ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
৬৯ প্ৰবন্ধ
-
ক্ৰেমেনেটছ দুৰ্গ
ক্ৰেমেনেটছ দুৰ্গ (Kremenets'kyi zamok, Kremenecio pilis, zamek w Krzemieńcu) হৈছে ইউক্ৰেইনৰ টেৰ্নোপিল ওব্লাষ্টৰ ক্ৰেমেনেটছ চহৰত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ। এই দুৰ্গটো এটা থিয় পাহাৰৰ ওপৰত মূলতঃ চুনাপাথৰেৰে নিৰ্মাণ কৰা হৈছিল।
-
খেৰ্চনেচাছ
খেৰ্চনেচাছ (ইংৰাজী: Chersonesus) বা মধ্যযুগীয় গ্ৰীক ভাষাত সংকুচিত ৰূপত খেৰ্চন আছিল এখন প্ৰাচীন গ্ৰীক উপনিৱেশ, যিখন প্ৰায় ২,৫০০ বছৰ পূৰ্বে ক্ৰিমিয়া উপদ্বীপৰ দক্ষিণ-পশ্চিম অংশত প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত বিথিনিয়াৰ হাৰাক্লিয়া পোণ্টিকাৰ উপনিৱেশকাৰীসকলে এই উপনিৱেশখন স্থাপন কৰিছিল।
-
খোটিন দুৰ্গ
খোটিন দুৰ্গ (Khotyn Fortress) হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ চেৰ্নিভ্চি অব্লাষ্ট (প্ৰদেশ)ৰ খোটিনৰ ডনিষ্টাৰ নদীৰ সোঁপাৰত অৱস্থিত এটা দুৰ্গযুক্ত কমপ্লেক্স। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনৰ মল'টভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে…
-
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক অৰ্থাৎ উঝোকৰ চেইণ্ট মাইকেল আৰ্চেঞ্জেল গীৰ্জা (St. Michael Church) ১৭৪৫ চনত ইউক্ৰেইনৰ উঝোক নামৰ এক উপকণ্ঠ অঞ্চলত নিৰ্মাণ কৰা হৈছিল। এই ঐতিহাসিক গাঁথনিটো তিনিটা কাঠৰ নেভ আৰু ইটাৰে নিৰ্মিত এটা ধৰ্মীয় কোঠাৰে গঠিত।
-
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া অৰ্থাৎ ইয়াচিনিয়াৰ লৰ্ডছ এচেনচন গীৰ্জা (Church of the Ascension; ইউক্ৰেইনীয়ান: Вознесенська церква) হ’ল ইউক্ৰেইনৰ জাকৰপাতীয়া ওব্লাষ্টৰ ৰাখিভ ৰায়ঁৰ অন্তৰ্গত ইয়াচিনিয়াত অৱস্থিত এটা ঐতিহাসিক কাঠৰ গীৰ্জা।
-
চাৰ্চ অৱ দ্য হলি স্পিৰিট (ৰোহাটিন)
ৰোহাটিনৰ হলি স্পিৰিট গীৰ্জা (ৰোহাটিন হলি স্পিৰিট গীৰ্জা; অধিক সঠিক নাম চাৰ্চ অৱ দ্য ডেচেণ্ট অৱ দ্য হলি স্পিৰিট, যিটো গীৰ্জাৰ ইকন'ষ্টেছিছত এইদৰে উল্লেখ কৰা হৈছে) হৈছে ইউক্ৰেইনৰ ইভানো-ফ্ৰাংকিভস্ক অব্লাষ্টৰ ৰোহাটিন চহৰত অৱস্থিত এখন ঐতিহাসিক কাঠৰ গীৰ্জা।
-
ছফিয়িভকা উদ্যান
ছফিয়িভকা উদ্যান (Sofiyivka Park; ইউক্ৰেইনীয়: Софіївський парк) বা ছোফিয়িভকাপাৰ্ক (ইউক্ৰেইনীয়: Парк «Софіївка»; পোলিছ: Park Zofiówka) হৈছে এক বৃক্ষ উদ্যান (উদ্ভিদ উদ্যানৰ ধৰণৰ) আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এক বৈজ্ঞানিক-গৱেষণা প্ৰতিষ্ঠান (NASU-ৰ জীৱবিজ্ঞান বিভাগ)।
-
ছেইণ্ট জৰ্জ কেথেড্ৰেল, লভিভ
ছেইণ্ট জৰ্জ কেথেড্ৰেল (ইউক্ৰেনীয়: Собор святого Юра, ৰোমানীকৰণ: Sobor sviatoho Yura) হৈছে পশ্চিম ইউক্ৰেইনৰ ঐতিহাসিক ৰাজধানী লভিভ চহৰত অৱস্থিত এখন বেৰোক-ৰক’ক’ শৈলীৰ কেথেড্ৰেল। এই চহৰখনৰ দিশ উন্মোচিত কৰা এটা পাহাৰৰ ওপৰত ১৭৪৪-১৭৬০ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য কৰা হৈছিল।
-
জবাৰাজ অৱৰোধ
জবাৰাজ অৱৰোধ বা জবাৰাজৰ যুদ্ধ আছিল ১৬৪৯ চনৰ ১০ জুলাইৰপৰা ২২ আগষ্টলৈ সংঘটিত খেমেলনিটস্কি বিদ্ৰোহৰ এক গুৰুত্বপূৰ্ণ সামৰিক ঐতিহাসিক অধ্যায়। বৰ্তমানৰ ইউক্ৰেইনৰ জবাৰাজ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত এই ঐতিহাসিক যুদ্ধখন সংঘটিত হৈছিল।
-
টেৰেবোভ্লিয়া দুৰ্গ
টেৰেবোভ্লিয়া দুৰ্গ (ইংৰাজী: Terebovlia Castle) হৈছে পশ্চিম ইউক্ৰেইনৰ টেৰেবোভ্লিয়া চহৰত অৱস্থিত ১৭ শতিকাৰ এটা ধ্বংসপ্ৰাপ্ত দুৰ্গ। এই ধ্বংসাৱশেষসমূহ গ্নীজনী কেনিয়নৰ কাষত, চেৰেট নদীৰ মুখৰ ওচৰত অৱস্থিত।
-
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল, ওডেছা
ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল (( Transfiguration Cathedral); ইউক্ৰেইনীয়: Спасо-Преображенський собор) ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা অৰ্থডক্স কেথেড্ৰেল। ই যীচুৰ ৰূপান্তৰৰ বাবে উৎসৰ্গিত আৰু ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট)ৰ অন্তৰ্গত।
-
ডেচেণ্ট অৱ দ্য হলি স্পিৰিট চাৰ্চ
ডেচেণ্ট অৱ দ্য হলি স্পিৰিট চাৰ্চ (ইউক্ৰেইনীয়ান: Церква Зіслання Святого Духа) হৈছে ইউক্ৰেইনৰ প'টেলিচ গাঁৱত অৱস্থিত এটা কাঠৰ গীৰ্জা। গীৰ্জাটো ১৫০২ চনত নিৰ্মাণ কৰা হৈছিল। ই লভিভ অব্লাষ্টৰ আটাইতকৈ পুৰণি কাঠৰ গীৰ্জা আৰু গালিচিয়ান স্থাপত্য তথা স্মাৰক-শিল্পৰ এক উল্লেখযোগ্য নিদৰ্শন।
-
ড্ৰ'বিটস্কি য়াৰ
ড্ৰ’বিটস্কি য়াৰ (ইউক্ৰেইনীয়ান: Дробицький Яр, ইংৰাজী: Drobytsky Yar) হৈছে ইউক্ৰেইনৰ খাৰ্কিভ চহৰত অৱস্থিত এটা গিৰিখাত বা দ’ খাৱৈ। ইউক্ৰেইনত হ’ল’ক’ষ্ট (Holocaust) বা ইহুদী নিধণযজ্ঞৰ সময়ত এই স্থানত নাজীসকলে ভয়াবহ গণহত্যাকাণ্ড সংঘটিত কৰিছিল।
-
তাৰাছ পাহাৰ
তাৰাছ পাহাৰ (ইউক্ৰেইনীয়: Тарасова гора) বা চেৰনেচা হোৰা (Чернеча гора, অৰ্থাৎ "সন্ন্যাসীৰ পাহাৰ") হৈছে ইউক্ৰেইনৰ কানিভ চহৰৰ সমীপত দ্নীপাৰ নদীৰ পাৰত অৱস্থিত এখন পাহাৰ। ই শ্বেভচেংক’ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু সাংস্কৃতিক স্থান।
-
দেৰ্জপ্ৰম
দেৰ্জপ্ৰম (ইউক্ৰেইনীয়ান: Держпром) বা গোচপ্ৰম (Госпром) হৈছে ইউক্ৰেইনৰ খাৰ্কিভত অৱস্থিত ফ্ৰিডম স্কোৱাৰত থকা এটা কাৰ্যালয় ভৱন। কনষ্ট্ৰাক্টিভিষ্ট শৈলীত নিৰ্মিত এই ভৱনটো ১৯২৮ চনত সম্পূৰ্ণ হোৱাৰ পিছত ছোভিয়েট ইউনিয়নৰ প্ৰথমটো আধুনিক আকাশচুম্বী ভৱন আছিল।
-
পটেমকিন চিৰি
পটেমকিন চিৰি, পটেমকিন খোপ (ইউক্ৰেইনীয়ান: Потьомкінські сходи, ৰোমানীকৃত: Potiomkinski skhody; ৰাছিয়ান: Потёмкинская лестница) বা আনুষ্ঠানিকভাৱে প্ৰাইমৰ্চি চিৰি হৈছে ইউক্ৰেইনৰ ওডেছাত অৱস্থিত এটা বিশাল খটখটী বা চিৰি।
-
পপোভ মেনৰ হাউচ
ভাচিলিভকা ঐতিহাসিক আৰু স্থাপত্য সংগ্ৰহালয়-সংৰক্ষিত ক্ষেত্ৰ "পপোভ মেনৰ হাউচ" (Vasylivskyi istoryko-arkhitekturnyi muzei-zapovidnyk "Sadyba Popova", ইয়াক ভাচিলিভকা দুৰ্গ বুলিও জনা যায়) হৈছে ইউক্ৰেইনৰ ভাচিলিভকা চহৰৰ ওচৰত ১৮৬৪ চনৰ পৰা ১৮৮৪ চনৰ ভিতৰত জেনেৰেল ভাসিলি ষ্টেপানোভিচ পপোভৰ নাতি ভাসিলি পপোভ…
-
পালানোক দুৰ্গ
পালানোক দুৰ্গ (Palanok Castle) বা মুকাচেভো দুৰ্গ হৈছে পশ্চিম ইউক্ৰেইনৰ জাকাৰপাটিয়া অব্লাষ্ট (প্ৰদেশ)ৰ মুকাচেভো চহৰৰ এটা ঐতিহাসিক দুৰ্গ। পালানোক দুৰ্গ অতি সযতনে সংৰক্ষণ কৰা হৈছে, আৰু ই ৬৮ মিটাৰ (২২৩ ফুট) উচ্চতা, পূৰ্বতে আগ্নেয়গিৰিৰ পাহাৰত অৱস্থিত।
-
পুৰণি চহৰ (লভিভ)
লভিভৰ পুৰণি চহৰ (Lviv's Old Town) হৈছে ইউক্ৰেইনৰ লভিভ অব্লাষ্ট (প্ৰদেশ)ত অৱস্থিত লভিভ চহৰৰ ঐতিহাসিক কেন্দ্ৰ। ১৯৭৫ চনত ইয়াক ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষিত এলেকা হিচাপে স্বীকৃতি দিয়া হয়।লাভিভৰ পুৰণি চহৰখন এক গুৰুত্বপূৰ্ণ ঐতিহাসিক কেন্দ্ৰ, যিখনে ১৯৯৮ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে…
-
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ পোলেণ্ড আৰু ইউক্ৰেইনত অৱস্থিত কাঠেৰে নিৰ্মিত পূব অৰ্থডক্স গীৰ্জা আৰু গ্ৰীক কেথলিক গীৰ্জাসমূহৰ এটা গোট। এই গীৰ্জাসমূহ ২০১৩ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
প্ৰাচীন হালিচ
প্ৰাচীন হালিচ ( ancient Halych) হৈছে পশ্চিম ইউক্ৰেইনৰ হালিচ, ক্ৰাইলছ, শ্বেভচেনকোভে, বিলশ্বিভ্চি আৰু জালুকভা অঞ্চলত অৱস্থিত এটা ৰাষ্ট্ৰীয় স্থাপত্য-ঐতিহাসিক সংৰক্ষণ। এই স্থানত প্ৰাচীন হালিচ আৰু ইয়াৰ আশে-পাশে থকা একাদশ শতিকাৰ পৰা ১৭ শতিকাৰ ঐতিহাসিক অট্টালিকা আৰু কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
প্ৰিমৰ্স্কি বুলেভাৰ্ড
প্ৰিমৰ্স্কি বুলেভাৰ্ড (Приморський бульвар), ইয়াক ইয়াৰ ৰাছিয়ান ভাষাৰ নাম প্ৰিমোৰ্স্কি বুলেভাৰ্ড (Приморский бульвар) বুলিও জনা যায়, হৈছে ইউক্ৰেইনৰ ওডেছাৰ ঐতিহাসিক কেন্দ্ৰত অৱস্থিত এটা পথ।
-
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা ( Refectory Church of the Holy Apostle and Evangelist John the Theologian) ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা ছেইণ্ট মাইকেলৰ সোণালী-গম্বুজযুক্ত মঠৰ ভোজনালয় গীৰ্জা। গীৰ্জাটো ধৰ্মতত্ত্ববিদ যোহনৰ নামত উৎসৰ্গিত।
-
বুকোভিনা আৰু ডালমেটিয়ান মেট্ৰ'পলিটানসকলৰ বাসভৱন
বুকোভিনা আৰু ডালমেটিয়ান মেট্ৰ'পলিটানসকলৰ বাসভৱন (Residence of Bukovinian and Dalmatian Metropolitans, Rezydentsiia mytropolytiv Bukovyny i Dalmatsii) ইউক্ৰেইনৰ চেৰ্নিভ্ছিত অৱস্থিত।
-
বেৰেজিল থিয়েটাৰ
বেৰেজিল থিয়েটাৰ (Театр «Березіль») (১৯২২–১৯৩৩) আছিল ছোভিয়েট ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ চৰকাৰী পুঁজিৰে পৰিচালিত নাট্যশালা। কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ নাট্য পৰিচালক লেছ কুৰ্বাছে এই নাট্যদলটো প্ৰতিষ্ঠা কৰিছিল।
-
বেৰেস্তোভেৰ ত্ৰাণকৰ্তা গীৰ্জা
বেৰেস্তোভেৰ ত্ৰাণকৰ্তা গীৰ্জা (Church of the Saviour at Berestove, Tserkva Spasa na Berestovi) ইউক্ৰেইনৰ কিইভ পেচাৰ্ছক লাভ্ৰাৰ ঠিক উত্তৰে বেৰেস্তোভে নামৰ অঞ্চলত অৱস্থিত এখন গীৰ্জা। গীৰ্জাখন লাভ্ৰাৰ দুৰ্গ প্ৰাচীৰৰ বাহিৰত অৱস্থিত।
-
ভ'ৰণ্টছভ প্ৰাসাদ, আলুপকা
ভ'ৰণ্টছভ প্ৰাসাদ (ইউক্ৰেইনীয়ান: Воронцовський палац; Vorontsovskiy Dvorets) বা আলুপকা প্ৰাসাদ হৈছে ইউক্ৰেইনৰ ক্ৰিমিয়া স্বায়ত্বশাসিত প্ৰজাতন্ত্ৰৰ আলুপকা চহৰৰ ওচৰৰ ক্ৰিমিয়া পৰ্বতমালাৰ পাদদেশত অৱস্থিত এটা ঐতিহাসিক প্ৰাসাদ।
-
ভলোদিমিৰিভকা প্ৰত্নস্থান
ভলোদিমিৰিভকা প্ৰত্নস্থান (ইউক্ৰেইনীয়ান: Володимирівка; Владимировка) ইউক্ৰেইনৰ কিৰোভোহ্ৰাদ অঞ্চলৰ ভলোদিমিৰিভকা গাঁৱৰ ওচৰত ছিনিউহা নদীৰ কাষত অৱস্থিত ট্ৰিপিলিয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নস্থান।
-
ভেৰ্টেবা গুহা
ভেৰ্টেবা গুহা (ইউক্ৰেইনীয়ান: Печера Вертеба) হৈছে ইউক্ৰেইনৰ টাৰ্নোপিল ওব্লাষ্টৰ চৰ্টকিভ ৰায়নকে ধৰি বিলচে-জোলোটে গাঁৱৰ ওচৰত অৱস্থিত এখন কাৰ্ষ্টিক গুহা। এই গুহাটো পোডোলিয়ান অপলেণ্ড নামেৰে জনাজাত এক ওখ মালভূমিৰ ওপৰত আৰু চেৰেট নদীৰ ওচৰত অৱস্থিত। এই অঞ্চলত থকা কেইবাটাও জিপচাম গুহাৰ ভিতৰত ই অন্যতম।
-
মানগুপ
__NOTOC__ মানগুপ (Мангуп; ইউক্ৰেইনীয়ান: Мангуп; ৰোমানীকৃত: Manhup; ক্ৰিমিয়ান টাটাৰ: Mangup), যাৰ আন এটা নাম মানগুপ কালে (তুৰ্কী ভাষাত 'কালে' মানে "দুৰ্গ"), হৈছে ক্ৰিমিয়াত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ। এই ঠাইখন সেভাষ্টোপল (প্ৰাচীন খাৰ্ছনেছুচ)ৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ পূবে এখন মালভূমিত অৱস্থিত।