দানিলা এলনচো (ইংৰাজী ভাষা: Daniella Alonso) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু প্ৰাক্তন ফেশ্বন মডেল। তেওঁ দ্য হিলচ হেভ আইজ ২ আৰু ৰং টাৰ্ণ ২: ডেড এণ্ড (দুয়োখন ২০০৭) আদিকে ধৰি কেইবাখনো হৰৰ ছবিত অভিনয় কৰিছে। এলনচো ২০১২ চনৰপৰা ২০১৩ চনলৈ এনবিচিৰ প’ষ্ট-এপোকালিপ্টিক ধাৰাবাহিক ৰিভলিউচন আৰু ২০১৪ চনত মেডিকেল ড্ৰামা দ্য নাইট শ্বিফ্টৰ নিয়মীয়া অভিনয় শিল্পী আছিল। ইয়াৰ উপৰি তেওঁ ২০১৬ চনত টিএনটি ক্ৰাইম ড্ৰামা এনিমেল কিংডমৰ প্ৰথম ছিজনত অভিনয় কৰিছিল আৰু ২০১৯ চনত ছি ডব্লিউত সম্প্ৰচাৰিত প্ৰাইম টাইম ছোপ অপেৰা ডাইনেষ্টিৰ তৃতীয় ছিজনত ক্ৰিষ্টেল ফ্লৰেশ্বৰ মুখ্য চৰিত্ৰত অভিনয় আৰম্ভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
এলনচো নিউয়ৰ্ক চহৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ পুৱৰ্টো ৰিকান, পেৰুভিয়ান আৰু জাপানী মূলৰ বংশধৰ। তেওঁ উল্লেখ কৰিছে যে তেওঁ নিউয়ৰ্কৰ প্ৰায় সকলো মহিলা সদস্য থকা এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, যদিও তেওঁৰ পিতৃ, ককাক আৰু দদাইদেউসকলৰো তেওঁৰ জীৱনত যথেষ্ট প্ৰভাৱ আছিল।১
এলনচোৰ এজন ভাতৃ আছে। তেওঁ কেৰাটে চৰ্চা কৰিছিল আৰু ইয়াৰ চতুৰ্থ স্তৰৰ সেউজীয়া বেল্ট লাভ কৰিছে। তেওঁ জীৱ-জন্তু ভাল পায় আৰু পেটা (PETA)-ক সমৰ্থন কৰে।২ ২০১৩ চনত এটা বিজ্ঞাপন অভিযানত তেওঁ অংশগ্ৰহণ কৰি গ্ৰাহকসকলক কৃত্ৰিম চামৰা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।৩
ফৰ্ড মডেলিং এজেন্সীয়ে আৱিষ্কাৰ কৰাৰ পাছত এলনচোৱে চেভেনটিন, ৱাইএম আৰু টিন আদি কিশোৰ-কিশোৰীৰ আলোচনীৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁ ক্লেৰল, কভাৰগাৰ্ল, ক্লিন এণ্ড ক্লিয়াৰ, কেমাৰ্ট, টাৰ্গেট, ফুটলকাৰ আৰু ভল্কছৱেগেন আদিৰ দৰে কোম্পানীৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ পায়। তেওঁ ত্ৰিছতকৈও অধিক ৰাষ্ট্ৰীয় বিজ্ঞাপন আৰু অন্ততঃ বিশটা স্পেনিছ বজাৰৰ বিজ্ঞাপনত কাম কৰিছে।৪
কেৰিয়াৰ
টেলিভিছনৰ ক্ষেত্ৰত এলনচোৱে ল এণ্ড অৰ্ডাৰ আৰু এজ দ্য ৱৰ্ল্ড টাৰ্ণছত অতিথি শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ প্ৰথম সফলতা লাভ কৰে ২০০৪-০৫ চনত দ্য ডব্লিউবিৰ ড্ৰামা ধাৰাবাহিক ৱান ট্ৰী হিলৰ দ্বিতীয় ছিজনত আনা টেগাৰো নামৰ চৰিত্ৰটোৰ জৰিয়তে। ইয়াৰ পিছত তেওঁ হুড অফ হৰৰ (২০০৬), দ্য হিলচ হেভ আইজ ২ (২০০৭), ৰং টাৰ্ণ ২: ডেড এণ্ড (২০০৭) আৰু দ্য কালেক্টৰ (২০০৯) আদি হৰৰ ছবিত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ চিএছআই: ক্ৰাইম চিন ইনভেষ্টিগেশ্যন, প্ৰাইভেট প্ৰেক্টিচ, ৰিজ’লি এণ্ড আইলছ আৰু কেচেলত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।
২০০৭ চনত এলনচোৱে এনবিচিৰ ড্ৰামা ধাৰাবাহিক ফ্ৰাইডে নাইট লাইটছত (২০০৭-০৮) কাৰ্লোটা এলনচো হিচাপে এটা চৰ্চিত চৰিত্ৰত অভিনয় কৰে। ২০১০ চনত তেওঁ এবিচিৰ ড্ৰামা ধাৰাবাহিক মাই জেনেৰেচনত অভিনয় কৰিছিল। ২০১২ চনৰপৰা ২০১৩ চনলৈ তেওঁ এনবিচিৰ ধাৰাবাহিক ৰিভলিউচনত নোৰা ক্লেটন হিচাপে অভিনয় কৰে। এলনচোৱে পৰৱৰ্তী সময়ত ২০১৪ চনত এনবিচিৰ ধাৰাবাহিক দ্য নাইট শ্বিফ্টৰ প্ৰথম ছিজনত ডা° লেণ্ড্ৰি ডি লা ক্ৰুজৰ চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনত তেওঁ বিইটি ড্ৰামা ধাৰাবাহিক বিয়িং মেৰী জেনত অভিনয় কৰিছিল।
২০১৫ চনত এলনচোৱে দুখন ছবিত অভিনয় কৰিছিল: প্ৰথমখন আছিল হৰৰ ছবি ৰি-কিল আৰু দ্বিতীয়খন আছিল কেভিন জেমছৰ বিপৰীতে অভিনীত সফল কমেডী ছবি পল ব্লাৰ্ট: মল কপ ২।৫
২০১৬ চনত এলনচোৱে টিএনটি ক্ৰাইম ড্ৰামা এনিমেল কিংডমৰ প্ৰথম ছিজনত অভিনয় কৰে। তাৰ পিছৰ বছৰ তেওঁ এবিচি ড্ৰামা পাইলট লাচ ৰেইনচত অভিনয় কৰিবলৈ সুযোগ পায়, কিন্তু ই ধাৰাবাহিক হিচাপে নিৰ্বাচিত নহ’ল।৬
পৰৱৰ্তী সময়ত এলনচোৱে ক্ৰিমিনেল মাইণ্ডছ আৰু দ্য ৰেচিডেণ্টত কেইবাটাও চৰিত্ৰত অভিনয় কৰে। ২০১৯ চনত তেওঁ ছি ডব্লিউৰ প্ৰাইম টাইম ছোপ অপেৰা ডাইনেষ্টিৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে আৰু আনা ব্ৰেণ্ডা কণ্ট্ৰেৰাছৰ পৰিৱৰ্তে ক্ৰিষ্টেল জেনিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।৭৮৯
ব্যক্তিগত জীৱন

২০২০ চনৰ ৫ নৱেম্বৰত এলনচোৱে এটা পডকাষ্টত প্ৰকাশ কৰে যে তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক জেফ শ্বাইনৰ প্ৰথমটো সন্তানৰ বাবে গৰ্ভৱতী।১০ ২০২১ চনত তেওঁ ইনাৰা নামৰ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।১১
তথ্যসূত্ৰ
- ↑ Revolution's Daniella Alonso on Her Character & the Season. LATINA
- ↑ Daniella Alonso/Nora Clayton. NBC.com
- ↑ Actress Joins PETA Campaign for Fashion Without Cruelty. Latin American Herald Tribune
- ↑ (2012-10-11). Daniella Alonso Bio. Revolution TV Show
- ↑ Sneider, Jeff. (April 7, 2014). Revolution Actress Daniella Alonso Joins Kevin James in Paul Blart 2. TheWrap
- ↑ Andreeva, Nellie. (March 2, 2017). Las Reinas: Daniella Alonso to Play the Lead in ABC Crime Drama Pilot. Deadline Hollywood
- ↑ Bennett, Anita. (July 30, 2019). Dynasty Recasts Cristal Jennings with Daniella Alonso Stepping into the Role. Deadline Hollywood
- ↑ Petski, Denise. (October 11, 2019). Dynasty: Daniella Alonso Upped To Series Regular In Cristal Role; Michael Michele, Sam Underwood, Adam Huber Also Promoted. Deadline Hollywood
- ↑ Swift, Andy. (July 30, 2019). Dynasty Recast: Daniella Alonso Joins Season 3 as New Cristal Jennings. TVLine
- ↑ Berlin, Elliot. (2020-11-05). Daniella Alonso - Before Birth. Informed Pregnancy Podcast
- ↑ Daniela Alonso. Instagram
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দানিলা এলনচো” প্ৰবন্ধৰ সংশোধন ৫৯৯১৪৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।