অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাছিথিয়া

পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα, ইংৰাজী: Pasithea, Pasithee বা Pasitheia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী অন্যতম সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী (গ্ৰেচ) আৰু হিপনোছৰ পত্নী আছিল। ননছৰ মহাকাব্য ডাইঅ’নিচিয়াকাত (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা) তেওঁ এফ্ৰোডাইটিৰ তিনি গৰাকী পৰিচাৰিকা গ্ৰেচৰ ভিতৰত অন্যতম অছিল।

হালনাগাদ: ২৪ মাৰ্চ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα, ইংৰাজী: Pasithea, Pasithee বা Pasitheia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী অন্যতম সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী (গ্ৰেচ) আৰু হিপনোছৰ পত্নী আছিল।১ ননছৰ মহাকাব্য ডাইঅ’নিচিয়াকাত (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা) তেওঁ এফ্ৰোডাইটিৰ তিনি গৰাকী পৰিচাৰিকা গ্ৰেচৰ ভিতৰত অন্যতম অছিল।

পিতৃ-মাতৃ

হোমাৰৰ ইলিয়াডত পাচিথিয়াৰ নাম উল্লেখ কৰা হৈছে যদিও হিপ্নোছৰ পত্নী হিচাপে হীৰাৰ নামহে উল্লেখ কৰা হৈছে,২ আৰু তেওঁৰ কোনো স্পষ্ট পিতৃ-মাতৃৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ গ্ৰীক কবি কুইণ্টাছ স্মিৰ্নেয়াছে তেওঁৰ পোষ্টহোমেৰিকাত হিপ্ন'ছ আৰু হীৰাৰ বিবাহৰ জৰিয়তে তেওঁক সম্পৰ্কিত বুলি উল্লেখ কৰিছে, যাৰ ফলত হীৰা পাছিথিয়াৰ মাতৃ হৈ পৰিছে।৩ ডাইঅ'নিচিয়াকাত তেওঁৰ পিতৃৰ নাম ডাইঅ'নিছাছ৪ আৰু পৃথককৈ তেওঁৰ মাতৃৰ নাম হেৰা বুলি কোৱা হৈছে।৫ সমগ্ৰ মহাকাব্যখনৰ মতে এই বিৰোধী দুজন কেনেকৈ তেওঁৰ পিতৃ-মাতৃ হ'ল, সেই কথা ননছে বুজাই দিয়া নাই।৬ ননছেৰ গ্ৰন্থত ডাইঅ'নিছছ আৰু ক'ৰ'নিছক 'তিনি গৰাকী গ্ৰেচ'ৰ পিতৃ-মাতৃ বুলি কোৱা হৈছে, য'ত সম্ভৱতঃ পাছিথিয়াকো অন্তৰ্ভুক্ত কৰা হৈছে।৭৮

শ্ৰুতিকথা

ইলিয়াডত পাছিথিয়াক কনিষ্ঠা চেৰাইট/গ্ৰেচসকলৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। হীৰাই ট্ৰ'জান যুদ্ধৰ কাৰ্য্যৰ পৰা জিউছক সাময়িকভাৱে আঁতৰাই পেলোৱাৰ সহায় বিচাৰি টোপনিৰ দেৱতা হিপনছৰ কাষ চাপে। তেওঁৰ সহায়ৰ বিনিময়ত হীৰাই ষ্টাইক্সৰ ওচৰত শপত খায়, পাছিথিয়াক হিপ্নছৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতি দিয়ে৷ হিপ্নছে তেওঁক সদায় ভাল পাইছিল বুলিও কোৱা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Käppel, Lutz. (1996). Pasithea (2). Der neue Pauly. Altertum: Enzyklopädie der Antike: Band 9. J.B.Metzler. পৃ. 386–387
  2. ↑ Homer, Iliad 14.263–276
  3. ↑ Quintus Smyrnaeus, Posthomerica 5.395–403
  4. ↑ Nonnus, Dionysiaca, 15.91; 16.131–132; 33.10–27
  5. ↑ Nonnus, Dionysiaca, 31.186
  6. ↑ Bogner (1931) p.182
  7. ↑ Nonnus, Dionysiaca 48.555-556
  8. ↑ Vian & Gerlaud (1994) pp. 209-208

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাছিথিয়া” প্ৰবন্ধৰ সংশোধন ৪৯৬৫১৯ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।