অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডাৰ্লিন কেটছ

ৰীতা ডাৰ্লিন কেটছ (ইংৰাজী: Darlene Cates; জন্মগত নাম: গাত্ৰী; ১৩ ডিচেম্বৰ, ১৯৪৭ – ২৬ মাৰ্চ, ২০১৭) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৯৩ চনৰ চলচ্চিত্ৰ ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপত অভিনয় কৰি তেওঁ পৰিচিত হৈ পৰিছিল, য’ত তেওঁ নামী চৰিত্ৰটোৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰা মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ৪৩২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰীতা ডাৰ্লিন কেটছ (ইংৰাজী ভাষা: Darlene Cates; জন্মগত নাম: গাত্ৰী; ১৩ ডিচেম্বৰ, ১৯৪৭১ – ২৬ মাৰ্চ, ২০১৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আছিল। ১৯৯৩ চনৰ চলচ্চিত্ৰ ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপত অভিনয় কৰি তেওঁ পৰিচিত হৈ পৰিছিল, য’ত তেওঁ নামী চৰিত্ৰটোৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰা মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

জীৱনী

কেটছৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১৩ ডিচেম্বৰত টেক্সাছৰ বৰ্জাৰত। তেওঁৰ পিতৃ এজন গেছ ষ্টেচনৰ কৰ্মচাৰী আৰু মাতৃ এগৰাকী গৃহিনী আছিল। তেওঁৰ ১২ বছৰ বয়সত পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেওঁ টেক্সাছৰ ডুমাত ডাঙৰ-দীঘল হৈছিল।২

কেটছৰ স্বামীয়ে ভিয়েটনামত দুটা ১৩ মহীয়া ভ্ৰমণৰ বাবে নিয়োজিত হৈ থকাৰ সময়ত তেওঁ মানসিক শান্তিৰ বাবে অধিক খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। থাইৰয়ডৰ সমস্যা আৰু লেহেমীয়া বিপাকীয় ক্ৰিয়াৰ (metabolism) সৈতে অতিমাত্ৰা খাদ্য গ্ৰহণে তেওঁৰ ওজন যথেষ্ট বৃদ্ধি কৰিছিল। অতিৰিক্ত ওজনৰ বাবে হোৱা পেলভিক ইনফেকচনৰ ফলত তেওঁ দুবছৰ ধৰি বিচনাত আৱদ্ধ হৈ আছিল আৰু সেই সময়ছোৱাত তেওঁৰ ওজন অতিৰিক্ত ১৪৯ পাউণ্ড বৃদ্ধি পাই প্ৰায় ৬০০ পাউণ্ড হৈছিল।৩ কেটছে হতাশাগ্ৰস্ততা আৰু আত্মঘাতী চিন্তাত ভুগিছিল আৰু জনসমাজৰ পৰা আঁতৰি অকলশৰীয়াকৈ বাস কৰিছিল। তেওঁক 'প্ৰ’জাক' (Prozac) নামৰ ঔষধ খাবলৈ পৰামৰ্শ দিয়া হৈছিল, যাৰ বাবে তেওঁৰ জীৱন সলনি হোৱা বুলি তেওঁ প্ৰশংসা কৰিছিল।

১৯৯২ চনত দূৰশিক্ষাৰ পাঠ্যক্ৰমৰ জৰিয়তে হাইস্কুলৰ ডিপ্লমা লাভ কৰাৰ পিছত কেটছে পাঁচ বছৰীয়া নিসংগ জীৱনৰ অন্ত পেলায়। তেওঁ চেলী শ্ব’ৰ "টু হেভি টু লিভ দেয়াৰ হাউচ" শীৰ্ষক খণ্ডটোত উপস্থিত হ’বলৈ আমন্ত্ৰণ গ্ৰহণ কৰিছিল।২ অনুষ্ঠানটোত তেওঁ মেদবহুলতাৰ সৈতে তেওঁৰ যুঁজ আৰু ই তেওঁৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল সেই বিষয়ে আলোচনা কৰিছিল।

২০১০ চনত ধাৰাবাহিক স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ প্ৰায় এবছৰ চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল; ২০১২ চনলৈকে তেওঁ ২৪০ পাউণ্ড ওজন হ্ৰাস কৰিছিল আৰু পুনৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰিছিল।৪

কেৰিয়াৰ

চেলী শ্ব'ত তেওঁক দেখাৰ পিছত চিত্ৰনাট্যকাৰ পিটাৰ হেজেছে কেটছক ১৯৯৩ চনৰ ছবি ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপত এগৰাকী অতিমাত্ৰা মেদবহুল মাতৃৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিছিল; পৰিচালক লাছে হেলষ্ট্ৰমে তেওঁৰ অভিনয় ক্ষমতাৰ বিষয়ে জানিব পৰাৰ পিছত চৰিত্ৰটো অধিক বিস্তাৰিত কৰা হৈছিল।৫ দৃশ্যগ্ৰহণৰ সময়ত তেওঁৰ ওজন আছিল ৫২০ পাউণ্ড।৬ অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ এই প্ৰথম প্ৰচেষ্টাই সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল আৰু সহ-অভিনেতা লিয়োনাৰ্ডো ডিকাপ্ৰিও৭ তথা জনী ডেপেও তেওঁৰ অভিনয়ক উচ্চ প্ৰশংসা কৰিছিল।৮

ইয়াৰ পিছত ১৯৯৪ চনত পিকেট ফেন্স আৰু ১৯৯৬ চনত টাচ্চড বাই এন এঞ্জেলত তেওঁ টেলিভিছনৰ চৰিত্ৰত অভিনয় কৰে।৯ ২০০১ চনত নিৰ্মিত টিভি চলচ্চিত্ৰ উলফ গাৰ্লত তেওঁ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।১০

ব্যক্তিগত জীৱন আৰু মৃত্যু

কেটছে ১৪ বছৰ বয়সত আমেৰিকাৰ মেৰিন বাহিনীৰ কৰ্মী ৰবাৰ্ট কেটছক লগ পাইছিল আৰু ১৯৬৩ চনৰ ১১ জানুৱাৰীত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। সেই সময়ত তেওঁৰ বয়স আছিল ১৫ বছৰ আৰু ৰবাৰ্টৰ বয়স আছিল ২৫ বছৰ।৯ কেটছে কৈছিল যে তেওঁ ৰবাৰ্টক নিজৰ বয়সৰ বিষয়ে মিছা মাতিছিল আৰু বিয়াৰ আগদিনা নিশাহে তেওঁৰ বয়স যে ১৮ বছৰ হোৱা নাই সেই কথা প্ৰকাশ কৰিছিল।৪ তেওঁলোকৰ এজনী ছোৱালী আৰু দুজন পুত্ৰ আছিল আৰু তেওঁলোকে টেক্সাছৰ ফৰ্নিত বাস কৰিছিল।২১১ ৰবাৰ্ট এজন ডাক কৰ্মচাৰী আছিল আৰু মৃত্যুৰ আগলৈকে তেওঁলোকৰ বিবাহিত জীৱন অটুট আছিল।

২০১৭ চনৰ ২৬ মাৰ্চত ৬৯ বছৰ বয়সত টোপনিৰ অৱস্থাতে কেটছৰ মৃত্যু হয়। তেওঁৰ কন্যাই এটা ফেচবুক পোষ্টৰ জৰিয়তে তেওঁৰ মৃত্যুৰ বাতৰি ঘোষণা কৰিছিল।১২১৩

তেওঁৰ মৃত্যুৰ খবৰ পাই লিয়োনাৰ্ডো ডিকাপ্ৰিওৱে (যিয়ে ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপত তেওঁৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল) ফেচবুকত এক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি কয় যে কেটছ আছিল "মই এতিয়ালৈকে একেলগে কাম কৰাৰ সুযোগ পোৱা শ্ৰেষ্ঠ অভিনয় মাতৃ। তেওঁৰ মৰমিয়াল ব্যক্তিত্ব আৰু অবিশ্বাস্য প্ৰতিভা তেওঁক জনা আৰু তেওঁৰ কামক ভাল পোৱাসকলৰ মনত সদায় জীয়াই থাকিব।"১৪

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষনামচৰিত্ৰটোকা
১৯৯৩ৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপবনী গ্ৰেপ
২০১৪মাদাৰমাতৃচুটি ছবি
২০১৯বিলবোৰ্ডপেনী(অন্তিম ছবি), মৃত্যুৰ পিছত মুক্তিপ্ৰাপ্ত

টেলিভিছন

বৰ্ষনামচৰিত্ৰটোকা
১৯৯২চেলীনিজে"টু হেভি টু লিভ দেয়াৰ হাউচ"
১৯৯৪পিকেট ফেন্সচফী ৱালেচ"স্কুৱাটাৰ্ছ ৰাইটছ"
১৯৯৬টাচ্চড বাই এন এঞ্জেলক্লডিয়া বেল"ষ্টেটিউট অফ লিমিটেচন"
২০০১উলফ গাৰ্লএথেনা (মেদবহুল মহিলাগৰাকী)টিভি চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ (March 31, 2017). Portrayed housebound mom in 'Gilbert Grape'. The Washington Post. পৃ. B6
  2. ↑ Allis, Tim; Armstrong, Lois. (1994). Darlene Cates Talks Weight Struggle in 1994 PEOPLE Interview. People
  3. ↑ Strause, Jackie. (2017-03-28). ‘What’s Eating Gilbert Grape’ Mother Darlene Cates Dies at 69. The Hollywood Reporter
  4. ↑ Kaul, Greta. (August 10, 2012). Forney actress in 'What's Eating Gilbert Grape' sheds 240 pounds, looks to act again. Dallas Morning News
  5. ↑ Leonardi, Marisa. (December 12, 1993). Darlene Cates Knows a Weighty Role When It's Offered. Los Angeles Times
  6. ↑ (2017-03-29). 'What's Eating Gilbert Grape' mom Darlene Cates dies at 69. NBC News
  7. ↑ Nudd, Tim. (August 9, 2012). Darlene Cates Loses 250 Lbs., Sets Sights on Acting Again. People Magazine
  8. ↑ Vincent, Alice. (February 15, 2016). Oscars flashback: whatever happened to Gilbert Grape's mama?. The Telegraph
  9. ↑ (2023-05-24). Darlene Cates, actress from ‘What’s Eating Gilbert Grape,’ dies at 69. Washington Post
  10. ↑ (2017-03-28). Darlene Cates, the Mother in ‘What’s Eating Gilbert Grape,’ Dies at 69. The New York Times
  11. ↑ Petski, Denise. (2017-03-28). Darlene Cates Dies: ‘What’s Eating Gilbert Grape’ Star Was 69. Deadline
  12. ↑ Kelley, Seth. (March 28, 2017). 'What's Eating Gilbert Grape' Star Darlene Cates Dies at 69. Variety
  13. ↑ Cummings, Tommy. (March 28, 2017). Forney resident Darlene Cates, the overweight mom in 'What's Eating Gilbert Grape,' dies. Dallas Morning News
  14. ↑ Desta, Yohana. (2017-03-29). Leonardo DiCaprio Remembers Gilbert Grape Co-Star Darlene Cates, the "Best Acting Mom I Ever Had". Vanity Fair

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাৰ্লিন কেটছ” প্ৰবন্ধৰ সংশোধন ৫৮৬৯৫৬ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।