অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিকি আইকক্স

নিকি লিন আইকক্স (ইংৰাজী: Nicki Lynn Aycox; জন্ম: ২৬ মে', ১৯৭৫ – ১৬ নৱেম্বৰ, ২০২২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতজ্ঞ আছিল। তেওঁ ছুপাৰনেচাৰেল, ক'ল্ড কেচ, জিপাৰ্ছ ক্ৰিপাৰ্ছ ২, পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ আৰু দ্য এক্স-ফাইলছ: আই ৱাণ্ট টু বিলিভত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নিকি লিন আইকক্স (ইংৰাজী ভাষা: Nicki Lynn Aycox; জন্ম: ২৬ মে', ১৯৭৫ – ১৬ নৱেম্বৰ, ২০২২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু সংগীতজ্ঞ আছিল। তেওঁ ছুপাৰনেচাৰেল, ক'ল্ড কেচ, জিপাৰ্ছ ক্ৰিপাৰ্ছ ২, পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ আৰু দ্য এক্স-ফাইলছ: আই ৱাণ্ট টু বিলিভত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০১৫ চনত তেওঁ নিজৰ প্ৰথমটো ই-পি ৰেড ভেলভেট ৰুম মুকলি কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

আইকক্সৰ জন্ম ওকলাহোমাৰ হেনেছিত হৈছিল।২ সৰু কালত আইকক্সে গান গাই আৰু পিয়ানো বজাই ভাল পাইছিল।২

কেৰিয়াৰ

আইকক্সৰ প্ৰাৰম্ভিক অভিনয় জীৱনত ৩ৰ্ড ৰক ফ্ৰম দ্য ছান, ইউএছএ হাই, বয় মিটছ ৱৰ্ল্ড, দ্য এক্স-ফাইলছ আৰু প্ৰভিডেঞ্চ নামৰ ধাৰাবাহিকত কৰা অভিনয় অন্তৰ্ভুক্ত আছিল।২৩

২০০৩ চনত আইকক্সে ২০০১ চনৰ হৰৰ ছবি জিপাৰ্ছ ক্ৰিপাৰ্ছৰ ছিকুৱেল জিপাৰ্ছ ক্ৰিপাৰ্ছ ২ত মিনক্সি হেইছ নামৰ এগৰাকী মানসপ্ৰত্যক্ষকাৰী চিয়াৰলীডাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।২৩ ২০০৫ চনৰ জুলাইৰপৰা অক্টোবৰলৈ আইকক্সে অভাৰ দেয়াৰ ধাৰাবাহিকত প্ৰাইভেট ব্ৰেণ্ডা "মিচেছ বি" মিচেলৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ এই ধাৰাবাহিকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ ৩য় ইনফেণ্ট্ৰী ডিভিজনৰ এটা গোটৰ ওপৰত আধাৰিত আছিল আৰু ইয়াত ইৰাক যুদ্ধৰ সৈনিকসকলৰ পৰিয়ালৰ ওপৰত পৰা প্ৰভাৱ বৰ্ণনা কৰা হৈছিল।

২০০৬ চনত আইকক্সে ক্ৰিমিনেল মাইণ্ডছৰ "দ্য পাৰফেক্ট ষ্টৰ্ম" খণ্ডত এম্বৰ কানাৰ্ডো নামৰ এগৰাকী চিৰিয়েল কিলাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। একে বছৰতে তেওঁ ডব্লিউবি (বৰ্তমান চি ডব্লিউ) ধাৰাবাহিক ছুপাৰনেচাৰেলৰ প্ৰথম ছিজনত মেগ মাষ্টাৰ্ছ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। কাৰ্যবাহী প্ৰযোজক কিম মেনাৰ্ছে ইয়াৰ পূৰ্বে অভাৰ দেয়াৰৰ এটা খণ্ডত আইকক্সৰ কাম দেখি তেওঁক মেগ চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰিছিল।৫

মোৰ ধাৰণা যেতিয়া আপুনি এগৰাকী মহিলাক এটা শক্তিশালী চৰিত্ৰ হিচাপে উপস্থাপন কৰিব বিচাৰে, তেতিয়া চৰিত্ৰটোত নিশ্চয়কৈ কিছু যৌনতা যোগ কৰা হয়। মই নিজে ইয়াৰ বহুখিনি যোগ কৰিছিলোঁ, কিন্তু ই চিত্ৰনাট্যতো নিশ্চিতভাৱে আছিল।
— ছুপাৰনেচাৰেলত মেগ চৰিত্ৰটো গঢ়ি তোলা সম্পৰ্কে আইকক্স

২০০৭ চনত আইকক্সে হেলি বেৰী আৰু ব্ৰুচ উইলিছৰ সৈতে থ্ৰিলাৰ ছবি পাৰফেক্ট ষ্ট্ৰেঞ্জাৰত অভিনয় কৰিছিল।৪ তাৰ পিছৰ বছৰত তেওঁ দ্য এক্স-ফাইলছ ফ্ৰেঞ্চাইজীৰ দ্বিতীয়খন ছবি দ্য এক্স-ফাইলছ: আই ৱাণ্ট টু বিলিভত অভিনয় কৰে। ইয়াৰ দৃশ্যগ্ৰহণ ২০০৭ চনৰ ডিচেম্বৰত আৰম্ভ হৈছিল৬ আৰু ২০০৮ চনৰ ১১ মাৰ্চত সম্পূৰ্ণ হৈছিল।৭ একে বছৰতে আইকক্সে জয় ৰাইড ২: ডেড এহেডত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

২০০৯ চনৰ জুলাই মাহত আইকক্সে টি এন টি একচন/ড্ৰামা ধাৰাবাহিক ডাৰ্ক ব্লুত জেমি এলেন নামৰ এগৰাকী আণ্ডাৰকভাৰ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় আৰম্ভ কৰে।৮ এই ধাৰাবাহিকখন ২০১০ চনৰ ১৫ ছেপ্টেম্বৰত শেষ হয়।৯ তেওঁৰ অন্তিম অভিনয় আছিল ২০১৪ চনৰ ছবি ডেড অন কেম্পাছ।২৩

২০১৫ চনত আইকক্সে তেওঁৰ প্ৰথমটো ই-পি ৰেড ভেলভেট ৰুম মুকলি কৰে, য’ত তেওঁৰ নিজৰ মৌলিক সংগীতৰ পাঁচটা গীত আছিল।১

ব্যক্তিগত জীৱন আৰু মৃত্যু

২০২১ চনৰ মাৰ্চ মাহৰ এটা ইনষ্টাগ্ৰাম পোষ্টত আইকক্সে প্ৰকাশ কৰিছিল যে তেওঁ লিউকেমিয়া ৰোগত আক্ৰান্ত হৈছে।৪১০ ২০২২ চনৰ ১৬ নৱেম্বৰত ৪৭ বছৰ বয়সত কেলিফৰ্ণিয়াৰ ডুয়াৰ্টৰ চিটি অফ হোপ নেচনেল মেডিকেল চেণ্টাৰত এই ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।১১১২১৩

ছুপাৰনেচাৰেলৰ স্ৰষ্টা এৰিক ক্ৰিপকেৰ লগতে ধাৰাবাহিকখনৰ অভিনেতা জিম বিভাৰ, মাৰ্ক পেলেগ্ৰিনো, ৰাচেল মাইনাৰ আৰু ৰিচাৰ্ড স্পেইট জুনিয়ৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।১৪

আইকক্স মেট ৰাবৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Red Velvet Room - EP by Nicki Aycox
  2. ↑ Minelle, Bethany. (November 21, 2022). Supernatural actress Nicki Aycox dies aged 47. Sky News
  3. ↑ Tinoco, Armando. (November 21, 2022). Nicki Aycox Dies: 'Supernatural' Actor Was 47. Deadline Hollywood
  4. ↑ Zee, Michaela. (November 21, 2022). Nicki Aycox, 'Supernatural' Star, Dies at 47. Variety
  5. ↑ "Masters of the Universe", p.20
  6. ↑ McClintock, Pamela; Siegel, Tatiana; Siegel, Tatiana. (October 31, 2007). Fox sets date for 'X-Files' sequel. Variety
  7. ↑ (March 12, 2008). Duchovny and two co-writers announce new X-Files feature film. Canadian Press
  8. ↑ About Dark Blue on TNT's website
  9. ↑ Official website at TNT
  10. ↑ Speakman, Kimberlee; Parker, Ryan. (November 20, 2022). Nicki Aycox, Supernatural Actress, Dead at 47. People
  11. ↑ Liu, Narayan. (November 20, 2022). Supernatural Star Nicki Aycox Dies. CBR
  12. ↑ Garvey, Marianne. (November 21, 2022). Nicki Aycox, 'Supernatural' actress, has died at age 47. CNN
  13. ↑ Thomas, Carly. (November 21, 2022). Nicki Aycox, ‘Supernatural’ Actress, Dies at 47. The Hollywood Reporter
  14. ↑ Highfill, Samantha. (November 21, 2022). 'Supernatural' cast and creator pay tribute to late actress Nicki Aycox. Entertainment Weekly

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকি আইকক্স” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৩০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।