অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ষ্টাইক্স

ষ্টাইক্স (/ˈstɪks/; প্ৰাচীন গ্ৰীক: Στύξ [stýks]; ইংৰাজী: Styx, ষ্টাইক্স নদী বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী দেৱী আৰু পাতাল জগতৰ এখন অন্যতম নদী। টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান পালাছৰ পত্নী আৰু জেলাছ, নাইক, ক্ৰাটছ আৰু বিয়াৰ মাতৃ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ষ্টাইক্স (/ˈstɪks/; প্ৰাচীন গ্ৰীক: Στύξ [stýks];১ ইংৰাজী: Styx, ষ্টাইক্স নদী বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী দেৱী আৰু পাতাল জগতৰ এখন অন্যতম নদী। টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷২৩৪ তেওঁ টাইটান পালাছৰ পত্নী আৰু জেলাছ, নাইক, ক্ৰাটছ আৰু বিয়াৰ মাতৃ। টাইটানৰ বিৰুদ্ধে হোৱা যুদ্ধত তেওঁ জ্যুচৰ পক্ষ লৈছিল আৰু ইয়াৰ বাবে তেওঁক সন্মান জনাবলৈ জ্যুছে দেৱতাসকলক ষ্টাইক্সৰ পানীৰ দ্বাৰা শপত খাবলৈ আদেশ দিছিল।৫

পৰিয়াল

গ্ৰীক কাহিনী অনুসৰি অনুসৰি ষ্টাইক্স হৈছে বিশ্বক আগুৰি থকা মহান নদী টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিড কন্যাৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠা।৬ কিন্তু ৰোমান পৌৰাণিক লেখক হাইজিনাছৰ মতে তেওঁ নক্স ("ৰাতি", নাইক্সৰ ৰোমান সমতুল্য) আৰু ইৰেবাছৰ (অন্ধকাৰ) কন্যা।৭

তেওঁ টাইটান পালাছৰ লগত বিয়া হয় আৰু তেওঁৰ দ্বাৰা জেলাছ, নাইক, ক্ৰাটছ, আৰু বিয়াৰ জন্ম হয়।৮ ভূগোলবিদ পৌছানিয়াছে উল্লেখ কৰিছে যে ক্ৰিটৰ এপিমেনিডেছৰ মতে ষ্টাইক্স আছিল ইচিডনা দানৱৰ মাতৃ৷ ইচিডনাৰ পিতৃৰ বিষয়ে কোনো তথ্য নাই হয়তো পেৰিয়াছ হ’ব পাৰে।৯

সাধাৰণতে জ্যুছৰ কন্যা পাতাল-দেৱী পাৰ্চেফোনৰ মাতৃ বুলি ডিমিটাৰক গণ্য কৰা হয়, তথাপি পৌৰাণিক লেখক এপ'ল'ড'ৰাছৰ মতে তেওঁৰ মাতৃ আছিল ষ্টাইক্স। কিন্তু যেতিয়া এপ'ল'ড'ৰাছে পাৰ্চেফোনক অপহৰণ কৰাৰ বিখ্যাত কাহিনীত খঙাল আৰু বিচলিত মাকে পাৰ্চেফোনক বিচাৰি উলিওৱা কাহিনীৰ সৈতে সম্পৰ্ক বিচাৰ কৰা হয়, তেতিয়া সেই মাতৃগৰাকী ডিমিটাৰ বুলি বুজিব পাৰি।

তথ্যসূত্ৰ

  1. ↑ West 2003, p. 53 n. 11
  2. ↑ Hesiod, থিঅ'গনি 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
  3. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  4. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 122. ISBN 9780786471119
  5. ↑ Jost, s.v. Styx; Antoni, s.v. Styx; Grimal, s.v. Styx; Tripp, s.v. Styx; Parada, s.v. Styx; Smith, s.v. Styx
  6. ↑ Grimal, s.v. Styx; Hesiod, থিঅ'গনি 361–362, 775–776; Apollodorus, 1.2.2. Compare with Epimenides, fr. 7 Fowler [= FGrHist F6B = Vorsokr. 3B9], and Homeric Hymn 2 to Demeter (which both have Styx as the daughter of Oceanus without mentioning Tethys); Callimachus, Hymn to Zeus 33–36
  7. ↑ Jost, s.v. Styx; Grimal, s.v. Styx; Hyginus, Fabulae 1.2–1.5
  8. ↑ Gantz, pp. 25–26; Hesiod, থিঅ'গনি 383–385; Apollodorus, 1.2.4; Compare with Hyginus, Fabulae 1.1–17.1–2, which gives the offspring of Pallas and Styx as Scylla, Force, Envy, Power, Victory, Fountains, and Lakes
  9. ↑ Gantz, p. 22; Fowler 2013, p. 9; Pausanias, 8.18.2 [= Epimenides, fr. 7 Fowler] [= FGrHist F6B = Vorsokr. 3B9]. Other authors give other parents for Echidna, see Hesiod, থিঅ'গনি 270–300 (where, according to Athanassakis, p. 44, her parents are "likely" Ceto and Phorcys); Apollodorus, 2.1.2 (Echidna is the daughter of Tartarus and Gaia)

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টাইক্স” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।