আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
চিণ্ডি ক্ৰফ’ৰ্ড
চিণ্থিয়া এন ক্ৰফ’ৰ্ড (জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৬৬) এজনী আমেৰিকান মডেল, অভিনেত্ৰী আৰু দূৰদৰ্শন ব্যক্তিত্ব। ১৯৮০ আৰু ১৯৯০ দশকত তেওঁ আটাইতকৈ জনপ্ৰিয় ছুপাৰমডেলসকলৰ মাজৰ অন্যতম আছিল আৰু আলোচনীসমূহৰ আৱৰণ, ৰানৱে আৰু ফেশ্বন প্ৰচাৰ অভিযানত তেওঁ নিয়মীয়া উপস্থিতি ৰাখিছিল।
-
চুজি কোৱাট্ৰ'
চুজান কে কোৱাট্ৰ (জন্ম ৩ জুন ১৯৫০) এগৰাকী আমেৰিকান গায়িকা, বেছ গীটাৰবাদক, গীতিকাৰ আৰু অভিনেত্ৰী। ১৯৭০ৰ দশকত তেওঁ ইউৰোপ আৰু অষ্ট্ৰেলিয়াত বিশেষ সফলতা অৰ্জন কৰে; তেওঁৰ গীত কেন দ্য কেন (১৯৭৩) আৰু ডেভিল গেট ড্ৰাইভ (১৯৭৪) কেইবাখনো দেশত প্ৰথম স্থান লাভ কৰে।
-
চেজ ইনফিনিটি
চেজ ইনফিনিটি পেইন (ইংৰাজী: Chase Infiniti Payne; জন্ম: ৫ মে’, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০২৪ চনৰ লিমিটেড ধাৰাবাহিক প্ৰিজিউমড ইনোচেণ্ট আৰু ২০২৫ চনৰ চলচ্চিত্ৰ ৱান বেটল আফটাৰ এনাদাৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চেজ চুই ৱাণ্ডাৰ্ছ
চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…
-
চেনে গ্ৰাইমছ-বীচ
চেনে ছোনিয়া গ্ৰাইমছ-বীচ (জন্ম: ২৪ অক্টোবৰ, ১৯৮৯), যাক পূৰ্বে আৰু বৰ্তমানেও সাধাৰণতে চেনে গ্ৰাইমছ নামেৰে জনা যায়, এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ টিভি ধাৰাবাহিক ৯০২১০-ত এনী উইলছনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
চেলেনা গোমেজ
চেলেনা মেৰী গোমেজ (ইংৰাজী: Selena Marie Gomez) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, গীতিকাৰ, ব্যৱসায়ী আৰু প্ৰযোজক। গোমেজে এগৰাকী শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু শিশু টেলিভিছন ধাৰাবাহিক 'বাৰ্ণি এণ্ড ফ্ৰেণ্ডছ' (২০০২–২০০৪)-ত অভিনয় কৰিছিল।
-
ছফিয়া লিলিছ
ছফিয়া লিলিছ (ইংৰাজী: Sophia Lillis; জন্ম: ১৩ ফেব্ৰুৱাৰী, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিভীষিকা চলচ্চিত্ৰ ইট (২০১৭) আৰু ইট: চেপ্টাৰ টু (২০১৯) ত বেভাৰ্লি মাৰ্ছৰ চৰিত্ৰত অভিনয় কৰি আৰু নেটফ্লিক্স ড্ৰামা ধাৰাবাহিক আই এম নট ওকে উইথ দিছ (২০২০) ত টেলিকিনেছিছ ক্ষমতা সম্পন্ন এগৰাকী কিশোৰীৰ চৰিত্ৰত…
-
ছাব্ৰিনা কাৰ্পেণ্টাৰ
ছাব্ৰিনা এনলিন কাৰ্পেণ্টাৰ (ইংৰাজী: Sabrina Annlynn Carpenter; জন্ম: ১১ মে', ১৯৯৯) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। প্ৰথমে ডিজনী চেনেলৰ ধাৰাবাহিক গাৰ্ল মিটছ ৱৰ্ল্ড (২০১৪–২০১৭) ত মায়া হাৰ্টৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰাধান্য লাভ কৰে।
-
ছাৰা হাইলেণ্ড
ছাৰা জেন হাইলেণ্ড (জন্ম: ২৪ নৱেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। মানহাটানত জন্মগ্ৰহণ কৰা তেওঁ প্ৰফেচনেল পাৰফৰ্মিং আৰ্টছ স্কুলত অধ্যয়ন কৰিছিল। তেওঁ প্ৰথমে ‘প্ৰাইভেট পাৰ্টছ’ (১৯৯৭), ‘এনি’ (১৯৯৯) আৰু ‘ব্লাইণ্ড ডেট’ (২০০৭) চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।
-
ছুজান ৱাৰ্ড
ছুজান মিচেল ৱাৰ্ড (জন্ম: ১৫ এপ্ৰিল, ১৯৭৬) এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী আৰু মডেল। তেওঁ ১৯৯৭ চনৰ ছিকুৱেল পইজন আইভি: দ্য নিউ চিডাকচনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
ছেডি ছিংক
ছেডি এলিজাবেথ ছিংক (ইংৰাজী: Sadie Elizabeth Sink; জন্ম: ১৬ এপ্ৰিল, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, মিউজিকেল এনি (২০১২–২০১৪) আৰু ব্ৰডৱেৰ ঐতিহাসিক নাটক দ্য অডিয়েন্স (২০১৫)ত যুৱতী এলিজাবেথ দ্বিতীয়ৰ চৰিত্ৰত অভিনয় কৰে।
-
জিলিয়ান মাৰে
জিলিয়ান মাৰে (ইংৰাজী: Jillian Murray; জন্ম: ৪ জুন, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ ছনি উইথ এ চান্স ধাৰাবাহিকত পৰ্টলিন, এমটিভিৰ অকৱাৰ্ড ধাৰাবাহিকত অলিভিয়া, আমেৰিকান হাইস্কুল চলচ্চিত্ৰত গ্ৱেন এডামছ, ফৰ্গেট মি নটত লেক্স মিচেল, ৱাইল্ড থিংছ: ফোৰছামত ব্ৰেণ্ডী কক্স আৰু মাছ ইফেক্ট ভিডিঅ’…
-
জুলিয়া গাৰ্ণাৰ
জুলিয়া গাৰ্ণাৰ (ইংৰাজী: Julia Garner; জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। নেটফ্লিক্সৰ ক্ৰাইম ড্ৰামা ধাৰাবাহিক অ’জাৰ্ক (২০১৭–২০২২)ত ৰুথ লেংম’ৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
-
জুলিয়া বাটাৰ্ছ
জুলিয়া বাটাৰ্ছ (ইংৰাজী: Julia Butters; জন্ম: ১৫ এপ্ৰিল, ২০০৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ পাঁচ বছৰ বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ৱানচ আপন এ টাইম ইন হলিউড (২০১৯) বোলছবিত ট্ৰুডি ফ্ৰেজাৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ যুৱ অভিনয় শিল্পীৰ ক্ৰিটিক্স চয়েচ মুভি বঁটাৰ মনোনয়ন…
-
জুলিয়া ষ্টাইলছ
জুলিয়া অ'হাৰা ষ্টাইলছ (ইংৰাজী: Julia O'Hara Stiles; জন্ম: ২৮ মাৰ্চ, ১৯৮১) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰিচালক। ষ্টাইলছে ১১ বছৰ বয়সতে নিউয়ৰ্কৰ ‘লা মামা এক্সপাৰিমেণ্টেল থিয়েটাৰ ক্লাব’ৰ অংশ হিচাপে অভিনয় আৰম্ভ কৰিছিল।
-
জুলিয়ান মূৰ
জুলি এন স্মিথ (ইংৰাজী: Julie Anne Smith; জন্ম ৩ ডিচেম্বৰ, ১৯৬০), পেছাদাৰীভাৱে জুলিয়ান মূৰ (Julianne Moore) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। আৱেগিকভাৱে বিচলিত আৰু দুৰ্বল মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
জুলিয়েট লিউইচ
জুলিয়েট লেক লিউইচ (ইংৰাজী: Juliette Lake Lewis; জন্ম: ২১ জুন, ১৯৭৩) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁ বিশেষকৈ ব্যতিক্ৰমী চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিবোৰ প্ৰায়ে অন্ধকাৰ কাহিনী আৰু পটভূমিৰ চলচ্চিত্ৰত দেখা পোৱা যায়।
-
জেচিকা আলবা
জেচিকা মেৰী আলবা (ইংৰাজী: Jessica Alba; জন্ম: ২৮ এপ্ৰিল, ১৯৮১) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু ব্যৱসায়ী। ১৯ বছৰ বয়সত তেওঁ টেলিভিছন ধাৰাবাহিক ডাৰ্ক এঞ্জেল (২০০০–২০০২)ত মুখ্য চৰিত্ৰ মেক্স গুৱেভাৰাৰ ভূমিকাত অভিনয় কৰি বিশিষ্টতা লাভ কৰে, যাৰ বাবে তেওঁ গোল্ডেন গ্ল'বৰ মনোনয়ন লাভ কৰে।
-
জেচিকা ষ্ট্ৰুপ
জেচিকা ষ্ট্ৰুপ (ইংৰাজী: Jessica Stroup; জন্ম: ২৩ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী। তেওঁ ৯০২১০ (২০০৮–২০১৩) ধাৰাবাহিকত চিলভাৰ, দ্য ফলোয়িং (২০১৪–২০১৫) ধাৰাবাহিকত মেক্স হাৰ্ডি আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (MCU) ধাৰাবাহিক আইৰন ফিষ্টত (২০১৭–২০১৮) জয় মিছামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে…
-
জেণ্ডায়া
জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেন (ইংৰাজী: Zendaya Maree Stoermer Coleman; জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।
-
জেনা অৰ্টেগা
জেনা মাৰি অৰ্টেগা (জন্ম ২৭ ছেপ্টেম্বৰ ২০০২) এগৰাকী মাৰ্কিন অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক জেইন দ্য ভাৰ্জিন-ত কৰা অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে।
-
জেনিনা গাভাংকৰ
জেনিনা জিওন গাভাংকৰ (ইংৰাজী: Janina Zione Gavankar; জন্ম: ২৯ নৱেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতশিল্পী। তেওঁ এগৰাকী পিয়ান’বাদক, কণ্ঠশিল্পী আৰু অৰ্কেষ্ট্ৰা পাৰ্কাচনিষ্ট হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত আৰু ইউনিভাৰ্চিটি অৱ ইলিনয় চিকাগোত থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
জেনিফাৰ এনিষ্টন
জেনিফাৰ জোৱানা এনিষ্টন (Jennifer Joanna Aniston; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।
-
জেনিফাৰ ফ্লেভিন
জেনিফাৰ লি ফ্লেভিন ষ্টেলন (ইংৰাজী: Jenifer Lee Flavin; জন্ম: ১৪ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা আৰু প্ৰাক্তন মডেল। তেওঁ অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ সৈতে বিবাহিত।
-
জেনিফাৰ লৰেন্স
জেনিফাৰ শ্ৰেডাৰ লৰেন্স (ইংৰাজী: Jennifer Shrader Lawrence; জন্ম: ১৫ আগষ্ট, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। একচন চলচ্চিত্ৰ ফ্ৰেঞ্চাইজি আৰু স্বতন্ত্ৰ নাট্যধৰ্মী চলচ্চিত্ৰ দুয়োটাতে অভিনয় কৰি তেখেতে বিশ্বজুৰি ৬ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক আয় কৰিছে।
-
জেনেট মেককাৰ্ডি
জেনেট মেককাৰ্ডি (জন্ম: ২৬ জুন, ১৯৯২) এগৰাকী আমেৰিকান লেখিকা আৰু প্ৰাক্তন অভিনেত্ৰী। নিকেলোডিয়ানৰ চিটকম 'আই কাৰ্লি' (২০০৭–২০১২)-ত চ্যাম পকেটৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে আৰু এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিটাকৈ নিকেলোডিয়ান কিডছ চয়েছ এৱাৰ্ড লাভ কৰে।
-
জেনেল পেৰিছ
জেনেল মেইলানি পেৰিছ (ইংৰাজী: Janel Meilani Parrish; জন্ম: ৩০ অক্টোবৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ প্ৰিটি লিটল লায়াৰ্ছ (২০১০–১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছ (২০১৯) ধাৰাবাহিকত মোনা ভাণ্ডাৰৱালৰ চৰিত্ৰত আৰু টু অল দ্য বয়জ চলচ্চিত্ৰ শৃংখলাত…
-
জেমি লী কাৰ্টিছ
জেমি লী কাৰ্টিছ (ইংৰাজী: Jamie Lee Curtis; জন্ম: ২২ নৱেম্বৰ, ১৯৫৮) এগৰাকী আমেৰিকান অভিনেত্ৰী, প্ৰযোজক আৰু শিশু সাহিত্যিক। হৰৰ আৰু শ্লেচাৰ ধৰণৰ চলচ্চিত্ৰৰ লগতে কেইবাখনো কমেডী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক "স্ক্ৰীম কুইন" হিচাপে গণ্য কৰা হয়।
-
জেমী চুং
জেমী জিলিন চুং (ইংৰাজী: Jemie Jilynn Chung; জন্ম: ১০ এপ্ৰিল, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন ৰিয়েলিটি টেলিভিছন ব্যক্তিত্ব। ২০০৪ চনত এমটিভিৰ ৰিয়েল ৱৰ্ল্ড ছান ডিয়েগোৰ কাষ্ট মেম্বাৰ হিচাপে আৰু তাৰ পিছত ইয়াৰ স্পিন-অফ ধাৰাবাহিক ৰিয়েল ৱৰ্ল্ড/ৰোড ৰুলছ চেলেঞ্জ: দ্য ইনফাৰ্নো ২-ত অভিনয়ৰ…
-
জোই ছালডানা
জোই ইয়াদিৰা ছালডানা-পেৰেগো (জন্ম: ১৯ জুন, ১৯৭৮, পেছাগতভাৱে জোই ছালডানা নামেৰে পৰিচিত) এগৰাকী আমেৰিকান অভিনেত্ৰী। ছালডানাই সৰ্বকালৰ শীৰ্ষ ১০খন সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত চাৰিখনত অভিনয় কৰিছে।