অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাৰ্ছি (শ্ৰুতিকথা)

পাৰ্ছি (প্ৰাচীন গ্ৰীক: Πέρση, ইংৰাজী: Perse, আক্ষৰিক অৰ্থ: 'ধ্বংসকাৰী') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁৰ নামটো পাৰ্ছা (Persa), পাৰ্ছাইড (Perseide), পাৰ্ছিয়া (Persea) বা পাৰ্ছেইছ (Perseis) বুলিও বানান কৰা হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাৰ্ছি (প্ৰাচীন গ্ৰীক: Πέρση, ইংৰাজী: Perse, আক্ষৰিক অৰ্থ: 'ধ্বংসকাৰী') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷১২৩ তেওঁৰ নামটো পাৰ্ছা (Persa), পাৰ্ছাইড (Perseide), পাৰ্ছিয়া (Persea)৪ বা পাৰ্ছেইছ (Perseis) বুলিও বানান কৰা হৈছিল।৫ পাৰ্ছি সৌৰ দেৱতা হেলিঅ’ছলৈ বিয়া হৈছিল৷ তেওঁলোকৰ কেইবাজনো সন্তানৰ ভিতৰত যাদুকৰী দেৱী চাৰ্চে (Circe) অন্যতম।

কিংবদন্তি

পাৰ্ছি আছিল সূৰ্য্য দেৱতা হেলিঅ'ছৰ অন্যতম পত্নী।৬৭ হোমাৰ আৰু হেছিঅ'ডৰ মতে, হেলিঅ'ছৰ আৰু তেওঁৰ সন্তান আছিল চাৰ্চে আৰু এইটেছ,৮ পিছৰ লেখকসকলৰ মতে তেওঁলোকৰ সন্তান হৈছে পেছিফে, পাৰ্ছেছ, এল'ইয়াছ, আৰু আনকি কেলিপ্সোৰ কথাও উল্লেখ কৰিছে, কেলিপ্সোক সাধাৰণতে এটলাছৰ কন্যা বুলি কোৱা হয়। পাৰ্ছি আৰু সকলো পোহৰৰ উৎস হেলিঅ'ছৰ সন্তান সকল কিয় ইমান অন্ধকাৰ আৰু ৰহস্যময় হ’ল সেয়া স্পষ্ট নহয়।৯

যেতিয়া এফ্ৰোডাইটিয়ে হেলিঅ'ছক মৰ্ত্যৰ ৰাজকুমাৰী লিউকোথ'ৰ প্ৰেমত পৰিবলৈ অভিশাপ দিছিল, তেতিয়া তেওঁ পাৰ্ছিৰ কথা পাহৰি গৈছিল বুলি কোৱা হয়।১০ তেওঁৰ কন্যা চাৰ্চে আৰু পেছিফাইৰ দৰেই তেওঁক ডাইনী আৰু বনৌষধি আৰু ঔষধৰ জ্ঞানৰ সৈতে জড়িত যেন লাগে।১১১২ তেওঁ হয়তো ডাইনী দেৱী হেকেটৰ সৈতেও জড়িত আছিল, যাক পাৰ্ছেইছ বুলিও কোৱা হৈছিল (যেনেকৈ "পাৰ্ছেছৰ কন্যা") আৰু তেওঁক এটা সংস্কৰণত চাৰ্চেৰ মাতৃ বুলিও কোৱা হয়।১৩১৪

তথ্যসূত্ৰ

  1. ↑ Hesiod, থিঅ'গনি 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
  2. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  3. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 122. ISBN 9780786471119
  4. ↑ Virgil, Ciris 66
  5. ↑ Tzetzes on Lycophron, 798
  6. ↑ Hecataeus of Miletus, fr. 35A Fowler
  7. ↑ Hard, p. 44
  8. ↑ হোমাৰ, ওডিছী 10.135; Hesiod, থিঅ'গনি 956
  9. ↑ Bell, s. v. Perse
  10. ↑ Ovid, Metamorphoses 4.205
  11. ↑ Apollonius of Rhodes, 3.478
  12. ↑ Johannsen, Nina. (2006). Perse(is). Brill's New Pauly. Brill Reference Online
  13. ↑ Diodorus Siculus, 4.45.1
  14. ↑ The Classical Review vol. 9, p. 391

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ছি (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩১৩৮৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।