অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেমিছ

গ্ৰীক কিংবদন্তি আৰু ধৰ্ম অনুসাৰে থেমিছ (/ˈθiːmɪs/; ইংৰাজী: Themis; আক্ষৰিক অৰ্থ: 'ন্যায়, আইন, প্ৰথা') ন্যায়, ঐশ্বৰিক শৃংখলা, আইন আৰু ৰীতি-নীতিৰ দেৱী তথা ব্যক্তিত্ব। গেইয়া আৰু ইউৰেনাছৰ বাৰজন টাইটান সন্তানৰ ভিতৰত তেওঁ অন্যতম আৰু জ্যুছৰ দ্বিতীয় পত্নী।

হালনাগাদ: ১৭ মাৰ্চ ২০২৫ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গ্ৰীক কিংবদন্তি আৰু ধৰ্ম অনুসাৰে থেমিছ (/ˈθiːmɪs/; ইংৰাজী: Themis; আক্ষৰিক অৰ্থ: 'ন্যায়, আইন, প্ৰথা')১ ন্যায়, ঐশ্বৰিক শৃংখলা, আইন আৰু ৰীতি-নীতিৰ দেৱী তথা ব্যক্তিত্ব। গেইয়া আৰু ইউৰেনাছৰ বাৰজন টাইটান সন্তানৰ ভিতৰত তেওঁ অন্যতম আৰু জ্যুচৰ দ্বিতীয় পত্নী। “অৰেকল অৱ ডেলফি”কে (Oracle of Delphi) ধৰি দৈৱবাণী আৰু ভৱিষ্যদ্বাণীৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। থেমিছৰ প্ৰতীক হৈছে ন্যায়ৰ তুলাচনী (Scales of Justice)।

শ্ৰুতিকথা

থেমিছে অৰেকল এট ডেলফি (Oracle at Delphi) নিৰ্মাণ কৰিছিল আৰু নিজেই ভৱিষ্যতদ্ৰষ্টা আছিল।২ আন এক কিংবদন্তি অনুসৰি থেমিছে গেইয়াৰ পৰা অৰেকল অৱ ডেলফি লাভ কৰিছিল আৰু পিছলৈ ফীবিক দিছিল আৰু তেওঁ নাতি এপ'ল'ক জন্মদিনৰ উপহাৰ হিচাপে দিছিল।৩ ইফ'ৰাছৰ মতে, থেমিছে এপ'ল'ক মানৱজাতিক সহায় কৰাৰ উদ্দেশ্যেৰে অৰাকেলটো বিচাৰি উলিয়াবলৈ সহায় কৰিছিল।৪ অভিডৰ মেটামৰ্ফ'জছৰ ড্ৰাইপৰ কাহিনীত থেমিছে থিবিছত আগন্তুক গৃহযুদ্ধৰ বিষয়ে দেৱতাসকলক সতৰ্ক কৰি দিছিল।৫ আন এটা কাহিনীত তেওঁ জ্যুছ আৰু প'জাইডনক থেটিছক বিয়া নকৰিবলৈ সকীয়াই দিয়ে কাৰণ তেওঁৰ পুত্ৰ পিতৃতকৈ অধিক শক্তিশালী হ'ব।৬ অভিডৰ মতে জ্যুছৰ পৰিৱৰ্তে থেমিছেহে ডিউকেলিয়নক "তেওঁৰ মাতৃ"ৰ হাড়বোৰ কান্ধৰ ওপৰেৰে পেলাই দি জলপ্লাৱনৰ পিছত মানৱজাতিৰ নতুন জাতি এটা সৃষ্টি কৰিবলৈ কৈছিল। লগতে অভিদৰ মতে থেমিছে ভৱিষ্যদ্বাণী কৰিছিল যে জ্যুছৰ এজন পুত্ৰই এটলাছৰ ফলৰ বাগিচাৰ পৰা সোণৰ আপেল চুৰি কৰিব।

হোমাৰৰ ইলিয়াডত তেওঁক জ্যুছে দেৱতাসকলক অলিম্পাছৰ ওপৰত পৰিষদলৈ মাতিবলৈ দায়িত্ব দিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Beekes, s.v. Θέμις, p. 539
  2. ↑ Diodorus Siculus, 5.67.4; Orphic hymn 79
  3. ↑ Aeschylus, Eumenides 1–8; West 1985, p. 174
  4. ↑ Strabo, Geographica 9.3.11 [= FGrHist 70 F31b]; Oxford Classical Dictionary, s.v. Themis
  5. ↑ Ovid, Metamorphoses 9.324–417
  6. ↑ Apollodorus, 3.13.5
  7. ↑ হোমাৰ, ইলিয়াড 20.5

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তিগ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেমিছ” প্ৰবন্ধৰ সংশোধন ৪৯৩০৪৯ (১৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।