তেহমিনা ছানি (ইংৰাজী ভাষা: Tehmina Sunny)১ এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, বেহেলাবাদক আৰু কণ্ঠশিল্পী। তেওঁ ভাৰতীয় বংশোদ্ভৱ।২
জীৱন আৰু কৰ্মজীৱন
ছানিৰ কৰ্মজীৱন লণ্ডনত থকাৰ সময়তে আৰম্ভ হৈছিল। এজন অভিনয় শিক্ষকৰ ওচৰত অধ্যয়ন কৰিবলৈ লছ এঞ্জেলছলৈ যোৱাৰ পাছত তেওঁ লছ এঞ্জেলছতে থাকি কাম কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰত্যাহ্বানমূলক পৰিৱৰ্তন সত্ত্বেও তেওঁ নিজৰ সপোন পূৰণৰ বাবে লছ এঞ্জেলছলৈ গুচি যায়।
ছানীয়ে কেভিন বেকনৰ সৈতে দ্য ফল’য়িং,৩ ২৪, হিৰ’জ, কেলিফৰ্ণিকেচন, এন.চি.আই.এছ., জে. জে. আব্ৰামছে লিখা আণ্ডাৰকভাৰ্ছ, এ.বি.চি.ৰ মিষ্ট্ৰেছেছ৪৫ আৰু এৰন ছৰ্কিনৰ দ্য নিউজৰুমকে ধৰি কেইবাখনো টিভি ধাৰাবাহিকত চৰিত্ৰ লাভ কৰে।৬ তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল আলফনছো কুৱাৰনৰ অস্কাৰ মনোনীত ছবি চিলড্ৰেন অৱ মেনত। তেওঁ মাইক ফিগিছ, ৰোলেণ্ড জফ আৰু বেন এফ্লেকৰ দৰে পৰিচালকৰ সৈতে কাম কৰিছে।৭ বেন এফ্লেকৰ অস্কাৰ বিজয়ী ছবি আৰ্গোতো তেওঁ অভিনয় কৰিছিল।৮৯
২০১৩ চনত ছানীয়ে ৬০০০ জন লোকৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ চি.বি.এছ. ডাইভাৰ্চিটি শ্ব’কেছ কাৰ্যসূচীৰ বাবে অন্তিম ২০জনৰ ভিতৰত নিৰ্বাচিত হৈছিল। এই অনুষ্ঠানটোৱে তেওঁক মনোৰঞ্জন জগতৰ মাজত জনপ্ৰিয় কৰি তুলিছিল।১০ ২০১৪ চনৰ নৱেম্বৰ মাহত স্ক্ৰীণ ইণ্টাৰনেশ্যনেলে তেহমিনাক তেওঁলোকৰ ‘এল.এ. ষ্টাৰ্ছ অৱ টুমৰ’ হিচাপে নামকৰণ কৰে। ২০১৫ চনত তেওঁ দ্য ভেটিকান টেপছ নামৰ থ্ৰিলাৰখনত এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছিল।১১
তেওঁ চি.বি.এছ.ৰ শ্ব’ ট্ৰেনিং ডেত বিল পেক্সটনৰ বিপৰীতে অভিনয় কৰিছিল আৰু চি.ডব্লিউ.ৰ ছাই-ফাই শ্ব’ পেণ্ডোৰাৰ প্ৰথম ছিজনত নিয়মীয়া অভিনয় কৰিছিল। ২০২০ চনত তেওঁ চিকাগো মেডৰ ষষ্ঠ ছিজনত ড° চাবিণা বিৰাণীৰ চৰিত্ৰত অভিনয় কৰে।১২
হেলেন ৱানৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত নেটফ্লিক্সৰ ড্ৰামা ছিৰিজ পাৰ্টনাৰ ট্ৰেকতো ছানীয়ে অভিনয় কৰিছিল। এই ধাৰাবাহিকখন নিউয়ৰ্কত চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু ২০২১ চনৰ ২৬ আগষ্টত মুক্তি দিয়া হৈছিল।১৩১৪ ২০২৫ চনৰ নৱেম্বৰ মাহত ডেডলাইন হলিউডে বাতৰি প্ৰকাশ কৰে যে ছানীয়ে বহু প্ৰত্যাশিত ছবি দ্য ছচিয়েল ৰেকনিংত অভিনয় কৰিব, যিখন অস্কাৰ বিজয়ী ছবি দ্য ছচিয়েল নেটৱৰ্কৰ পৰৱৰ্তী খণ্ড। ছবিখন ২০২৬ চনৰ অক্টোবৰত মুক্তি পাব।১৫
ব্যক্তিগত জীৱন
ছানিৰ জন্ম ইংলেণ্ডৰ ক্ৰইডনত হৈছিল। তেওঁ বেহেলা (violin) আৰু ভায়োলা (viola) বজোৱাৰ বাবে জলপানি লাভ কৰিছিল। পূৰ্বৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈয়ে তেওঁ বিবিচিৰ অভিনয় প্ৰতিভাৰ দেশজোৰা সন্ধানৰ চূড়ান্ত প্ৰতিযোগী আছিল। ছানীয়ে ইংলেণ্ডৰ লীডছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল,১৬ য’ত তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু কম্পিউটাৰ বিজ্ঞানৰ ওপৰত গুৰুত্ব দি 'বিজনেছ ইনফৰ্মেশ্যন চিষ্টেম' অধ্যয়ন কৰিছিল।১৭১৮ মাৰ্কেটিং আৰু ব্যাৱসায়িক অধ্যয়নৰ সৈতে তেওঁ সন্মানসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। মনোৰঞ্জন জগতলৈ তেওঁৰ কেৰিয়াৰৰ পৰিৱৰ্তন আছিল সম্পূৰ্ণ অপৰিকল্পিত।১৯২০ তেওঁ বৰ্তমান নিউয়ৰ্ক আৰু লণ্ডনৰ মাজত নিজৰ সময় অতিবাহিত কৰে।
অভিনয় তালিকা
| চলচ্চিত্ৰ | |||
|---|---|---|---|
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
| ২০০৬ | |||
| চিলড্ৰেন অৱ মেন | জৰা | ইউনিভাৰ্চেল পিকচাৰ্ছ | |
| ২০১১ | এলিভেটৰ | মৰিণ আছানা | কোৱাইট নাইচ প্ৰডাকচনছ |
| ২০১২ | আৰ্গো | ছুইছ এয়াৰ টিকেটিং এজেণ্ট | ৱাৰ্নাৰ ব্ৰাদাৰ্ছ |
| এমেজিং লাভ | গোমাৰ | হোচেয়া প্ৰডাকচনছ | |
| ২০১৫ | দ্য ভেটিকান টেপছ | সাংবাদিক | লায়ন্সগেট ফিল্মছ |
| দ্য লাভাৰ্ছ | সনুবাঈ | ক'ৰচান | |
| ২০১৭ | দ্য মেড জিনিয়াছ প্ৰজেক্ট | এঞ্জেল | ভিক্স প্ৰডাকচনছ |
| ২০২৬ | দ্য ছচিয়েল ৰেকনিং | অভিনেত্ৰী | ছনী |
| টেলিভিছন | |||
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
| ২০০৭ | কেজুৱেলটী | ফৰিদা খান | পুনঃপৌনিক চৰিত্ৰ |
| ২০০৮ | হিৰ’জ | ব্ৰিজেট বেইলী | পুনঃপৌনিক চৰিত্ৰ |
| কেলিফৰ্ণিকেচন | ধুনীয়া বাৰমেইড | অতিথি শিল্পী | |
| ২০০৯–২০১৩ | এন.চি.আই.এছ. | লায়লা শাকাৰ্জী | পুনঃপৌনিক চৰিত্ৰ |
| ২০০৯ | ইলেভেন্থ আৱাৰ | লায়লা | অতিথি শিল্পী |
| মিচিং | লায়লা গুডকা | অতিথি শিল্পী | |
| ২০১০ | আণ্ডাৰকভাৰ্ছ | দয়িতা নাছিৰ | অতিথি শিল্পী |
| ২০১১ | ৰাইটাৰ্ছ ব্লক | বীণা | ধাৰাবাহিকৰ নিয়মীয়া শিল্পী |
| ২০১২ | দ্য নিউজৰুম | দৰ্শনা যাদৱ | অতিথি শিল্পী |
| ২০১৩ | মিষ্ট্ৰেছেছ | নাটালি ৱেড | পুনঃপৌনিক চৰিত্ৰ |
| চি.এছ.আই.: ক্ৰাইম চীন ইনভেষ্টিগেশ্যন | নাইলা ফায়েদ | অতিথি শিল্পী | |
| পাৰচেপচন | ৰীণা | অতিথি শিল্পী | |
| ২০১৪ | দ্য ফল’য়িং | মেলিনা ইভানছ | অতিথি শিল্পী |
| ২৪: লাইভ এনাদাৰ ডে | ফাৰাহ | অতিথি শিল্পী | |
| ২০১৫ | চি.এছ.আই.: চাইবাৰ | তনয়া শ্বেফাৰ | অতিথি শিল্পী |
| বেটল ক্ৰীক | কেটৰিনা হোৱাইট | অতিথি শিল্পী | |
| এক্সটেণ্ট | ইৰিছ | পুনঃপৌনিক চৰিত্ৰ | |
| ২০১৭ | ট্ৰেনিং ডে | লিনা ফাৰজান | পুনঃপৌনিক চৰিত্ৰ |
| ২০১৯ | পেণ্ডোৰা | ৰেগান ফ্ৰেইড | ধাৰাবাহিকৰ নিয়মীয়া শিল্পী |
| ২০২০ - ২০২১ | চিকাগো মেড | চাবীণা বিৰাণী | পুনঃপৌনিক চৰিত্ৰ |
| ২০২২ | পাৰ্টনাৰ ট্ৰেক | ভিক্টোৰিয়া চেইণ্ট ক্লেইয়াৰ | পুনঃপৌনিক চৰিত্ৰ |
| ২০২৪ | ল এণ্ড অৰ্ডাৰ | কেন্দ্ৰা নাছিৰ | অতিথি শিল্পী |
| ভিডিঅ' গেম | |||
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
| ২০১৫ | দ্য অৰ্ডাৰ: ১৮৮৬ | লক্ষ্মী | মুখ্য চৰিত্ৰ |
তথ্যসূত্ৰ
- ↑ Tehmina Sunny. Internet Movie Database
- ↑ India Empire – Cover Story. Britsacrossthepond.com
- ↑ Andreeva, Nellie. (28 August 2013). Duo Join Pilot 'Big Time In Hollywood'; 'The Following' & 'The Originals' Add Recurring. Deadline Hollywood
- ↑ Andreeva, Nellie; Patten, Dominic. (13 November 2012). CW's '90210' And ABC's 'Zero Hour', 'Last Resort', 'Mistresses' Add Recurring Players. Deadline Hollywood
- ↑ Sunny forecast for ëMistressesí. Variety
- ↑ Runway Æ Celebrity Fashion Magazine – Tehmina Sunny. Runway
- ↑ Interview: Tehmina Sunny On Working With Ben Affleck In 'Argo' And More. NoelPhillips.com
- ↑ asha's angle: Tehmina Sunny: (Argo & Mistress Actress), "I'd Love To Be a Cunning, Shrewd Bond Girl!" Plus her fashion & hair style. Girl Band?. Ashangle.blogspot.com
- ↑ (3 March 2013). Q & A with British Asian actress, Tehmina Sunny. UrbanAsian
- ↑ Actors Day in LA at CBS Diversity Showcase 2013 (Tech Rehearsal) with Actress Host Tehmina Sunny. Actors Reporter
- ↑ (6 March 2015). The Vatican Tapes. DC
- ↑ (23 September 2020). 'Chicago Med': Tehmina Sunny To Recur On NBC Drama Series. Deadline Hollywood
- ↑ (14 September 2021). 'Partner Track': Desmond Chiam And Tehmina Sunny Join Netflix Series As Recurring. Deadline Hollywood
- ↑ (17 September 2021). 'Partner Track' Netflix Series: What We Know So Far. Whats on Netflix
- ↑ (November 3, 2025). 'Aaron Sorkin's 'The Social Reckoning' Adds Portia Doubleday, Patrick Fischler, Joey Brooks, Sierra Capri & Tehmina Sunny. Deadline Hollywood
- ↑ LS2 talks to Leeds Graduate Tehmina Sunny about her new movie Elevator, 'Otley Running' and life in LA... Leedsstudent.org
- ↑ Tehmina Sunny, a Gujarati, plays lead role in ëElevatorí. dna
- ↑ A Welcome Introduction: Tehmina Sunny. Sharpformen.com
- ↑ Helen Earnshaw. (29 September 2011). Tehmina Sunny Exclusive Interview. Femalefirst.co.uk
- ↑ Tehmina Sunny interview. The Talking Sloth
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেহমিনা ছানি” প্ৰবন্ধৰ সংশোধন ৬০২৩৫৭ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।