আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
সুজাতা দে
সুজাতা চৌধুৰী (ইংৰাজী: Sujata Choudhury; জন্ম: ২৭ জুন, ১৯৮৪), আৰু চিত্ৰনাট্যকাৰ। ইছা ৰায়েৰ ৱেব ছিৰিজ দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্ল (২০১১-২০১৩)-ত চিচি আৰু ইনচিকিউৰত ছাৰাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।
-
সুনীতা মণি
সুনীতা মণি (ইংৰাজী: Sunita Mani; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, নৃত্যশিল্পী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ইউএচএ নেটৱৰ্কৰ ড্ৰামা ধাৰাবাহিক মিষ্টাৰ ৰবটত (২০১৫–২০১৭) ট্ৰেণ্টন আৰু নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক গ্ল’ত (২০১৭–২০১৯) আৰ্থি প্ৰেমকুমাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
সুপ্ৰিয়া গণেশ
সুপ্ৰিয়া গণেশ (ইংৰাজী: Supriya Ganesh; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্সৰ মেডিকেল ড্ৰামা টেলিভিছন শৃংখলা দ্য পিট (২০২৫–বৰ্তমান)-ত ডা° সমীৰা মোহনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সোনাল শ্বাহ
সোনাল শ্বাহ (ইংৰাজী: Sonal Shah) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ স্ক্ৰাবছ ধাৰাবাহিকত ড° ছোনিয়া "ছানি" দে নামৰ এটা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
হলেণ্ড ৰোডেন
হলেণ্ড ৰোডেন (ইংৰাজী: Holland Roden; জন্ম: ৭ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এমটিভিৰ টিন নাট্যধাৰাবাহিক টিন উলফত লিডিয়া মাৰ্টিন, ছাইফাইৰ ভয়ানক সংকলন ধাৰাবাহিক চেনেল জিৰো: বুচাৰ'ছ ব্লকত জো উডছ, আমাজন প্ৰাইম ভিডিঅ’ৰ ভয়ানক ডকুমেণ্টাৰী সংকলন ধাৰাবাহিক ল'ৰত ব্ৰিজেট ক্লিয়াৰী আৰু ভয়ানক…
-
হান্টাৰ শ্বেফাৰ
হান্টাৰ শ্বেফাৰ (ইংৰাজী: Hunter Schafer; জন্ম: ৩১ ডিচেম্বৰ, ১৯৯৮) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। নিউ জাৰ্ছিৰ ট্ৰেণ্টনত জন্মগ্ৰহণ কৰা আৰু উত্তৰ কেৰোলিনাৰ ৰেলীত ডাঙৰ-দীঘল হোৱা শ্বেফাৰে ২০১৬ চনত উত্তৰ কেৰোলিনাৰাজহুৱা সুবিধাৰ গোপনীয়তা আৰু সুৰক্ষা আইনৰ বিৰুদ্ধে এখন গোচৰত যোগদান কৰি…
-
হিলী ৰাইনহাৰ্ট
হিলী ইলিডাবেথ ৰাইনহাৰ্ট (ইংৰাজী: Haley Reinhart; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইলিনয়ৰ হুইলিং চহৰৰ বাসিন্দা। আমেৰিকান আইডলৰ দশম ছিজনত তৃতীয় স্থান লাভ কৰি তেওঁ পোনপ্ৰথমে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
হেইলি ছাহাৰ
হেইলি ছাহাৰ (ইংৰাজী: Hailie Sahar; জন্ম: ১৯৮৮) এগৰাকী আমেৰিকান প্ৰযোজক, অভিনেত্ৰী আৰু সংগীতশিল্পী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক পোজত লুলু এবাণ্ডেন্সৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০২৩ চনত তেওঁৰ প্ৰথমটো একক গীত "ষ্টাৰ ট্ৰেভেলাৰ" মুক্তি পায়।
-
হেলি বেইলি
হেলি লিন বেইলি (ইংৰাজী: Halle Lynn Bailey; জন্ম ২৭ মাৰ্চ, ২০০০), যাক কেৱল হেলি বুলিও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ প্ৰথমে তেওঁৰ ভনীয়েক ক্লোয়ি বেইলিৰ সৈতে সংগীত যুটী ক্লোয়ি x হেলিৰ সদস্য হিচাপে পৰিচিত হৈছিল।
-
হেলেন স্লেটাৰ
হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰচনা খাতাউ
ৰচনা খাতাউ (ইংৰাজী: Rachna Khatau) এগৰাকী ব্ৰিটিছ-আমেৰিকান টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী, গায়িকা, লেখিকা আৰু টেলিভিছন ঘোষিকা। ২০১৩ চনৰপৰা ২০১৭ চনলৈকে ফ্ৰীফৰ্ম চিটকম বেবী ড্যাডীত চন্দ্ৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰাচেল মাইনাৰ
ৰাচেল মাইনাৰ (ইংৰাজী: Rachel Miner; জন্ম: ২৯ জুলাই, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ১৯৯০ চনত এলিচ ছবিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ বুলি (২০০১), হেভেন (২০০৪), দ্য ব্লেক ডালিয়া, পেনি ড্ৰেডফুল (দুয়োখন ২০০৬), দ্য বাটাৰফ্লাই ইফেক্ট ৩: ৰিভেলেচনছ (২০০৯), আৰু ইন দেয়াৰ স্কিন (২০১২) আদি…
-
ৰুথ হোৱাইট
ৰুথ পেট্ৰিছিয়া হোৱাইট (২৪ এপ্ৰিল, ১৯১৪–৩ ডিচেম্বৰ, ১৯৬৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল, যিয়ে থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰিছিল। তেওঁ এমি বঁটা আৰু অ’বি বঁটা লাভ কৰিছিল, আৰু টনি বঁটাৰ বাবে মনোনীত হৈছিল।
-
ৰুমাৰ উইলিছ
ৰুমাৰ গ্লেন উইলিছ (ইংৰাজী: Rumer Glenn Willis; জন্ম: ১৬ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। অভিনেতা ব্ৰুচ উইলিছ আৰু অভিনেত্ৰী ডেমি মূৰৰ জ্যেষ্ঠ কন্যা ৰুমাৰে তেওঁৰ মাতৃৰ বিপৰীতে নাও এণ্ড দেন (১৯৯৫) নামৰ ড্ৰামাখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
ৰেইন স্পেন্সাৰ
ৰেইন স্পেন্সাৰ এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ আমাজন প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় কিশোৰ-কেন্দ্ৰিক ধাৰাবাহিক দ্য ছামাৰ আই টাৰ্ণ্ড প্ৰেটিত টেইলৰ জুৱেল চৰিত্ৰত অভিনয় কৰি বিশ্বজুৰি পৰিচিতি লাভ কৰে।
-
ৰেইনি কোৱালি
ৰেইনছফৰ্ড ডুবোজ কোৱালি (জন্ম ১১ মাৰ্চ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। অভিনেত্ৰী এণ্ডি মেকড’ৱেলৰ কন্যা আৰু অভিনেত্ৰী মাৰ্গাৰেট কোৱালিৰ ভগ্নী হিচাপে ২০১২ চনত মুক্তি পোৱা ‘’মাইটি ফাইন’’ চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে তেওঁ অভিনয়ত অভিষেক কৰে।
-
ৰেছমা চেট্টী
ৰেছমা চেট্টী (ইংৰাজী: Reshma Shetty; জন্ম: ২ নৱেম্বৰ ১৯৭৭) এগৰাকী ব্ৰিটিছ মূলৰ আমেৰিকান অভিনেত্ৰী যিয়ে ইউএছএ নেটৱৰ্কৰ টিভি ধাৰাবাহিক ৰয়েল পেইনছত দিব্যা কাটদাৰেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰেণ্ডী হেলাৰ
ৰেণ্ডী হেলাৰ ( ইংৰাজী: Randee Heller; জন্ম: Randee Antzis; ১০ জুন, ১৯৪৭) এগৰাকী আমেৰিকান টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৭০ চনৰ চিটকম ছ'পত এলিছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত, তাৰোপৰি টেলিভিছনৰ প্ৰথম লেচবিয়ান চৰিত্ৰসমূহৰ ভিতৰত তেওঁৰ চৰিত্ৰ অন্যতম।
-
ৰেনে বণ্ড
ৰেনে বণ্ড (১১ অক্টোবৰ ১৯৫০ – ২ জুন ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। বণ্ডই ১৯৬০ চনৰ শেষৰফালে হেৰী নোভাকে নিৰ্মাণ কৰা ছফ্টকোৰ এক্সপ্লইটেচন চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৭০ চনৰ আৰম্ভণিতে হাৰ্ডকোৰ চলচ্চিত্ৰলৈ গতি কৰিছিল।
-
ৰোছা ছালাজাৰ
ৰোছা ছালাজাৰ (ইংৰাজী: Rosa Salazar; জন্ম: ১৬ জুলাই ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এনবিচি ধাৰাবাহিক পেৰেণ্টহুড (২০১১-২০১২) আৰু এফএক্স ধাৰাবাহিক আমেৰিকান হৰৰ ষ্ট’ৰী: মাৰ্ডাৰ হাউচত (২০১১) অভিনয় কৰিছিল।
-
ৰোজ আবডু
ৰোজ মেৰী আবডু (ইংৰাজী: Rose Marie Abdoo; জন্ম: ২৮ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান। তেওঁ বিশেষকৈ গিলমৰ গাৰ্লছত ষ্টাৰ্ছ হল'ৰ স্থানীয় মেকানিক জিপ্ছী, দ্যাটছ ছ' ৰেভেনত স্পেনিছ শিক্ষক চেনিঅ'ৰিটা ৰড্ৰিগেজ আৰু হেকছ ধাৰাবাহিকত জোচেফিনাৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।
-
ৰোজাবেল লৰেণ্টি চেলৰ্চ
ৰোজাবেল লৰেণ্টি চেলৰ্চ (ইংৰাজী: Rosabell Laurenti Sellers; জন্ম: ২৭ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকান-ইটালীয়ান অভিনেত্ৰী। তেওঁ শিশু ধাৰাবাহিক মিয়া এণ্ড মিৰ নামভূমিকাত কৰা অভিনয় আৰু টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছত টাইন ছেণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰ’জী পেৰেজ
ৰোজা মাৰিয়া পেৰেজ (ইংৰাজী: Rosa Maria Perez; জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৬৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২৪ বছৰ বয়সত ডু দ্য ৰাইট থিং (১৯৮৯) ছবিখনত টিনাৰ চৰিত্ৰত অভিনয় কৰি তেওঁৰ অগ্ৰগতি লাভ কৰে।
-
ৰ’ৱান ব্লেনচাৰ্ড
ৰ'ৱান ব্লেনচাৰ্ড (ইংৰাজী: Rowan Blanchard; জন্ম: ১৪ অক্টোবৰ, ২০০১) এগৰাকী আমেৰিকান অভিনেত্ৰী। সৰুৰে পৰা অভিনয় আৰম্ভ কৰা তেখেতে একচন ছবি স্পাই কিডছ: অল দ্য টাইম ইন দ্য ৱৰ্ল্ড (২০১১)ত অভিনয় কৰিছিল।