অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাম গ্ৰিয়াৰ

পামেলা চুজেন গ্ৰিয়াৰ (ইংৰাজী: Pamela Suzette Grier; জন্ম: ২৬ মে', ১৯৪৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু সমৰ কলাবিদ। চলচ্চিত্ৰ নিৰ্মাতা কুয়েন্টিন টাৰাণ্টিমুৱে তেওঁক চিনেমাৰ প্ৰথম মহিলা একচন ষ্টাৰ হিচাপে অভিহিত কৰিছে।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পামেলা চুজেন গ্ৰিয়াৰ (ইংৰাজী ভাষা: Pamela Suzette Grier; জন্ম: ২৬ মে', ১৯৪৯) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, গায়িকা আৰু সমৰ কলাবিদ। চলচ্চিত্ৰ নিৰ্মাতা কুয়েন্টিন টাৰাণ্টিমুৱে তেওঁক চিনেমাৰ প্ৰথম মহিলা একচন ষ্টাৰ হিচাপে অভিহিত কৰিছে।১ ১৯৭০ চনৰ আমেৰিকান ইণ্টাৰনেশ্যনেল পিকচাৰ্ছ আৰু নিউ ৱৰ্ল্ড পিকচাৰ্ছৰ কেইবাখনো একচন, ব্ল্যাক্সপ্লইটেশ্যন আৰু ওমেন-ইন-প্ৰিজন চলচ্চিত্ৰত অভিনয় কৰি তেওঁ খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ উল্লেখযোগ্য স্বীকৃতিসমূহৰ ভিতৰত এমি বঁটা, গ'ল্ডেন গ্লোব বঁটা, স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটা, চেটেলাইট বঁটা আৰু শনি বঁটাৰ বাবে লাভ কৰা মনোনয়ন অন্যতম।

গ্ৰিয়াৰে কফি (১৯৭৩) আৰু ফক্সি ব্ৰাউন (১৯৭৪) ছবিৰ নাম চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহিছিল; এই সময়ছোৱাত তেওঁৰ অন্যান্য প্ৰধান চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল দ্য বিগ ডল হাউচ (১৯৭১), ৱমেন ইন কেজেছ (১৯৭১), দ্য বিগ বাৰ্ড কেজ (১৯৭২), ব্লেক মামা হোৱাইট মামা (১৯৭৩), স্ক্ৰিম ব্লাকুলা স্ক্ৰিম (১৯৭৩), দ্য এৰিনা (১৯৭৪), চেবা, বেবী (১৯৭৫), বাকটাউন (১৯৭৫) আৰু ফ্ৰাইডে ফষ্টাৰ (১৯৭৫)। তেওঁ গ্ৰিজড লাইটনিং (১৯৭৭) ছবিত ৰিচাৰ্ড প্ৰায়ৰৰ চৰিত্ৰ ওৱেন্ডেল স্কটৰ পত্নীৰ চৰিত্ৰতো অভিনয় কৰিছিল। তেওঁৰ প্ৰথম অভিনীত ছবিৰ প্ৰায় তিনি দশকৰ পিছত টাৰাণ্টিমুৰ অপৰাধমূলক ছবি জ্যাকি ব্ৰাউনত (১৯৯৭) নাম চৰিত্ৰত অভিনয় কৰে। গ্ৰিয়াৰে এস্কেপ ফ্ৰম এল.এ. (১৯৯৬), মাৰ্চ এটেকছ! (১৯৯৬), জব্ৰেকাৰ (১৯৯৯), হলি স্মোক! (১৯৯৯), চনো ডে (২০০০), বোনছ (২০০১), জাষ্ট ৰাইট (২০১০), লেৰী ক্ৰাউন (২০১১) আৰু পমছ (২০১৯) ছবিতো অভিনয় কৰিছিল।

টেলিভিছনৰ ক্ষেত্ৰত গ্ৰিয়াৰে শ্ব’টাইম কমেডী-ড্ৰামা ধাৰাবাহিক লিংকছত (১৯৯৮–২০০০) এলিনৰ উইনথ্ৰপ, শ্ব’টাইম ড্ৰামা ধাৰাবাহিক দ্য এল ৱৰ্ডত (২০০৪–২০০৯) কেট "কিট" পৰ্টাৰ আৰু এবিচি চিটকম ব্লেছ ডিচ মেছত (২০১৯–২০২০) কনষ্টেন্স টেৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। এনিমেটেড ধাৰাবাহিক হেপিলি এভাৰ আফটাৰ: ফেয়াৰী টেলছ ফৰ এভৰী চাইল্ডত (১৯৯৯) তেওঁৰ কামৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিছিল।

২০১৬ চনত ইণ্ডিৱাইৰে গ্ৰিয়াৰক একাডেমী বঁটাৰ মনোনয়ন লাভ নকৰা অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে নামকৰণ কৰিছিল।২৩

বাহ্যিক সংযোগ

  • Pam Grier Happy Birthday, Pam Grier: Interview with the Accidental Action Heroine at Bright Lights Film Journal

তথ্যসূত্ৰ

  1. ↑ Pam Grier. Wizard World
  2. ↑ Kiang, Jessica. (1 January 2016). 30 Great Actors Who've Never Been Oscar Nominated. Indiewire
  3. ↑ Pam Grier Set for Career Tribute at Toronto Black Film Festival. The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাম গ্ৰিয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪০১ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।