ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
৬৯ প্ৰবন্ধ
-
মাৰিইনস্কি প্ৰাসাদ
মাৰিইনস্কি প্ৰাসাদ ( Mariinskyi Palace) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ। ইউক্ৰেইনৰ কিইভৰ ড্নিপ্ৰ’ নদীৰ সোঁপাৰত ইউক্ৰেইনৰ সংসদ ভেৰখ’ভনা ৰাডাৰ নব্য ধ্ৰুপদী ভৱনৰ কাষতে অৱস্থিত এলিজাবেথৰ বেৰক ৰাজপ্ৰসাদটো।
-
মেদঝিবিঝ দুৰ্গ
মেদঝিবিঝ দুৰ্গ ( Medzhybizh Fortress) ইউক্ৰেইনৰ মেদঝিবিঝ চহৰত দক্ষিণ বাগ আৰু বুঝক নদীৰ সংগমস্থলীত অৱস্থিত। এই আকৰ্ষণীয় দুৰ্গটোত বিভিন্ন যুগৰ স্থাপত্য শৈলী আৰু প্ৰতিৰক্ষামূলক স্থাপত্যৰ বৈশিষ্ট্য আছে।
-
লিভাডিয়া প্ৰাসাদ
লিভাডিয়া প্ৰাসাদ (ইউক্ৰেইনীয়ান: Ливадийский дворец; Лівадійський палац) হৈছে ৰাছিয়াৰ শেষ সম্ৰাট (জাৰ) নিকোলাছ দ্বিতীয় আৰু তেওঁৰ পৰিয়ালৰ ক্ৰিমিয়াৰ লিভাডিয়াত থকা এক প্ৰাক্তন গ্ৰীষ্মকালীন জিৰণি চ’ৰা। ১৯৪৫ চনত ইয়াতেই ঐতিহাসিক য়াল্টা সন্মিলন অনুষ্ঠিত হৈছিল।
-
শ্বাৰিভকা প্ৰাসাদ
শ্বাৰিভকা প্ৰাসাদ (ইউক্ৰেইনীয়ান: Шарівський палац) হৈছে ১৯শ শতিকাৰ শেষভাগত নিৰ্মিত নৱ-গথিক শৈলীৰ এটা বগা-পাথৰৰ ভৱন। ই ইউক্ৰেইনৰ খাৰকিভ অঞ্চলৰ বোহোদুখিভ ৰাইঅ'নৰ শ্বাৰিভকাত অৱস্থিত। ইয়াক শ্বাৰিভকা দুৰ্গ, চেনি দুৰ্গ আৰু শ্বাৰিভকাৰ মুকুতা বুলিও কোৱা হয়।
-
শ্বেনবৰ্ন প্ৰাসাদ (বেৰেগভাৰ)
বেৰেগভাৰ চিকাৰ ভৱন (ইউক্ৰেইনীয়ান: Палац графів Шенборнів; জাৰ্মান: Schloss Beregvár বা Jagdchloss Beregvár) হৈছে এক নৱ-ৰোমাণ্টিক শৈলীৰ প্ৰাসাদ। ই ইউক্ৰেইনৰ জাকাৰপেটিয়া অব্লাষ্টৰ মুকাচেভো ৰায়মৰ অন্তৰ্গত চিনাদিওভোৰ কাৰ্পেটি নামৰ ঠাইত অৱস্থিত।
-
শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল
শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল (Shevchenko National Reserve) হৈছে ইউক্ৰেইনৰ কানিভ চহৰৰ ওচৰত অৱস্থিত এটা ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত অঞ্চল। ইউক্ৰেইনৰ বিখ্যাত কবি তাৰাছ শ্বেভচেংকোৰ সমাধি আৰু তেওঁৰ স্মৃতিৰ প্ৰতি উৎসৰ্গিত এটা সংগ্ৰহালয়ৰ বাবে এই সংৰক্ষিত অঞ্চলটো বিশেষভাৱে পৰিচিত।
-
ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক
ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক (ইংৰাজী: Struve Geodetic Arc) হৈছে নৰৱেৰ হামাৰফেষ্টৰ পৰা কৃষ্ণ সাগৰলৈকে বিস্তৃত জৰীপ ত্ৰিভুজকৰণ (triangulations)-ৰ এটা শৃংখল। ই ১০খন দেশ অতিক্ৰম কৰি 2820 কি.মি. জুৰি বিস্তৃত হৈ আছে, যিয়ে এটা মেৰিডিয়ান আৰ্কৰ প্ৰথম সঠিক জোখ প্ৰদান কৰিছিল।
-
স্বিয়াতোহিৰস্ক লাভ্ৰা
পবিত্ৰ পৰ্বতমালাৰ ধৰ্মীয় ডৰ্মিচন লাভ্ৰা (ইউক্ৰেইনীয়ান: Свято-Успенська Святогірська Лавра, স্বিয়াতোহিৰস্ক লাভ্ৰা বা স্বিয়াতোহিৰস্ক গুহা মঠ) হৈছে চিভেৰস্কি ডনেটছ নদীৰ থিয় সোঁপাৰত অৱস্থিত এটা অন্যতম প্ৰধান অৰ্থডক্স খ্ৰীষ্টান মঠ।
-
হ্ৰিহোৰি স্কোভ'ৰ'ডা সাহিত্যিক স্মৃতি সংগ্ৰহালয়
হ্ৰিহোৰি স্কোভ'ৰ'ডা ৰাষ্ট্ৰীয় সাহিত্যিক স্মৃতি সংগ্ৰহালয় (Національний літературно-меморіальний музей Г. С. Сковороди) হৈছে ইউক্ৰেইনৰ খাৰ্কিভ ওব্লাষ্টৰ স্কোভ'ৰ'ডেনিভকা গাঁৱত অৱস্থিত এটা ঐতিহাসিক সংগ্ৰহালয়।