নৱলতা ৰাৱাট (ইংৰাজী ভাষা: Navlata Rawat; জন্ম: ৫ জুন, ১৯৭৭)১২ এগৰাকী প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰন টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য অ'চিত থেৰেছা ডিয়াজ আৰু নাম্বাৰ্ছত গণিতজ্ঞ অমিতা ৰামানুজনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
ৰাৱাটৰ জন্ম কেলিফৰ্ণিয়াৰ মালিৰুত ক্লডিয়া আৰু ৰাজাজী ৰাৱাটৰ ঘৰত হৈছিল।১২ তেওঁৰ মাতৃৰফালৰ ককাক আছিল জাৰ্মানীৰ ফ্ৰেংকফৰ্ট আম মেইনৰ আৰক্ষী অধীক্ষক জেৰহাৰ্ড লিটমেন।৩ তেওঁ ফ্ল’ৰিডাৰ মিয়ামত ডাঙৰ-দীঘল হৈছিল। তেওঁ মিয়ামী ক্ৰাউণ্ট্ৰী ডে স্কুলত অধ্যয়ন কৰিছিল৪৫ আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টিচ স্কুল অৱ দ্য আৰ্টছৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬
কৰ্মজীৱন
টেলিভিছনৰ ক্ষেত্ৰত ৰাৱাট বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য অ’চিত থেৰেছা ডিয়াজ আৰু নাম্বাৰ্ছত গণিতজ্ঞ অমিতা ৰামানুজনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। তেওঁ ২৪ ধাৰাবাহিকৰ প্ৰথম ছিজনত মেলানি নামৰ এটা অতিথি চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনীত কথাছবিসমূহৰ ভিতৰত বিজ্ঞান ভিত্তিক চলচ্চিত্ৰ থটক্ৰাইমছ (২০০৩), 'প্ৰজেক্ট গ্ৰীনলাইট'ৰ কথাছবি ফিষ্ট (২০০৫) আৰু স্বতন্ত্ৰ ৰোমাণ্টিক কমেডী লাভলেছ ইন লছ এঞ্জেলছ (২০০৬) অন্যতম। ইয়াৰ উপৰি তেওঁ কেইবাটাও সৰু সৰু চৰিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত এঞ্জেল ধাৰাবাহিকৰ এটা খণ্ডত ডানা নামৰ এগৰাকী মানসিক ৰোগী ভেম্পায়াৰ স্লেয়াৰ আৰু ফক্সৰ হ্ৰস্বম্যাদী একচন টিভি শ্ব’ ফাষ্টলেনৰ এটা খণ্ডত ন্যাট ৰাইডেনৰ চৰিত্ৰ উল্লেখযোগ্য। তেওঁ ইউএচএ নেটৱৰ্কৰ ধাৰাবাহিক বাৰ্ণ নটিচৰ চতুৰ্থ ছিজনত এটা চৰিত্ৰত অভিনয় কৰিছিল।৭৪ অতি শেহতীয়াকৈ তেওঁ পুনৰ নিৰ্মাণ কৰা মেগনাম পি.আই. ধাৰাবাহিকত এটা অতিথি চৰিত্ৰত অভিনয় কৰিছে।৮
তেওঁ 'মোয়েন ইনকৰ্পৰেটেড'ৰ মুখপাত্ৰ আছিল আৰু তেওঁলোকৰ বহুতো বিজ্ঞাপনৰ বিৱৰণি দিছিল।৯
ব্যক্তিগত জীৱন
ৰাৱাটে ইয়াৰ পূৰ্বে অভিনেতা জেৰেমি চিষ্টোৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তাহিতি দ্বীপত তেওঁ নিজতকৈ ন বছৰ সৰু অভিনেতা তথা নিক নল্টেৰ পুত্ৰ ব্ৰলি নল্টেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১০১১ তেওঁলোকৰ এজনী কন্যা সন্তান আছে।১২
তথ্যসূত্ৰ
- ↑ Navi Rawat. timesofindia.indiatimes.com. Times of India - Bennett, Coleman & Co. Ltd
- ↑ Navi Rawat. girl.com.au. Girl.com.au, a Trillion Company
- ↑ Geschichte - Kriminalmuseum Frankfurt
- ↑ (2010-06-10). Keck's Exclusives: Numb3rs Vet Navi Rawat Gets Burned - Today's News: Our Take. TVGuide.com
- ↑ Kamath, Deepa. (April 4, 2005). The Many Faces of Navi Rawat. Nirali Magazine
- ↑ Mills, Nancy. (January 2, 2005). THE HEAT IS ON.. Ten talented young actors take a shot at stardom. New York Daily News. পৃ. 2
- ↑ Navi Rawat · Actor 22 Credits. tvguide.com. TV Guide
- ↑ Burbridge, Wendie. (November 6, 2018). Magnum Reloaded: Chasing cats leads to lesson in survival on 'Magnum P.I.'. Honolulu Star-Advertiser
- ↑ Who's Voice is That?
- ↑ (August 29, 2012). Exclusive: Numbers Star Navi Rawat Marries Nick Nolte's Son, Brawley!. Life&Style
- ↑ (2012-08-29). Nick Nolte's Son Brawley Nolte Marries Navi Rawat
- ↑ (2017-11-20). Nick Nolte honored with a star on the Hollywood Walk of Fame
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱী ৰাৱাট” প্ৰবন্ধৰ সংশোধন ৫৯৫১৭০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।