আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
টম ৱেলিং
থমাছ জোচেফ ৱেলিং (Thomas Joseph Welling, জন্ম: ২৬ এপ্ৰিল, ১৯৭৭) এগৰাকী আমেৰিকান অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেওঁ দ্য ডব্লিউবি (বৰ্তমান দ্য চিডব্লিউ) চেনেলৰ ছুপাৰহিৰো ড্ৰামা ধাৰাবাহিক স্মলভিল (২০০১–২০১১)ত ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টাইছা ফাৰ্মিগা
টাইছা ফাৰ্মিগা (ইংৰাজী: Taissa Farmiga; জন্ম: ১৭ আগষ্ট, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। বিভিন্ন হৰৰ বা ভৌতিক ছবিত কৰা অভিনয়ৰ বাবে তেওঁক নিজৰ জ্যেষ্ঠ ভগ্নী ভেৰা ফাৰ্মিগাৰ সৈতে এগৰাকী স্ক্ৰীম কুুইন হিচাপে গণ্য কৰা হয়।
-
টাইলা এবাৰক্ৰামবি
টাইলা এবাৰক্ৰামবি (ইংৰাজী: Tyla Abercrumbie) এগৰাকী আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য চিত নিনা উইলিয়ামছ আৰু ক্ৰাইম ধাৰাবাহিক এনচিআইএছ: অৰিজিনছত বিষয়া মেৰী জো হেইছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
টাটিয়ানা আলী
টাটিয়ানা মাৰিচোল আলী (ইংৰাজী: Tatyana Marisol Ali; জন্ম: ২৪ জানুৱাৰী, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ ১৯৯০ চনৰপৰা ১৯৯৬ চনলৈ এনবিচিৰ চিটকম দ্য ফ্ৰেছ প্ৰিন্স অৱ বেল-এয়াৰত এশলী বেংকছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টিয়া চিৰকাৰ
টিয়া চিৰকাৰ (ইংৰাজী: Tiya Sircar; জন্ম: ১৬ মে’, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ দ্য গুড প্লেচ (২০১৬–২০২০) ধাৰাবাহিকত "ৰিয়েল এলিনৰ"/ভিকিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
টেচা থম্পছন
টেচা লিন থম্পছন (ইংৰাজী: Tessa Lynne Thompson; জন্ম: ৩ অক্টোবৰ, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। ব্লকবাষ্টাৰ আৰু স্বতন্ত্ৰ ড্ৰামা — এই দুয়ো ধাৰাৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
ডাকোটা ফেনিং
হান্না ডাকোটা ফেনিং (ইংৰাজী: Dakota Fanning; জন্ম: ২৩ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। ফেনিং শিশু অভিনেতা আৰু প্ৰাপ্তবয়স্ক অৱস্থা উভয়তে ব্লকবাষ্টাৰ ছবি আৰু স্বতন্ত্ৰ ফিচাৰ ফিল্মত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ডায়ানা ৰছ
ডায়ানা ৰছ (ইংৰাজী: Diana Ross; জন্ম: ২৬ মাৰ্চ, ১৯৪৪) এগৰাকী আমেৰিকান গায়িকা আৰু অভিনেত্ৰী। "কুইন অফ ম’টাউন" হিচাপে পৰিচিত ৰছ 'দ্য চপ্ৰিমছ' নামৰ সংগীত গোষ্ঠীটোৰ মুখ্য গায়িকা আছিল।
-
ডাৰ্লিন কেটছ
ৰীতা ডাৰ্লিন কেটছ (ইংৰাজী: Darlene Cates; জন্মগত নাম: গাত্ৰী; ১৩ ডিচেম্বৰ, ১৯৪৭ – ২৬ মাৰ্চ, ২০১৭) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৯৩ চনৰ চলচ্চিত্ৰ ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপত অভিনয় কৰি তেওঁ পৰিচিত হৈ পৰিছিল, য’ত তেওঁ নামী চৰিত্ৰটোৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰা মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
ডেনিয়েলা ৰুৱা
ডেনিয়েলা ছফিয়া কৰ্ণ ৰুৱা ওলচেন (ইংৰাজী: Daniela Sofia Korn Ruah Olsen; জন্ম: ২ ডিচেম্বৰ ১৯৮৩) এগৰাকী আমেৰিকান-পৰ্তুগীজ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ চিবিএছ পুলিচ প্ৰচিডিউৰেল ধাৰাবাহিক এনচিআইএছ: লছ এঞ্জেলছ-ত এনচিআইএছ স্পেচিয়েল এজেণ্ট কেন্সি ব্লাইৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সৰ্বাধিক পৰিচিত।
-
ডেমি মুৰ
| children = ৩ গৰাকী | parents = | awards = | signature = Demi Moore signature.svg }} ডেমি মুৰ (ইংৰাজী: Demi Moore; জন্ম: ১১ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। আশীৰ দশকত জনপ্ৰিয়তা লাভ কৰাৰ পিছত ১৯৯৫ চনৰ ভিতৰত তেওঁ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰে।
-
ডৰথী এবট
ডৰথী এবট (ইংৰাজী: Dorothy Abbott; ১৬ ডিচেম্বৰ, ১৯২০ – ১৫ ডিচেম্বৰ, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৪০ চনৰপৰা ১৯৬০ চনৰ ভিতৰত তেওঁ হলিউডৰ বহুতো উল্লেখযোগ্য চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সৰু-বৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।
-
তামাৰা জেনকিন্স
তামাৰা জেনকিন্স (ইংৰাজী: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু মাজে-সময়ে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। তেওঁ মূলত তেওঁৰ কাহিনীচিত্ৰ স্লমছ অৱ বেভাৰ্লী হিলছ (১৯৯৮), দা চেভেজ (২০০৭) আৰু প্ৰাইভেট লাইফ (২০১৮)-ৰ বাবে সৰ্বাধিক পৰিচিত।
-
তেহমিনা ছানি
তেহমিনা ছানি (ইংৰাজী: Tehmina Sunny) এগৰাকী ইংৰাজ অভিনেত্ৰী, বেহেলাবাদক আৰু কণ্ঠশিল্পী। তেওঁ ভাৰতীয় বংশোদ্ভৱ।
-
দয়া বৈদ্য
দয়া ভিভিয়ান বৈদ্য (ইংৰাজী: Daya Vivian Vaidya; জন্ম: ২০ মে’, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক আনফৰ্গেটেবল (২০১১–১২), বছ (২০১৬–২১) আৰু দ্য ব্লেক হেম্পটনছ (২০২২–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দানিলা এলনচো
দানিলা এলনচো (ইংৰাজী: Daniella Alonso) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন ফেশ্বন মডেল। তেওঁ দ্য হিলচ হেভ আইজ ২ আৰু ৰং টাৰ্ণ ২: ডেড এণ্ড (দুয়োখন ২০০৭) আদিকে ধৰি কেইবাখনো হৰৰ ছবিত অভিনয় কৰিছে।
-
দিলচাদ ৱাডছাৰিয়া
দিলচাদ ৱাডছাৰিয়া (ইংৰাজী: Dilshad Vadsaria; জন্ম: প্ৰায় ১৯৮৫ তেওঁ বিশেষকৈ এ.বি.চি. ফেমিলীৰ টেলিভিছন ধাৰাবাহিক গ্ৰীকত ৰেবেঁকা লোগানৰ চৰিত্ৰত আৰু ৩০ মিনিটছ অৰ লেছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দেৱিকা ভিচে
দেৱিকা ভিচে ইংৰাজী:Devika Bhise; এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দ্য মেন হু নিউ ইনফিনিটি চলচ্চিত্ৰত কৰা অভিনয় আৰু দ্য ৰুকী: ফেডছত এণ্টোনেট বেনেটেউৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
নম্ৰতা সিং গুজৰাল
নম্ৰতা সিং গুজৰাল (ইংৰাজী: Namrata Singh Gujral) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰেৰণাদায়ক বক্তা আৰু অভিনেত্ৰী।
-
নাটালি পৰ্টমেন
নাটালি হাৰ্ছলাগ (জন্ম ৯ জুন, ১৯৮১), পেছাদাৰীভাৱে নাটালি পৰ্টমেন নামেৰে পৰিচিত, এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক যাৰ ইজৰাইলী আৰু আমেৰিকান উভয় নাগৰিকত্ব আছে। তেওঁ কিশোৰ অৱস্থাৰপৰাই এক বিশাল পৰিসৰৰ অভিনয় জীৱনৰ সূচনা কৰিছিল আৰু বিভিন্ন ব্লকবাষ্টাৰ তথা স্বতন্ত্ৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
নাদিয়া আলেকজেণ্ডাৰ
নাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।
-
নিকি আইকক্স
নিকি লিন আইকক্স (ইংৰাজী: Nicki Lynn Aycox; জন্ম: ২৬ মে', ১৯৭৫ – ১৬ নৱেম্বৰ, ২০২২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতজ্ঞ আছিল। তেওঁ ছুপাৰনেচাৰেল, ক'ল্ড কেচ, জিপাৰ্ছ ক্ৰিপাৰ্ছ ২, পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ আৰু দ্য এক্স-ফাইলছ: আই ৱাণ্ট টু বিলিভত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
নিকোল ফিচেলা
নিকোল ফিচেলা (ইংৰাজী: Nicole Fiscella; জন্ম: ১৫ ছেপ্টেম্বৰ, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দ্য চিডব্লিউ-ৰ কিশোৰ কালৰ নাটকীয় ধাৰাবাহিক গছিপ গাৰ্লত ইছাবেল ক’টছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
নিক্কি ৰিড
নিক্কি ৰিড এজন আমেৰিকান অভিনেত্ৰী, চিত্ৰনাট্যকাৰ আৰু উদ্যোগপতি। তেওঁ বিশেষকৈ ৰ’জালী হেইলৰ ভূমিকাৰ বাবে জনাজাত, যি তেওঁ দ্য টোঁৱাইলাইট ছাগা (২০০৮–২০১২) চিত্ৰশৃংখলাত অভিনয় কৰিছিল।
-
নুৰিন ডিৱুলফ
নুৰিন ডিৱুলফ (ইংৰাজী: Noureen DeWulf; পূৰ্বৰ নাম: আহমেদ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ৱেষ্ট বেংক ষ্টোৰী (২০০৫), গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্ট (২০০৯), আৰু দ্য বেক-আপ প্লেন (২০১০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
নৱী ৰাৱাট
নৱলতা ৰাৱাট (ইংৰাজী: Navlata Rawat; জন্ম: ৫ জুন, ১৯৭৭) এগৰাকী প্ৰাক্তন আমেৰিকান টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য অ'চিত থেৰেছা ডিয়াজ আৰু নাম্বাৰ্ছত গণিতজ্ঞ অমিতা ৰামানুজনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
পদ্মা লক্ষ্মী
পদ্মা পাৰ্বতী লক্ষ্মী (জন্ম নাম: বৈদ্যনাথন; জন্ম ১ ছেপ্টেম্বৰ, ১৯৭০) এগৰাকী আমেৰিকান টেলিভিছন আয়োজক, মডেল, লেখিকা, উদ্যোগী, কৰ্মী আৰু প্ৰযোজক। তেওঁ ব্ৰাভো ৰন্ধন প্ৰতিযোগিতা কাৰ্যসূচী টপ চেফ (২০০৬–২০২৩) আয়োজন কৰি বিশিষ্টতা লাভ কৰে।
-
পাইপাৰ পেৰাবো
পাইপাৰ লিছা পেৰাবো (জন্ম ৩১ অক্টোবৰ, ১৯৭৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০০০ চনৰ হাস্য-নাট্যধৰ্মী চলচ্চিত্ৰ ‘‘কয়োটে আগলি’’ত অভিনয় কৰি বিশেষ খ্যাতি লাভ কৰে।
-
পাউলিনা চাভেজ
পাউলিনা এফ. চাভেজ (ইংৰাজী: Paulina Chávez; জন্ম: ২২ মে', ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্স ধাৰাবাহিক দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়া (২০২০) আৰু নেটফ্লিক্স ধাৰাবাহিক ফেট: দ্য উইংক্স চাগাৰ (২০২২) দ্বিতীয় ছিজনত ফ্লৰা চৰিত্ৰত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
পাম গ্ৰিয়াৰ
পামেলা চুজেন গ্ৰিয়াৰ (ইংৰাজী: Pamela Suzette Grier; জন্ম: ২৬ মে', ১৯৪৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু সমৰ কলাবিদ। চলচ্চিত্ৰ নিৰ্মাতা কুয়েন্টিন টাৰাণ্টিমুৱে তেওঁক চিনেমাৰ প্ৰথম মহিলা একচন ষ্টাৰ হিচাপে অভিহিত কৰিছে।