তুস্তান (Fortress of Tustan) ৯মৰপৰা ১৬শ শতিকালৈ অস্তিত্ব থকা মধ্যযুগীয় দুৰ্গ-নগৰ১ আৰু শুল্ক সংগ্ৰহৰ স্থান আছিল। ই কিয়েভান ৰুছৰ এটা শিলাময় প্ৰতিৰক্ষা সমষ্টি আছিল। ইয়াৰ অৱশেষ ইউক্ৰেইনীয় কাৰ্পেথিয়ান পৰ্বতমালাৰ পূব বেস্কিড অঞ্চলত, লভিভ অঞ্চলৰ স্কোলে জিলাত, ইউৰিচ গাঁৱৰ ওচৰত অৱস্থিত। ই ব’ৰিছ্লাভ চহৰৰ দক্ষিণে আৰু স্কিডনিত্সিয়া গাঁৱৰ দক্ষিণ-পূবত অৱস্থিত।২ ইতিহাস, প্ৰত্নতত্ত্ব, স্থাপত্য আৰু প্ৰকৃতিৰ এই অনন্য স্মাৰকটো পিদহোৰোদত্সি বনাঞ্চলৰ অৰণ্যৰ মাজত অৱস্থিত আৰু তুস্তান স্থান-সংগ্ৰহালয়ৰ অংশ।
তুস্তান এটা প্ৰতিৰক্ষা আৰু প্ৰশাসনিক কেন্দ্ৰ হোৱাৰ লগতে ড্ৰহোবিচৰপৰা ট্ৰান্সকাৰ্পাথিয়া হৈ পশ্চিম ইউৰোপলৈ যোৱা গুৰুত্বপূৰ্ণ নিমখ বাণিজ্য পথৰ এটা শুল্ক সংগ্ৰহৰ স্থান আছিল।৩৪
ভূতত্ত্ব আৰু ভূ-ৰূপতত্ত্ব
তুস্তানৰ শিলাসমষ্টি পেলিঅ'জিন যুগৰ য়ামনা গঠনৰ প্ৰায় উলম্বভাৱে অৱস্থিত বেলেপাথৰৰ ক্ষয়প্ৰাপ্ত অৱশেষেৰে গঠিত। এই শিলাসমূহৰ পলসুৱা স্তৰবোৰ প্ৰায় উলম্বভাৱে সজ্জিত আৰু ইয়াত বিচিত্ৰ গাদিৰ দৰে আৰু গোলাকাৰ আকৃতিৰ গঠন দেখা যায়। শিলাসমূহৰ আকৃতি আৰু বৈশিষ্ট্য বতৰ-ক্ষয়ৰ অৱস্থা আৰু বেলেপাথৰৰ শিলাতাত্ত্বিক গঠনৰ ওপৰত নিৰ্ভৰ কৰে।
মেছোজইক যুগ আৰু চেনোজইক যুগৰ পেলিঅ'চিন কালত, যি সময়ত তেতিয়াৰ টেথিছ মহাসাগৰ আছিল, এই অঞ্চলত ডাঠ পলসৰ স্তৰ জমা হৈছিল। প্ৰায় ২৫ নিযুত বছৰ পূৰ্বে চেনোজইক যুগৰ পেলিঅ'চিন কালত কাৰ্পেথিয়ান পৰ্বতমালা গঠনৰ সময়ত বেলেপাথৰ সৃষ্টি হৈছিল। ইয়াৰ কিছুমান অংশ পিছলৈ ভূ-পৃষ্ঠলৈ উঠি আহিছিল। ভূতত্ত্বত এই শিলাসমূহক য়ামনা বেলেপাথৰ বুলি কোৱা হয়। এই নামটো পূৰ্বৰ য়ানমা গাঁৱৰ নামৰপৰা আহিছে।
ইউৰিচৰ শিলাসমষ্টি কেইবাটাও পৃথক শিলাখণ্ডৰে গঠিত। সেইবোৰ হৈছে কামিন, অষ্ট্ৰিই কামিন, মালা স্কেলিয়া আৰু ঝোলব। কামিনৰ অৰ্থ শিল, অষ্ট্ৰিই কামিনৰ অৰ্থ জোঙা শিল, মালা স্কেলিয়াৰ অৰ্থ সৰু শিলাখাদ আৰু ঝোলবৰ অৰ্থ খাত।
কিছুমান ঠাইত বেলেপাথৰ বিশাল একশিলা শিলাখণ্ডৰ ৰূপত ওলাই আহিছে আৰু আন ঠাইত সেইবোৰ বিশৃংখলভাৱে জমা হোৱা ডাঙৰ শিলাখণ্ডৰ ৰূপত দেখা যায়। ইয়াত বহুতো ফাট, গহ্বৰ আৰু সৰু গুহা আছে। ইয়াৰে কিছুমান মানুহে নিৰ্মাণ কৰা।
নামৰ উৎপত্তি
“তুস্তান” নামটোৰ উৎপত্তি প্ৰাচীন স্লাভিক ভাষাৰপৰা হৈছে। এইটো দুটা অংশৰে গঠিত এটা যৌগিক নাম — “তু” আৰু “স্তান”। এনে ধৰণৰ নাম সংস্কৃত, প্ৰাচীন গ্ৰীক আৰু কেল্টিক ভাষাতো দেখা যায়। ৬ষ্ঠ–৭ম শতিকাৰ স্মাৰকসমূহত পোৱা স্লাভিক নামৰ ক্ষেত্ৰতো এই ধৰণৰ গঠন সাধাৰণ আছিল। উদাহৰণস্বৰূপে, স্লাভিক বংশোদ্ভূত আণ্টসকলৰ নেতৃবৃন্দ আৰু বাইজেণ্টাইন সামৰিক নেতাসকলৰ নামৰ ভিতৰত দব্ৰোহোষ্ট, কালিহোষ্ট, মেঝমিৰ, তাতিমিৰ, খভালিবুদ আদি নাম আছিল।
১৫৮৫ চনত পোলেণ্ডৰ ইতিহাসবিদ ষ্টানিছ্লাভ ছাৰ্নিট্স্কিয়ে লিপিবদ্ধ কৰা প্ৰাচীন লোকব্যুৎপত্তি আৰু আধুনিক মৌখিক পৰম্পৰাত নামটোৰ অৰ্থ "ইয়াত থিয় হোৱা" বুলি ব্যাখ্যা কৰা হয়।৫

ইতিহাস
৯ম শতিকাত বৰ্তমানৰ তুস্তান অঞ্চলত শ্বেত ক্ৰ'ৱাট জনগোষ্ঠীৰ লোক বসবাস কৰিছিল। ১০ম শতিকাৰ শেষভাগত ছান নদী, উচ্চ আৰু মধ্য ডনিষ্টাৰ আৰু উচ্চ প্ৰুত নদীৰ অৱবাহিকাত গঢ় লৈ উঠা ক্ৰ'ৱাট ৰাজকুমাৰিত্বসমূহ কিয়েভান ৰুছৰ ৰাজকুমাৰ ভলোদিমিৰ স্বিয়াতোস্লাভিচে জয় কৰি কিয়েভান ৰুছৰ সৈতে সংযুক্ত কৰে।৬
১২শ শতিকাৰ মাজভাগত তুস্তান পেৰেমিশ্ল ৰাজকুমাৰিত্বৰ অংশ আছিল। সেই সময়ত পেৰেমিশ্ল, ঝভেনিহোৰোদ, ছানোক, হোৰোদোক, য়াৰোশ্লাভ, ভিশ্নিয়া, হোলোহোৰি, ছিনেভিদস্কো, স্পাছ, ষ্টাৰা ছিল, লভিভ, দ্ৰোহোভিঝ, ছামবিৰ আৰু তুখলিয়া আদি নগৰো এই ৰাজকুমাৰিত্বৰ অংশ আছিল।৭
পিছলৈ এই দুৰ্গখন গালিচিয়া-ভলিনিয়া ৰাজকুমাৰিত্ব আৰু হাংগেৰীৰ মাজৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সীমান্ত কেন্দ্ৰ হৈ পৰে। গালিচিয়া-ভলিনিয়া ৰাজকুমাৰিত্ব পোলেণ্ড ৰাজ্যৰ অংশ হোৱাৰ পিছত তুস্তান পোলেণ্ড আৰু হাংগেৰীৰ মাজৰ সীমান্ত কেন্দ্ৰ হৈ থাকে।
তুস্তানৰ আটাইতকৈ পুৰণি উল্লেখ ১৩৪০ চনৰ। পোলেণ্ডৰ ৰজা কাজিমিৰ তৃতীয়ৰ উপ-চান্সেলৰ জাংকো অৱ ছাৰ্নকভে তেওঁৰ বিৱৰণীত এই উল্লেখ কৰিছিল। ১৩৬৩ৰপৰা ১৩৮৪ চনৰ ঘটনাসমূহ সামৰি লোৱা তেওঁৰ বিৱৰণীত ৰুছ ভূ-খণ্ডৰ নতুনকৈ দখল কৰা নগৰ আৰু দুৰ্গসমূহৰ মাজত "লেমবাৰ্গ, অৰ্থাৎ লভিভ, পেৰেমিশ্ল নগৰ, ছানোক নগৰ আৰু দুৰ্গ, ক্ৰ'ছনো নগৰ, লুবাচিভ, তেৰেবোভলিয়া, হালিচ, তুস্তান"ৰ উল্লেখ আছে।
জাংকো অৱ ছাৰ্নকভে তুস্তান দখলৰ বিষয়ে কোনো কথা উল্লেখ কৰা নাছিল। কিন্তু আন এজন পোলেণ্ডৰ ইতিহাসবিদ ইয়ান ড্লুগোশে পোনপটীয়াকৈ উল্লেখ কৰিছে যে ১৩৪০ চনত "এটা গ্ৰীষ্মকালৰ ভিতৰতে ৰজা কাজিমিৰে সমগ্ৰ ৰুছ দখল কৰে।" তেওঁ লিখিছে যে কাজিমিৰে ছেইণ্ট জন দ্য বেপ্টিষ্টৰ জন্মদিনত ৰুছ ভূ-খণ্ডলৈ গৈ পেৰেমিশ্ল, হালিচ, লুট্স্ক, ভলোদিমিৰ, ছানোক, লুবাচিভ, তেৰেবোভলিয়া, তুস্তান আৰু আন ৰুছ নগৰ আৰু দুৰ্গ দখল কৰিছিল।৮
এই দুজন ইতিহাসলেখকৰ বিৱৰণীৰপৰা বুজা যায় যে ১৪শ শতিকাত পোলেণ্ডৰ ৰজাই দখল কৰাৰ আগতেই তুস্তান এটা প্ৰতিৰক্ষা দুৰ্গ হিচাপে অস্তিত্বত আছিল। প্ৰত্নতাত্ত্বিক আৱিষ্কাৰেও এই কথাৰ সমৰ্থন কৰে।
তুস্তানৰ বিষয়ে আটাইতকৈ পুৰণি নথিভুক্ত তথ্য ১৩৯০ চনৰ ১৫ মে'ত পোপ বনিফেচ নৱমে জাৰি কৰা এখন পত্ৰত পোৱা যায়। ইয়াত উল্লেখ আছে যে ভ্লাদিস্লাভ অৱ অপোলে ৰোহাতিন নগৰ, ওলেস্কো আৰু তুস্তানৰ দুৰ্গ, সেইবোৰৰ গাঁও, সম্পত্তি আৰু সকলো পথাৰ, লগতে দ্ৰোহোবিচ আৰু ঝিদাচিভৰ নিমখ খনিৰ লাভৰ এক-দশমাংশ নতুনকৈ গঠিত গালিচিয়া কেথলিক ধৰ্মপ্ৰদেশক প্ৰদান কৰিছিল।
প্ৰতিৰক্ষামূলক ভূমিকা থকাৰ উপৰি তুস্তান এটা প্ৰশাসনিক কেন্দ্ৰও আছিল। ই এটা ভলষ্টৰ কেন্দ্ৰ হিচাপে কাম কৰিছিল। ১৩৯৫ চনৰ ৪ নৱেম্বৰৰ ক্ৰুশেলনিট্সিয়া গাঁৱৰ বিষয়ে জাৰি কৰা ৰাজকীয় দলিলত ইয়াৰ প্ৰমাণ পোৱা যায়। দলিলখনত তুস্তান ভলষ্টৰ ক্ৰুশেলনিট্সিয়া গাঁওখন ইভান আৰু দামিয়ান নামৰ অনুগত সেৱক আৰু তেওঁলোকৰ পুত্ৰসকলক বন, চৰণভূমি, পথাৰ আৰু ঘাঁহনি আদি সকলো সম্পত্তিৰ সৈতে প্ৰদান কৰাৰ কথা উল্লেখ আছে।৯
পিছলৈ পোলেণ্ডৰ অভিজাত আৰু ভূস্বামীসকলে এই দুৰ্গখন দখল কৰে। ১৫৩৯ চনৰ ৰাজকীয় দলিলে ইয়াৰ প্ৰমাণ দিয়ে। ৰজাই ইয়ান অৱ তাৰ্নভৰ অনুৰোধত মিকোলাই ব্লিজিন্সকি আৰু তেওঁৰ উত্তৰাধিকাৰীসকলক "হাংগেৰীৰ সীমান্তৰ ওচৰৰ ষ্ট্ৰিই পৰ্বতমালাত থকা তুস্তানৰ দুৰ্গ, অৰ্থাৎ কেৱল শিলসমূহ" প্ৰদান কৰে। তেওঁলোকে এই দুৰ্গ "ৰক্ষা, পুনৰ নিৰ্মাণ, শক্তিশালী আৰু সংৰক্ষণ" কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তুস্তানৰ দুৰ্গ পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰা হৈছিল নে নাই সেয়া জনা নাযায়। কিন্তু ১৫৪১ চনত ব্লিজিন্সকিয়ে "পিদহোৰোদত্সি গাঁও আৰু তুস্তানৰ দুৰ্গ" ইয়ান অৱ তাৰ্নভক প্ৰদান কৰে।১০
তুস্তান এটা শুল্ক সংগ্ৰহৰ স্থান আছিল। ইয়াৰ মাজেৰে নিমখৰ বাণিজ্য পথ গৈছিল। এই পথ দ্ৰোহোবিচৰপৰা আৰম্ভ হৈ তুস্তানোভিচি গাঁও, তুস্তান আৰু পিদহোৰোদত্সি গাঁৱৰ মাজেৰে গৈ ষ্ট্ৰিই নদী আৰু অপিৰ উপত্যকাৰ মাজেৰে কাৰ্পেথিয়ান গিৰিপথত উপনীত হৈছিল আৰু তাৰ পিছত পশ্চিম ইউৰোপীয় দেশসমূহলৈ নামি গৈছিল। পিদহোষ্টিনেটছ, হোষ্টিনেটছ আৰু টোভাৰ পৰ্বত আদি স্থাননামে এই বাণিজ্য পথৰ অস্তিত্বৰ ইংগিত দিয়ে।১১ তুস্তানৰ প্ৰহৰীসকলে ব্যৱসায়ীসকলৰপৰা শুল্ক সংগ্ৰহ কৰিছিল আৰু সামগ্ৰী পৰিবহণৰ সময়ত তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিছিল।
১৬শ শতিকালৈ তুস্তান দুৰ্গৰ অস্তিত্ব আছিল বুলি প্ৰত্নতাত্ত্বিক অভিযানৰ আৱিষ্কাৰ আৰু নথিয়ে প্ৰমাণ কৰে। দুৰ্গখনৰ বিষয়ে শেষৰ নথিভুক্ত তথ্য ১৫৬৫ চনৰ। দ্ৰোহোবিচৰ নিমখ কাৰখানাৰ এখন তালিকাত উল্লেখ আছে যে তুস্তানত দ্ৰোহোবিচৰ মাজেৰে পৰ্বত পাৰ হৈ যোৱা ব্যৱসায়ীসকলৰপৰা শুল্ক সংগ্ৰহ কৰা হৈছিল আৰু শুল্কৰ পৰিমাণ আছিল ১৪ জ্লোটি।
দুৰ্গখনৰ ক্ৰমাগত অৱনতিৰ কেইবাটাও কাৰণ আছিল।
১) অৰ্থনৈতিক কাৰণ: ১৬শ শতিকাত মধ্য ইউৰোপৰ দেশসমূহে নিজা নিমখৰ খনি স্থাপন কৰিবলৈ আৰম্ভ কৰে। ফলত গালিচিয়াৰ নিমখৰ চাহিদা কমি যায়। তুস্তান শুল্ক সংগ্ৰহৰ স্থান হিচাপে গুৰুত্ব হেৰুৱায়।
২) ৰাজনৈতিক কাৰণ: পোলেণ্ড আৰু হাংগেৰীৰ মাজৰ ৰাজনৈতিক সম্পৰ্ক সুস্থিৰ হোৱাৰ ফলত তুস্তান সীমান্ত প্ৰতিৰক্ষা দুৰ্গ হিচাপে গুৰুত্ব হেৰুৱায়। লগতে পোলেণ্ডৰ সীমান্ত পূবলৈ স্থানান্তৰিত হয়।
৩) সামৰিক কাৰণ: সামৰিক সঁজুলি আৰু যুদ্ধকৌশলৰ পৰিৱৰ্তনৰ ফলত তুস্তানে ইয়াৰ প্ৰতিৰক্ষামূলক ভূমিকা হেৰুৱায়।
স্থাপত্য
তুস্তানৰ শিলাময় নগৰ আৰু দুৰ্গই মধ্যযুগৰ কাঠৰ নিৰ্মাণশৈলীৰ ইতিহাসত এক বিশেষ স্থান দখল কৰে। নিৰ্মাতাসকলে নিজেই শক্তিশালী প্ৰতিৰক্ষা দেৱালৰ দৰে কাম কৰা শিলৰ গঠনসমূহ দক্ষতাৰে ব্যৱহাৰ কৰিছিল। শিলৰ মাজৰ ফাঁকসমূহ কাঠৰ দেৱালেৰে বন্ধ কৰা হৈছিল যাতে দুৰ্গলৈ কোনো ধৰণৰ প্ৰৱেশৰ পথ নাথাকে। কাঠৰ গাঁথনি স্থাপন কৰিবলৈ শিলৰ পৃষ্ঠত বিশেষ কাটি তৈয়াৰ কৰা খাঁজ আৰু গহ্বৰ আছিল। এই চিনসমূহৰ সহায়ত ৯মৰপৰা ১৬শ শতিকাৰ সময়ছোৱাত দুৰ্গখন কেনে আছিল তাৰ পুনৰ্নিৰ্মাণ কৰা সম্ভৱ হৈছে, যদিও কাঠৰ গাঁথনিসমূহ বৰ্তমান সংৰক্ষিত হোৱা নাই। কেৱল তুস্তানৰ কামিন শিলাসমষ্টিতেই শিলাময় নিৰ্মাণৰ ৪,০০০ৰো অধিক চিন আৱিষ্কাৰ আৰু অধ্যয়ন কৰা হৈছে।
সকলো নিৰ্মাণচিহ্ন বিশ্লেষণ কৰাৰ পাছত তুস্তানৰ মুখ্য গৱেষক মিখাইলো ৰ'জকোৱে সিদ্ধান্তত উপনীত হয় যে দুৰ্গখন কেইবাটাও পৰ্যায়ত নিৰ্মাণ কৰা হৈছিল। পিছলৈ ইয়াক ধাৰাবাহিকভাৱে সম্প্ৰসাৰণ কৰা হৈছিল, উচ্চতা বৃদ্ধি কৰা হৈছিল আৰু শিলাসমষ্টিৰ ওপৰৰ অংশ দখল কৰা হৈছিল। ১৩শ শতিকাত দুৰ্গখনৰ সমৃদ্ধিৰ সময়ত ই শিলাসমষ্টিৰ তলৰপৰা ওপৰলৈকে থকা সকলো সম্ভৱ গ্যালাৰী আৰু টেৰেছ সামৰি লৈছিল। সম্পূৰ্ণ নিৰ্মাণৰ উচ্চতা চোতালত পাঁচ মহল পৰ্যন্ত আছিল আৰু প্ৰতিটো মহলৰ উচ্চতা ৩.৫–৪.০ মিটাৰ আছিল। এইটো নিৰ্মাণ প্ৰযুক্তিৰ অতি উন্নত স্তৰৰ পৰিচায়ক।১২
অৱৰোধৰ সময়ত পানীৰ যোগানৰ বাবে দুৰ্গখনৰ শিলৰ তলত এটা কুঁৱা আৰু দুটা পানীৰ টেংক আছিল। বৰ্তমান কেৱল শিলৰ দেৱালৰ অৱশেষহে সংৰক্ষিত হৈ আছে। মিখাইলো ৰ'জকোৱে এই দেৱালখনৰ নিৰ্মাণ ১৩শ শতিকাৰ দ্বিতীয়াৰ্ধৰ বুলি নিৰ্ধাৰণ কৰিছিল।১৩ দেৱালখন ২.৫ মিটাৰ ডাঠ আছিল আৰু কাঠৰ দেৱালৰ বাবে শিলৰ পৃষ্ঠত কটা খাঁজসমূহ ঢাকি ৰাখিছিল।১৪
প্ৰত্নতত্ত্ব
তুস্তান দুৰ্গৰ প্ৰত্নতাত্ত্বিক অনুসন্ধানৰ সময়ত ২৫,০০০ৰো অধিক প্ৰত্নতাত্ত্বিক নিদৰ্শন সংগ্ৰহ কৰা হৈছে।১৫ ইয়াৰ ভিতৰত নিৰ্মাণকাৰ্যত ব্যৱহৃত কাঠৰ অংশ, ধাতুৰ সামগ্ৰী, মৃৎপাত্ৰ, কাঁচ আৰু চামৰাৰ সামগ্ৰী আছিল।
আটাইতকৈ উল্লেখযোগ্য ধাতুৰ সামগ্ৰীৰ ভিতৰত এটা এনগলপিয়ন, খোদিত চৰাইৰ ছবি থকা আঙঠিৰ মূৰ, এটা ব্ৰঞ্জৰ গদা, হাতুৰী, কুঠাৰ, ক্ৰছব'ৰ কাঁড়ৰ আগ, দীঘল ধনুৰ কাঁড়ৰ আগ, বৰছাৰ আগ, জুই জ্বলোৱাৰ সঁজুলি, ঘোঁৰাৰ জোঙা, ঘণ্টাৰ ভিতৰৰ অংশ, কাটনী, কাঠ খোদাইৰ ছেনি, বেজী আৰু কিতাপৰ বন্ধনী আছে।
কাঠৰ আৱিষ্কৃত সামগ্ৰীৰ ভিতৰত ছটা দুৱাৰৰ খুঁটিৰ টুকুৰা, গ্যালাৰীৰ খুঁটিৰ গাঁথনি, কাঠৰ বীমৰ টুকুৰা, কাঠৰ সংযোগী পিন, ডাভটেইল সংযোগ থকা তক্তা, পাতল কাঠৰ ফালি, কাঠৰ ছাদৰ টুকুৰা, কাঠৰ চামুচ আৰু এখন কোৰ আদি আছে।১৬ আৱিষ্কৃত মৃৎপাত্ৰৰ টুকুৰাবোৰ ৯মৰপৰা ১৬শ শতিকাৰ বুলি নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি টাইল আৱিষ্কাৰ কৰা হৈছে। কিছুমান টাইলত ড্ৰেগনবধ কৰা জৰ্জৰ ছবি আছে।১৭
শিলাচিত্ৰ
শিলৰ পৃষ্ঠত অংকিত ছবি বা শিলাচিত্ৰসমূহ প্ৰাচীন সংস্কৃতি আৰু শিল্পৰ এক বিস্তৃত আৰু কিছু ৰহস্যমজ় স্মাৰকৰ অংশ। তুস্তানৰ শিলাচিত্ৰসমূহ মূলতঃ কেন্দ্ৰীয় আৰু আটাইতকৈ ডাঙৰ শিলাসমষ্টি কামিনত অৱস্থিত। ইয়াৰে বহুতো ছবি সহজে যাব নোৱাৰা ঠাইত আছে।
তুস্তানৰ সকলো শিলাচিত্ৰৰ ভিতৰত গৱেষক মিকোলা বান্দ্ৰিভস্কিয়ে বৃত্ত, চাকতি বা আঁচনিৰূপী গোলাকাৰ আকৃতিৰ ছবিৰ এটা গোটৰ প্ৰতি বিশেষ মনোযোগ দিছিল। এনে চিহ্নক সৌৰ চিহ্ন বুলি কোৱা হয়। গৱেষকজনে এই সৌৰ চিহ্নসমূহৰ অৱস্থান বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হৈছিল যে সেইবোৰ এক নিৰ্দিষ্ট ব্যৱস্থাৰ অনুসৰি শিলৰ পৃষ্ঠত অংকন কৰা হৈছিল। অৱশ্যে সকলো গৱেষকে "সৌৰ চিহ্ন" মানুহে নিৰ্মাণ কৰা বুলি মত পোষণ নকৰে। ভূতত্ত্বৰ অধ্যাপক বোহদান ৰিদুশে প্ৰমাণ কৰিছিল যে সেইবোৰ আচলতে বেলেপাথৰৰ বতৰ-ক্ষয়ৰ সময়ত সৃষ্টি হোৱা জীৱাশ্মীকৃত স্পঞ্জৰ প্ৰাকৃতিক অৱশেষ।
তুস্তানত মানুহে নিৰ্মাণ কৰা শিলাচিত্ৰও সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত বিভিন্ন প্ৰাণীৰ পৃথক ছবি বিশেষভাৱে উল্লেখযোগ্য। যেনে, হৰিণ খেদি যোৱা এটা পহু, এটা ঘোঁৰা আৰু এজন অশ্বাৰোহী। এম. ৰ'জকোৰ নেতৃত্বত চলা প্ৰত্নতাত্ত্বিক খননৰ সময়ত ভেলিকে ক্ৰিলোৰ ঢালত এটা শিলাচিত্ৰৰ গোট আৱিষ্কাৰ কৰা হয়। ইয়াত পাঁচখন কুঠাৰ, দুটা ক্ৰছ আৰু এটা স্বস্তিকা আছিল।
১৮শৰপৰা ২০শ শতিকাৰ ভিতৰত বহুতো শিলাচিত্ৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হয়। সেই সময়ত তুস্তানৰ শিলসমূহ এটা জনপ্ৰিয় পৰ্যটনস্থলী আছিল। এই স্মাৰকসমূহৰ এটা উল্লেখযোগ্য অংশত বংশচিহ্ন বা প্ৰতীক আছে। ইয়াৰ ভিতৰত মূলতঃ ত্ৰিছূল আৰু বিভিন্ন সংগঠনৰ প্ৰতীক দেখা যায়।
গৱেষণা
ইউৰিচৰ শিলসমূহৰ প্ৰতি বৈজ্ঞানিক আগ্ৰহ ১৯শ আৰু ২০শ শতিকাত বৃদ্ধি পায়। এই আগ্ৰহ মূলতঃ লোকসংস্কৃতি অধ্যয়নৰ সৈতে জড়িত আছিল। ২০শ শতিকাত ৱাই. পাষ্টেৰনাক, অ'. ৰাটিচ, পি. ৰাপোপৰ্ট আৰু আৰ. বাহ্ৰিয়ে তুস্তান অধ্যয়ন কৰিছিল।
১৯৭১ৰপৰা ১৯৭৮ চনলৈ মিখাইলো ৰ'জকোৱে এদল আগ্ৰহী লোকৰ সৈতে মিলি বৰ্তমান থকা নিৰ্মাণচিহ্নসমূহৰ পদ্ধতিগত জোখ-মাখ কৰে আৰু দুৰ্গখনৰ প্ৰথম পুনৰ্নিৰ্মাণৰ নক্সা প্ৰস্তুত কৰে। ১৯৭৮ চনত ইউক্ৰেইনৰ ইতিহাস আৰু সংস্কৃতি সংৰক্ষণ সমিতিৰ লভিভ আঞ্চলিক সংগঠনৰ এটা অভিযানৰ জৰিয়তে তুস্তানৰ গৱেষণাৰ নতুন পৰ্যায় আৰম্ভ হয়। ১৯৭৯ৰপৰা ১৯৯১ চনলৈ এই অভিযান ইউক্ৰেইনৰ বিজ্ঞান একাডেমীৰ অধীনত মিখাইলো ৰ'জকোৰ নেতৃত্বত কাৰ্পেথিয়ান স্থাপত্য আৰু প্ৰত্নতাত্ত্বিক অভিযানলৈ ৰূপান্তৰিত হয়।১৮
মিখাইলো ৰ'জকোৱে তুস্তানৰ শিলসমূহৰ পদ্ধতিগত অধ্যয়নৰ জৰিয়তে তুস্তানৰ দুৰ্গ সমষ্টিৰ স্থানিক আৰু আয়তনভিত্তিক পুনৰ্নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ কেন্দ্ৰত আছিল কামিন শিলাসমষ্টি আৰু অষ্ট্ৰিই কামিন আৰু মালা স্কেলিয়াত পৃথক প্ৰতিৰক্ষা আৰু প্ৰহৰা কেন্দ্ৰ আছিল। প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ, নিৰ্মাণচিহ্ন থকা শিলসমূহৰ স্থাপত্য আৰু প্ৰত্নতাত্ত্বিক জোখ-মাখ আৰু ইটাৰ দেৱালৰ অৱশেষৰ ওপৰত ভিত্তি কৰি দুৰ্গখনৰ কাঠৰ নিৰ্মাণৰ পাঁচটা পৰ্যায় পুনৰ্নিৰ্মাণ কৰা হয়।
বুবনিশ্চে, ৰ'জহিৰ্চে, পিদকামিন আৰু তুস্তানৰ ওচৰৰ আন সুৰক্ষিত স্থানত কাঠৰ গাঁথনিৰ চিন থকা একে ধৰণৰ ভূ-দৃশ্যভিত্তিক স্থাপত্য নিদৰ্শনৰ অধ্যয়নেও মধ্যযুগীয় দুৰ্গসমূহৰ নিৰ্মাণ আৰু স্থাপত্যৰ প্ৰকৃতিৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। লগতে পাহাৰীয়া আৰু শিলাময় অঞ্চলত অৱস্থিত মধ্যযুগীয় প্ৰতিৰক্ষা স্থাপনাসমূহৰ ভিতৰত তুস্তানৰ স্থান নিৰ্ধাৰণ কৰাত সহায় কৰে।
তুস্তান স্থান-সংগ্ৰহালয়
তুস্তান স্থান সংৰক্ষণৰ উদ্দেশ্যে ১৯৯৪ চনত ইউক্ৰেইনৰ মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত অনুসৰি তুস্তান ৰাজ্যিক ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত অঞ্চল স্থাপন কৰা হয়। লভিভ ঐতিহাসিক সংগ্ৰহালয়ক এই সংৰক্ষিত অঞ্চলৰ দায়িত্ব দিয়া হৈছিল। ২০০৫ চনত ইয়াৰ বাবে এটা পৃথক প্ৰশাসন গঠন কৰা হয়।
২০১৬ চনৰ ছেপ্টেম্বৰত লভিভ অঞ্চল পৰিষদৰ অধীনত ইয়াক পৌৰ সংস্থালৈ পুনৰ্গঠন কৰা হয় আৰু "তুস্তান ৰাজ্যিক ঐতিহাসিক আৰু সাংস্কৃতিক সংৰক্ষিত অঞ্চলৰ প্ৰশাসন" নাম দিয়া হয়। পিছলৈ ইয়াৰ ইংৰাজী নাম সলনি কৰি বৰ্তমান ব্যৱহৃত "তুস্তান স্থান-সংগ্ৰহালয়" কৰা হয়।
সংস্কৃতিত
তুস্তানক ইভান ফ্ৰাংকোৰ জাখাৰ বেৰকুত উপন্যাসত এটা স্থান হিচাপে উল্লেখ কৰা হৈছে।১৯
উৎস
- Rozhko V. Methods of Graphical Reconstruction Of Log Cliff-Side Architecture / V. Rozhko // Proceedings of the Third International Congress on Construction History / edited by Kurrer K.-E., Lorenz W., Wetzk V. — Berlin: Neunplus1, 2009. — Vоl. 3. — P. 1287 — 1292.
- Rozhko M. Defining the Ninth to Thirteenth Century Fortress Tustan’: Building Archaeology of a Log, Cliff-side Structure / М. Rozhko, V. Rozhko, М. Stachiv // Proceedings of the Second International Congress on Construction History / edited by Dunkeld M., Campbell J., Louw H., Tutton M., Addis B., Powell C., Thorne R. — Cambridge-Exeter: Short Run Press, 2006. — Vol. 3. — P. 2743 — 2757.
- Рожко М.Ф. Архітектура та система оборони Українських Карпат у княжу добу. – Львів: БаК, 2016. – 232 с.
- Пам‘ятки Тустані в контексті освоєння Карпат у доісторичну добу та в середньовіччі; проблеми їх збереження та використання: матеріали ІІІ Міжнародної наукової конференції, 7—8 квітня 2016 р., Львів; Урич / Відп. за вип. Р.Г. Миська. — Львів, 2016. — 184 с.
- Фортеця: збірник заповідника “Тустань”. – Л.: Колір ПРО, 2012. – Кн. 2. – 640 с.
- Фортеця: збірник заповідника “Тустань”: на пошану Михайла Рожка. – Львів: Камула, 2009. – Кн. 1. – 720 с.
- Рожко М.Ф. Тустань – давньоруська наскельна фортеця: наукове видання / Михайло Федорович Рожко. – К.: Наукова думка, 1996. – 272 с.
- М. Ф. Рожко, Р. Г. Миська. Тустань // Енциклопедія історії України: у 10 т. / редкол.: В. А. Смолій (голова) та ін.; Інститут історії України НАН України. — К.: Наук. думка, 2013. — Т. 10: Т — Я. — С. 187. — .
বাহ্যিক সংযোগ
- Tustan Site Museum
- tustan.ua — Official website in Ukrainian
- Путівник "Стежками легендарної Тустані"
- Тустань (Урич)
- uamodna.com - Місто-фортеця Тустань
তথ্যসূত্ৰ
- ↑ (2021-05-06). 6 fascinating hiking routes to explore in Ukraine - KyivPost - Ukraine's Global Voice. KyivPost
- ↑ Щур Р.; Коханець М./ Тустань (Державний історико-культурний заповідник). Історія. Фолькльор / Роман Щур; Сколівські Бескиди (Національний природний парк) / Михайло Коханець.—Львів: Новий час.2002.—72с
- ↑ В.П. Кучерявий, Г. Шнайдер, Л.В. Пархуць, З.Ю. Шеремета, Х.Л. Пархуць Ландшафтне планування в умовах гірських населених місць Українських Карпат і Австрійських Альп // Науковий вісник НЛТУ України. Збірник науково-технічних праць . — 2011. – Вип. 21.16. – 360 с.
- ↑ Заповідник "Тустань". Українське середньовіччя і віртуальна реальність. Українська правда _Життя
- ↑ Рожко, Михайло. (1996). Тустань давньоруська наскельна фортеця. Наукова думка. পৃ. с. 26–27
- ↑ Войтович, Леонтій. (2011). Галицькько-волинські етюди. পৃ. с. 41
- ↑ Войтович, Леонтій. (2011). Границы Галицко-Волынского государства. Русин. Международный исторический журнал. পৃ. 14
- ↑ Рожко, Михайло. (1996). Тустань – давньоруська наскельна фортеця. পৃ. 27
- ↑ Михайло, Рожко. (1996). Тустань – давньоруська наскельна фортеця. পৃ. 30
- ↑ Рожко, Михайло. (1996). Тустань – давньоруська наскельна фортеця. পৃ. 31
- ↑ Любомир, Пархуць. (2012). Шляхи сполучення Тустанні. Фортеця: збірник заповідника "Тустань", кн.2. পৃ. 42
- ↑ Рожко, Василь. (2011). Тустань - унікальне місто-фортеця. Галицька Брама. পৃ. 2–3
- ↑ Рожко, Михайло. (1996). Тустань – давньоруська наскельна фортеця. পৃ. 196
- ↑ Рожко, Михайло. Тустань – давньоруська наскельна фортеця. 1996. পৃ. 109
- ↑ Рожко, Михайло. Архітектура та система оборони українських Карпат у княжу добу. 2016. পৃ. 199
- ↑ Миська, Роман. (2012). Нові дані до історії наскельної фортеці Тустань. পৃ. 332–333
- ↑ Рожко, Михайло. (1996). Тустань – давньоруська наскельна фортеця. পৃ. 104
- ↑ Cherkes, Bogdan; Linda, Svitlana; Rozhko, V. (2022). Graphical 3D Reconstruction of the Tustan Rock Fortress, Ukraine, in the Study and the Promotion of Architectural Heritage Sites. Wiadomości Konserwatorskie Journal of Heritage Conservation. পৃ. 26–35
- ↑ (2025-08-22). Замки, домальовані уявою
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুস্তান দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩০২৫৭ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।