অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিকোল ফিচেলা

নিকোল ফিচেলা (ইংৰাজী: Nicole Fiscella; জন্ম: ১৫ ছেপ্টেম্বৰ, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দ্য চিডব্লিউ-ৰ কিশোৰ কালৰ নাটকীয় ধাৰাবাহিক গছিপ গাৰ্লত ইছাবেল ক’টছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।

হালনাগাদ: ২৬ মে’ ২০২৬ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নিকোল ফিচেলা (ইংৰাজী ভাষা: Nicole Fiscella; জন্ম: ১৫ ছেপ্টেম্বৰ, ১৯৭৯) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু মডেল।১ তেওঁ বিশেষকৈ দ্য চিডব্লিউ-ৰ কিশোৰ কালৰ নাটকীয় ধাৰাবাহিক গছিপ গাৰ্লত ইছাবেল ক’টছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।২

প্ৰাৰম্ভিক জীৱন

নিকোল ফিচেলাৰ জন্ম ১৯৭৯ চনৰ ১৫ ছেপ্টেম্বৰত ম্যানহাটনৰ লেনক্স হিল হাস্পতালত অথবা নিউয়ৰ্কৰ ৰচেষ্টাৰত হৈছিল। তেওঁ ভাৰতীয় আৰু ছেইণ্ট লুচিয়ান মূলৰ। তেওঁৰ পিতৃ-মাতৃ চিকিৎসক আৰু চাজ নামৰ তেওঁৰ এজন সৰু ভায়েক আছে।৩ তেওঁ ৰচেষ্টাৰত ডাঙৰ-দীঘল হৈছিল।৪ ফিচেলা পৰিচালক তথা ৰাজনৈতিক কৰ্মী জিম আগষ্টিনৰ তত্ত্বাৱধানত থকা 'অল-ষ্টেট জাজ কয়ৰ'ৰ সদস্য আছিল। ফিচেলাই টাফ্টছ বিশ্ববিদ্যালয়ৰপৰা নৃবিজ্ঞান বিষয়ত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩ তেওঁৰ ব্ৰিজপৰ্ট বিশ্ববিদ্যালয়ৰপৰা মানৱ পুষ্টি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও আছে আৰু তেওঁ এগৰাকী প্ৰমাণিত পুষ্টিবিদ।৩ দ্য নিউয়ৰ্ক অবজাৰ্ভাৰ-এ তেওঁক কিয় পুষ্টি বিজ্ঞান অধ্যয়ন কৰিব বিচাৰিছিল বুলি সোধাত ফিচেলাই উত্তৰ দিছিল— "মোৰ পিতৃ-মাতৃ দুয়োজনেই চিকিৎসক, গতিকে আমি সদায় স্বাস্থ্যৰ প্ৰতি সজাগ এটা পৰিয়াল আছিলোঁ। মই ভাবো মই সদায় চিকিৎসা ক্ষেত্ৰত কিবা এটা কৰিব বিচাৰিছিলোঁ, কিন্তু চিকিৎসক হোৱাৰ দৰে ইমান আগলৈ যাব বিচৰা নাছিলোঁ, গতিকে এইটো এটা ভাল মাধ্যম।"

কৰ্মজীৱন

২০০৫ চনত ফিচেলাই 'নিউয়ৰ্ক মডেল মেনেজমেণ্ট'ৰ অধীনত তেওঁৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ এলে, এচেন্স আৰু কচম’পলিটান আদিকে ধৰি অসংখ্য ফেশ্বন আলোচনীত ভূমুকি পাইছে। ইয়াৰ উপৰি তেওঁ জে.ক্ৰু, পেনটিন, বানানা ৰিপাব্লিক আৰু গ্যাপ বডীৰ বিজ্ঞাপন অভিযানত অংশ লৈছে। তেওঁ ববী ব্ৰাউন কচমেটিকছৰ মেকআপ মেনুৱেলৰ বাবেও মডেলিং কৰিছিল।

ফিচেলাই দ্য চিডব্লিউ-ৰ কিশোৰ কালৰ ধাৰাবাহিক গছিপ গাৰ্লৰ (২০০৭–২০১১) প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ ছিজনত ইছাবেল ক’টছৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটো আছিল ব্লেয়াৰ ৱাল্ডৰ্ফৰ (লেইটন মিষ্টাৰে অভিনয় কৰা) এগৰাকী বিশ্বাসী বান্ধৱী।১ ধাৰাবাহিকখনৰ কাহিনীভাগ ম্যানহাটনৰ আপাৰ ইষ্ট ছাইডত বাস কৰা চহকী পৰিয়ালৰ কিশোৰ-কিশোৰীসকলৰ জীৱনক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। ইয়াৰ উপৰি তেওঁ এল এল কুল জে-ৰ "বেবী" গীতটোৰ সংগীত ভিডিঅ’ত মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল।

২০২০ চনৰ মে' মাহৰ তথ্য অনুসৰি, ফিচেলাই এগৰাকী প্ৰমাণিত পুষ্টিবিদ হিচাপে কাম কৰাৰ লগতে প্ৰাকৃতিক খাদ্য আৰু পুষ্টিৰ ওপৰত এগৰাকী সক্ৰিয় ব্লগাৰ আৰু জীৱন-শৈলী প্ৰভাৱী হিচাপে কাম কৰি আছে।১ তেওঁ "Global Go to Girl" নামৰ এটা ব্লগ চলায়, য’ত স্বাস্থ্যসন্মত ৰন্ধন প্ৰণালী আৰু ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।৫

ব্যক্তিগত জীৱন

ফিচেলা বৰ্তমান তেওঁৰ স্বামী আৰু তিনিটা সন্তানৰ সৈতে কলৰাডৌত বাস কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (May 4, 2020). Gossip Girl's Nicole Fiscella Goes Back in Time. Carrie's Chronicles
  2. ↑ Leighton Meester, Nicole Fiscella. TV Fanatic
  3. ↑ (December 8, 2020). Nicole Fiscella Shares How Barre3 Helps Keep Her Energy High. barre3
  4. ↑ www.instagram.com/iamnicolefiscella/p/CULjKGqAEB
  5. ↑ About. Global Go To Girl

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকোল ফিচেলা” প্ৰবন্ধৰ সংশোধন ৬০৯০০৮ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।