andrew. (1901). Myth, Ritual and Religion. Longmans, Green. পৃ. 194, 262–263
- ↑ Hesiod, থিঅ'গনি 929
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেটিছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩১৩৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।