বেৰেজিল থিয়েটাৰ (Театр «Березіль») (১৯২২–১৯৩৩) আছিল ছোভিয়েট ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ চৰকাৰী পুঁজিৰে পৰিচালিত নাট্যশালা।১ কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ নাট্য পৰিচালক লেছ কুৰ্বাছে এই নাট্যদলটো প্ৰতিষ্ঠা কৰিছিল। এই এভাং-গাৰ্ড (avant-garde) নাট্যদলটোৰ নাম ইউক্ৰেইনীয় ভাষাৰ ‘মাৰ্চ’ মাহৰ (ইউক্ৰেইনীয়ান: березень, উচ্চাৰণ: বেৰেজেন) নামেৰে ৰখা হৈছিল, যিটো বসন্তৰ প্ৰথম মাহ আৰু ইয়াক নবীকৰণৰ সময় হিচাপে গণ্য কৰা হয়। কুৰ্বাছে এই ভাবধাৰাক ভাৱবাদ (Impressionism), প্ৰতীকবাদ (Symbolism) আৰু পৰীক্ষামূলক ধাৰাৰ সৈতে একত্ৰিত কৰিছিল।২৩ তেওঁৰ মতে, "বেৰেজিলৰ প্ৰযোজনাসমূহৰ মূল লক্ষ্য আছিল কথা, চলাচল, অংগী-ভংগী, সংগীত, পোহৰ আৰু আলংকাৰিক শিল্পক এটা ছন্দ বা সৰল, নাট্যময় ভাষাত সংশ্লেষণ কৰা, যাৰ ভিত্তি আছিল এই বিশ্বাস যে নাট্যশালাই জীৱনক প্ৰতিফলিত কৰাতকৈ ইয়াক গঢ় দিয়ে।"৪ ১৯২০ চনত এটা সফল প্ৰদৰ্শনৰ সাৰাংশ দি তেওঁ কৈছিল: "এনে কিছুমান লোক আছিল যিয়ে আমাৰ বাবে কান্দিছিল। কিছুমানে ভাবিছিল যে কেৱল আমাৰ প্ৰদৰ্শনেই তেওঁলোকক সচেতন ইউক্ৰেইনীয় কৰি তুলিছে।"৩
প্ৰথম অৱস্থাত এই নাট্যদলটো কিয়েভত আছিল যদিও ১৯২৬ চনত ই খাৰ্কিভলৈ স্থানান্তৰিত হয়।৫ ইয়াক বেৰেজিল আৰ্টিষ্টিক অৰ্গেনাইজেশ্যন (BAA) বুলিও জনা গৈছিল।
ইয়াৰ চৰম সফলতাৰ সময়ত বেৰেজিলত ছয়টা অভিনেতা ষ্টুডিঅ’ (তিনিটা কিয়েভত, এটা বিল্লা চেৰ্কভা, এটা বৰীছপিল আৰু এটা ওডেশ্বাত), প্ৰায় ৪০০ গৰাকী অভিনেতা আৰু কৰ্মচাৰী, এটা পৰিচালক লেব, এটা ডিজাইন ষ্টুডিঅ’, এটা নাট্য সংগ্ৰহালয় আৰু দহখন কমিটি অন্তৰ্ভুক্ত আছিল; যাৰ ভিতৰত এটা ‘চাইকো-টেকনিক্যাল’ কমিটিও আছিল যিয়ে অভিনেতা আৰু পৰিচালকসকলৰ বাবে নতুন শিক্ষণ পদ্ধতি বিকশিত কৰিবলৈ ব্যৱহাৰিক মনোবিজ্ঞান প্ৰয়োগ কৰিছিল।৪ এই সংগঠনে বেৰিকেডছ অৱ থিয়েটাৰ (ইউক্ৰেইনীয়ান: Barykady teatru) আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল আৰু লগতে মিউজিয়াম কমিছন গঠন কৰিছিল, যিয়ে ইউক্ৰেইনীয় নাট্যশালাৰ ইতিহাসৰ দস্তাবেজ সংগ্ৰহ কৰি এটা সংগ্ৰহালয় গঢ়ি তুলিছিল — যিটো বৰ্তমান ইউক্ৰেইনৰ থিয়েটাৰ, সংগীত আৰু চিনেমা সংগ্ৰহালয় হিচাপে পৰিচিত।৩
১৯২৫ চনত পেৰিছত অনুষ্ঠিত ‘ইণ্টাৰনেচনেল একজিবিচন অৱ মডাৰ্ণ ডেকোৰেটিভ এণ্ড ইণ্ডাষ্ট্ৰিয়েল আৰ্টছ’ (আৰ্ট ডেকো) মেলাত বেৰেজিলৰ মঞ্চসজ্জাৰ বাবে ভাডিম মেলাৰক স্বৰ্ণ পদক প্ৰদান কৰা হয়। ১৯২৭ চনত কুৰ্বাছ আৰু বেৰেজিল থিয়েটাৰে ইউক্ৰেইনীয় নাট্যকাৰ মিকোলা কুলিছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। কুলিছৰ শেষ নাটক মাক্লেনা গ্ৰাছা মঞ্চস্থ হোৱাৰ পিছত, কুৰ্বাছক ছোভিয়েট চৰকাৰৰ কমিছাৰিয়েট অৱ এনলাইটেনমেণ্টৰ দ্বাৰা নিৰ্বাসনলৈ পঠোৱা হয়।৬
এই নাট্যশালা ভৱনটো বৰ্তমান খাৰ্কিভ ইউক্ৰেইনীয় ড্ৰামা থিয়েটাৰ (যাৰ আন এটা নাম তাৰাছ শ্বেভচেংকো খাৰ্কিভ একাডেমী ইউক্ৰেইনীয় ড্ৰামা থিয়েটাৰ) দ্বাৰা ব্যৱহাৰ কৰা হয়। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্যশালাখনত দুখন মঞ্চ আছে: আটাইতকৈ ডাঙৰ মঞ্চখনত ৯০০খন আসন আছে আৰু আনখন "বেৰেজিল সৰু মঞ্চ" নামেৰে জনাজাত, য’ত ১১৫খন আসন আছে।৭৮ ইয়াৰ ঐতিহাসিক সংগ্ৰহসমূহ বৰ্তমান কিয়েভ-পেচাৰস্ক লাভ্ৰাত (ভৱন ২৪) সংৰক্ষিত হৈ আছে।৯
নিৰ্বাচিত প্ৰযোজনাসমূহ
- হেজ (Gas), ১৯২২, লেখক: জৰ্জ কাইজাৰ৭
- মেকবেথ, ১৯২৪, লেখক: ৱিলিয়াম শ্বেইক্সপিয়াৰ১০
- ডান্স অৱ নাম্বাৰ্ছ, ১৯২৭, পৰিচালক: লেছ কুৰ্বাছ, মঞ্চসজ্জা: ভাডিম মেলাৰ১১
- নাৰোদনী মালাখী (The People’s Malakhii), ১৯২৭, লেখক: মিকোলা কুলিছ৭
- সোণাতা পেথেটিক, লেখক: মিকোলা কুলিছ১২
- মাক্লেনা গ্ৰাছা, ১৯৩৩, লেখক: মিকোলা কুলিছ৭
বাহ্যিক সংযোগ
- ইউক্ৰেইনৰ বিশ্বকোষত বেৰেজিল থিয়েটাৰৰ বিৱৰণ (ইংৰাজী ভাষাত)
- বেৰেজিল: সময়ৰ আগশাৰীৰ এখন ইউক্ৰেইনীয় থিয়েটাৰ (চুটি ভিডিঅ’) (ইংৰাজী ভাষাত)
- অপেন কুৰ্বাছ: এইটো ইউক্ৰেইনৰ থিয়েটাৰ, সংগীত আৰু চিনেমা সংগ্ৰহালয়ৰ এটা ডিজিটেল সংগ্ৰহ প্ৰকল্প। ইয়াৰ উদ্দেশ্য হৈছে ২০ শতিকাৰ বিখ্যাত পৰিচালক লেছ কুৰ্বাছৰ সৈতে জড়িত ১২,০০০ সংগ্ৰহালয়ৰ সামগ্ৰী ডিজিটাইজ কৰা আৰু দ্বিভাষিক (ইউক্ৰেইনীয়ান আৰু ইংৰাজী ভাষা) ৱেবছাইটৰ জৰিয়তে মুকলি কৰি দিয়া।
তথ্যসূত্ৰ
- ↑ (2022-07-24). Ukrainian Theater on the Soviet Stage · Origins. origins.osu.edu
- ↑ Music of Ukraine. Encyclopædia Britannica
- ↑ Les Kurbas and his theatre "Berezil". What is the Phenomenon?:: Svidomi. svidomi.in.ua
- ↑ Berezil. www.encyclopediaofukraine.com
- ↑ Fowler, Mayhill C. (2015). Les' Kurbas and the Berezil' Theatre: Archival Documents (1927-1988). East/West: Journal of Ukrainian Studies. পৃ. 191
- ↑ Berezil’ Theater (БЕРЕЗІЛЬ) - Routledge Encyclopedia of Modernism. www.rem.routledge.com
- ↑ Fowler, Mayhill C. (September 5, 2016). Berezil' Theater (БЕРЕЗІЛЬ). Routledge Encyclopedia of Modernism. ISBN 9781135000356
- ↑ Berezil Theater. Open Kurbas
- ↑ Театр ім. Т.Г. Шевченка. www.theatre-shevchenko.com.ua
- ↑ Shurma, Svitlana. (2020). 'I choose March': Les Kurbas, Avant-garde Berezil and Shakespeare: review of Irena R. Makaryk's Shakespeare in the Undiscovered Bourn (2004). Theatralia. পৃ. 163–167
- ↑ Smolenska, Svitlana. (2019). Avant-garde architecture and art of the 1920s-1930s in Ukraine and European modernism: interpenetration methods.. Architectus. পৃ. 12–13
- ↑ Fowler, Mayhill C. (2015). Mikhail Bulgakov, Mykola Kulish, and Soviet Theater.. Kritika: Explorations in Russian & Eurasian History. পৃ. 276–277
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰেজিল থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৬২৯০৫৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।