অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দেৰ্জপ্ৰম

দেৰ্জপ্ৰম (ইউক্ৰেইনীয়ান: Держпром) বা গোচপ্ৰম (Госпром) হৈছে ইউক্ৰেইনৰ খাৰ্কিভত অৱস্থিত ফ্ৰিডম স্কোৱাৰত থকা এটা কাৰ্যালয় ভৱন। কনষ্ট্ৰাক্টিভিষ্ট শৈলীত নিৰ্মিত এই ভৱনটো ১৯২৮ চনত সম্পূৰ্ণ হোৱাৰ পিছত ছোভিয়েট ইউনিয়নৰ প্ৰথমটো আধুনিক আকাশচুম্বী ভৱন আছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৬৫৯ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দেৰ্জপ্ৰম (ইউক্ৰেইনীয়ান: Держпром) বা গোচপ্ৰম (Госпром) হৈছে ইউক্ৰেইনৰ খাৰ্কিভত অৱস্থিত ফ্ৰিডম স্কোৱাৰত থকা এটা কাৰ্যালয় ভৱন। কনষ্ট্ৰাক্টিভিষ্ট শৈলীত নিৰ্মিত এই ভৱনটো ১৯২৮ চনত সম্পূৰ্ণ হোৱাৰ পিছত ছ'ভিয়েট সংঘৰ প্ৰথমটো আধুনিক আকাশচুম্বী ভৱন আছিল।১ ইয়াৰ নামটো দুটা শব্দৰ চুটি ৰূপ, যাৰ একেলগে অৰ্থ হৈছে ৰাজ্যিক উদ্যোগ। ইংৰাজী ভাষাত এই গাঁথনিটোক ষ্টেট ইণ্ডাষ্ট্ৰী বিল্ডিং বা পেলচ অৱ ইণ্ডাষ্ট্ৰী নামেৰে জনা যায়।

বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ আধুনিকতাবাদী স্থাপত্যক প্ৰতিনিধিত্ব কৰা বিশ্বৰ বিভিন্ন গাঁথনিসমূহৰ ভিতৰত দেৰ্জপ্ৰমে বিশ্ব স্থাপত্যৰ এক অনন্য পৰিঘটনা হিচাপে স্থান লাভ কৰিছে। এই ভৱনটো ইতিমধ্যে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাময়িক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।২

২০২৪ চনৰ ২৮ অক্টোবৰত ৰাছিয়াৰ বোমাবৰ্ষণৰ ফলত দেৰ্জপ্ৰম ভৱনটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।

ইতিহাস

দেৰ্জপ্ৰম ভৱনৰ নিৰ্মাণ কাৰ্য (আনুমানিক ১৯২৫)।
দেৰ্জপ্ৰম ভৱনৰ নিৰ্মাণ কাৰ্য (আনুমানিক ১৯২৫)।ছবি: Unknown; в источнике не указан; originally in this book · Public domain

"প্ৰথম ছোভিয়েট আকাশচুম্বী ভৱন"ৰ গ্ৰ্যান্ড অপেনিং বা আনুষ্ঠানিক উদ্বোধন ১৯২৮ চনৰ ৭ নৱেম্বৰত হৈছিল।৩

যেতিয়া খাৰ্কিভ ইউক্ৰেনীয় ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ৰাজধানী আছিল, তেতিয়া ডিজাইন কৰা কেইটামান প্ৰদৰ্শনীমূলক প্ৰকল্পৰ ভিতৰত এই ভৱনটো অন্যতম আছিল। স্থপতিবিদ চাৰ্গেই চেৰাফিমভ, চামুৱেল ক্ৰাভেটচ আৰু মাৰ্ক ফেলগাৰে মাত্ৰ তিনি বছৰৰ ভিতৰত এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছিল।৪ ১৯২৮ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ই আছিল বিশ্বৰ আটাইতকৈ বিশাল একক গাঁথনি, আৰু ১৯৩০ৰ দশকলৈকে ইয়াক কোনেও চেৰ পেলাব পৰা নাছিল। ইয়াৰ এক অনন্য বৈশিষ্ট্য হৈছে ইয়াৰ প্ৰতিসাম্য (symmetry), যাৰ অনুভৱ কেৱল স্কোৱাৰ বা বৰ্গক্ষেত্ৰটোৰ কেন্দ্ৰবিন্দুৰ এটা নিৰ্দিষ্ট স্থানৰ পৰাহে কৰিব পৰা যায়।

ইয়াৰ নিৰ্মাণত কংক্ৰিটৰ ব্যৱহাৰ, ওপৰৰ আকাশী পথৰ ব্যৱস্থা (overhead walkways) আৰু এটাৰ সৈতে আনটো সংলগ্ন হৈ থকা স্বতন্ত্ৰ টাৱাৰৰ শৃংখলাটোৱে ভৱনটোক অত্যন্ত অভিনৱ কৰি তুলিছিল।৫ দেৰ্জপ্ৰমৰ কাৰ্যালয় আৰু অন্যান্য কোঠাবোৰত বাতানুকূল যন্ত্ৰ (air conditioning), বৈদ্যুতিক পোহৰ আৰু ৰেডিঅ’ পইণ্টৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱস্থা আছিল। তদুপৰি এই ভৱনটোতে ইউক্ৰেনৰ প্ৰথমটো আবৰ্জনা নিষ্কাশন প্ৰণালী (garbage chute system) স্থাপন কৰা হৈছিল।৪ সমালোচক ৰেইনাৰ ব্যানহামে তেওঁৰ 'থিঅ’ৰী এণ্ড ডিজাইন ইন দ্য ফাৰ্ষ্ট মেচিন এজ' নামৰ গ্ৰন্থত এই ভৱনটোক ১৯২০ৰ দশকৰ অন্যতম প্ৰধান স্থাপত্য কৃতি হিচাপে গণ্য কৰিছে, যাৰ আকাৰ কেৱল ডেচাউৰ বাউহাউচ আৰু ৰটাৰডেমৰ ‘ভান নেল ফেক্টৰী’ৰ সৈতেহে তুলনা কৰিব পাৰি।৬ এই মজবুত গাঁথনিৰ বাবেই ভৱনটোৱে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হোৱা সকলো ধ্বংসাত্মক প্ৰচেষ্টাৰ পৰা বাচি থাকিবলৈ সক্ষম হৈছিল, যদিও বিস্ফোৰণৰ বাবে ইয়াৰ ভিতৰভাগৰ ক্ষতি হৈছিল।৭

১৯২৬ চনৰ বসন্তকালত আৰ্থিক নাটনিৰ বাবে ইয়াৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পিছতে ৰাজ্যিক উদ্যোগ নিৰ্মাণৰ মুৰব্বী পাভলো ৰটাৰ্টে মস্কোলৈ গৈ ফেলিক্স জাৰ্জিনস্কিৰ পৰা এই নিৰ্মাণ কাৰ্যৰ বাবে সমৰ্থন আদায় কৰিবলৈ সক্ষম হয়। ১৯২৬ চনৰ মাৰ্চ মাহত তেওঁ আকাশচুম্বী ভৱনটো নিৰ্মাণ কৰিবলৈ ঘূৰি আহে আৰু ১৯২৬ চনৰ আগষ্ট মাহত এক বিশেষ জৰুৰীকালীন ভিত্তিত এই নিৰ্মাণ কাৰ্যৰ বাবে পুঁজি যোগান ধৰাৰ সিদ্ধান্ত লোৱা হয়।৮

দেৰ্জপ্ৰম কমপ্লেক্সটোক আধুনিকতাৰ প্ৰতীক হিচাপে ডিজিগা ভাৰ্টভৰ 'থ্ৰী চংচ এবাউট লেলিন' আৰু চাৰ্গেই আইজেনষ্টাইনৰ দ্য জেনেৰেল লাইন আদি ছবিত ব্যৱহাৰ কৰা হৈছিল। ১৯৩৪ চনত ইউক্ৰেনৰ ৰাজধানী কিভলৈ স্থানান্তৰিত কৰা, পৰৱৰ্তী সময়ত ষ্টালিনবাদী স্থাপত্যৰ সপক্ষে কনষ্ট্ৰাক্টিভিজমক গৰিহণা দিয়া আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভৱনটোৰ গুৰুত্ব কিছু ম্লান পৰিছিল। খাৰ্কিভ ৰাজধানী হৈ থকাৰ সময়ত দেৰ্জপ্ৰমতে কাউন্সিল অৱ পিপলছ কমিকাৰ্চ (ইউক্ৰেন) আৰু বহুতো চৰকাৰী বিভাগৰ কাৰ্যালয় আছিল। ১৯৫০ৰ দশকৰ পৰা ইয়াৰ এটা টাৱাৰ টেলিভিছন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ চালত এটা টিভি ৰিলে টাৱাৰ নিৰ্মাণ কৰা হৈছিল।৩

ভৱনটোক ২০১৭ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাময়িক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল৯ আৰু ২০২২ চনত ইউনেস্ক'ৰ দ্বাৰা ইয়াক সাময়িক বৰ্ধিত সুৰক্ষা প্ৰদান কৰা হৈছিল।১০

২০২৪ চনৰ আক্ৰমণৰ পিছৰ দৃশ্য।
২০২৪ চনৰ আক্ৰমণৰ পিছৰ দৃশ্য।ছবি: Kharkiv Regional State Administration · CC BY 4.0

ৰাছিয়া-ইউক্ৰেন যুদ্ধৰ সময়ত, ২০২৪ চনৰ ২৮ অক্টোবৰত দেৰ্জপ্ৰম ভৱনত ৰাছিয়াৰ এটা গাইডেড বোমা (সম্ভৱতঃ FAB-500 মডেলৰ) পৰিছিল,৯ যাৰ ফলত ব্যাপক ক্ষতিসাধন হয় আৰু নজন লোক আহত হয়।১১১২১০ ইয়াৰ পৰিণতিত খাৰ্কিভৰ মেয়ৰ ইহৰ টেৰেকভ আৰু ইউক্ৰেনৰ ইউনেস্ক' ব্যুৰোৱে ফ্ৰিডম স্কোৱাৰ এনচেম্বলক (দেৰ্জপ্ৰমসহ) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে এক ক্ষিপ্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।১৩

স্থাপত্য

দেৰ্জপ্ৰম হৈছে এটা ঔদ্যোগিক, আধুনিক আৰু বৃহৎ চহৰ হিচাপে খাৰ্কিভ চহৰৰ এক প্ৰধান প্ৰতীক।১৪

দেৰ্জপ্ৰমৰ স্থাপত্য শৈলী আন্তঃৰাষ্ট্ৰীয় কনষ্ট্ৰাক্টিভিজমৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ ৰূপসমূহ ঔদ্যোগিক ধৰণৰ।১৫ এই ভৱনটোৰ এক উচ্চ নান্দনিক সম্ভাৱনা আৰু কাৰ্যক্ষমতা আছে; ইয়াৰ নিৰ্মাণ কাৰ্যক এক ‘যোগাযোগৰ জাঁপ’ (communication leap) বুলি তুলনা কৰা হয়। ১৯২০ৰ দশকত এনেধৰণৰ স্থাপত্য কেৱল ইউৰোপতে নহয়, সমগ্ৰ বিশ্বতে এক নতুনত্ব আছিল।১৬

ভৱনটোৰ স্থাপত্যশৈলীগত কাৰ্যবাদৰ (Architectural functionalism) ভিতৰত নিম্নলিখিত কাৰ্যসমূহ অন্তৰ্ভুক্ত হৈ আছে:

  • উপযোগিতাবাদী (Utilitarian): ইউক্ৰেনৰ ঔদ্যোগিক ব্যৱস্থাপনা কাৰ্যকলাপৰ এক প্ৰধান কেন্দ্ৰস্থল।
  • আদৰ্শগত (Ideological): এক প্ৰগতিশীল পৰিঘটনা হিচাপে ঔদ্যোগীকৰণৰ ধাৰণাটোক প্ৰকাশ কৰা।
  • সামাজিক (Social): নতুন খাৰ্কিভৰ এখন বিশাল কেন্দ্ৰস্থল, চৰকাৰৰ এক সামাজিকভাৱে গুৰুত্বপূৰ্ণ অংগ আৰু উৎসৱ তথা প্ৰদৰ্শনৰ দৰে গণ সমাৱেশৰ স্থান।
  • প্ৰতীকী (Symbolic): এক ‘সংগঠিত বিশ্ব’ তথা এক নতুন যুগ আৰু ঔদ্যোগীকৰণৰ প্ৰতীক।
  • গঠনমূলক (Compositional): চহৰখনৰ স্থানিক গাঁথনিত আধিপত্য বিস্তাৰ কৰা; স্কোৱাৰ বা বৰ্গক্ষেত্ৰ আৰু চহৰখনৰ মুকলি স্থানসমূহক সংযোগ কৰা।
  • চিমেটিক (Symatic): চুটি চুটি ৰূপ যিয়ে পুৰাতন আৰ্হিলৈ লৈ যায়; প্ৰাকৃতিক দৃশ্যৰ প্ৰতীকীৰূপৰ অন্তৰ্ভুক্তি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The First Soviet Skyscraper
  2. ↑ Derzhprom (The State Industry Building). World Heritage Centre
  3. ↑ Vechersky, Victor. (5 April 2022). uk:Держпром у Харкові. গ্ৰেট ইউক্ৰেনিয়ান এনচাইক্লোপেডিয়া
  4. ↑ Shvydenko, O. O. (2021). uk:ДЕРЖПРОМ, Будинок державної промисловості. ইউক্ৰেনৰ ইতিহাসৰ বিশ্বকোষ. Naukova Dumka
  5. ↑ ua_archi. (13 November 2009). Госпром. Україна. Архітектура. Історія.
  6. ↑ (Architectural Press 1972, p. 297)
  7. ↑ (8 November 2024). uk:Держпром — найвідоміша конструктивістська будівля та символ Харкова, що двічі був ушкоджений російською авіабомбою. Suspilne Kultura
  8. ↑ Shuvalova, E.A.; Nuriddinov, K.K.; Hovakimyan, S.S. (2019). Conference Materials. LJournal
  9. ↑ Elsa Court. (2024-10-30). Kharkiv’s historic Derzhprom skyscraper becomes latest victim of Russian bombardments. The Kyiv Independent
  10. ↑ Kateryna Hodunova; Olena Goncharova. (2024-10-29). UPDATED: Russia’s attack on Kharkiv injures 9, damages historic landmark. The Kyiv Independent
  11. ↑ (2024-10-28). Навіть Гітлер не зруйнував: у Харкові "приліт" по будівлі Держпрому (фото, відео). ТСН.ua
  12. ↑ Murray, Warren. (2024-10-29). Ukraine war briefing: Bomb shatters historic landmark in Kharkiv. The Guardian
  13. ↑ Koloniei, Dmytro. (4 November 2024). uk:ЮНЕСКО допоможе відновити будівлю Держпрому у Харкові. Infocity
  14. ↑ Госпром – символ Харькова и символ стиля. ://livejournal.com
  15. ↑ Госпром – символ Харькова. Есть ли у него будущее. vecherniy.kharkov.ua
  16. ↑ В.в, Бородин. (13 August 2007). Системы показателей, используемые для оценки financialво – хозяйственной деятельности туристских организаций. Наука: теория и практика

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰ্জপ্ৰম” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৯৭ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।