দেৱিকা ভিচে ইংৰাজী ভাষা:Devika Bhise; এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ দ্য মেন হু নিউ ইনফিনিটি চলচ্চিত্ৰত কৰা অভিনয় আৰু দ্য ৰুকী: ফেডছত এণ্টোনেট বেনেটেউৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।১
প্ৰাৰম্ভিক জীৱন

ভিচেৰ জন্ম আৰু ডাঙৰ-দীঘল নিউয়ৰ্ক চহৰৰ মেনহেটানত হৈছিল। তেওঁ মাৰাঠী বংশোদ্ভূত।২ তেওঁ মেনহেটানৰ এখন কেৱল ছোৱালীৰ ব্যক্তিগত বিদ্যালয় 'দ্য ব্ৰিয়াৰ্লী স্কুল' আৰু জনছ হপকিন্স ইউনিভাৰ্চিটিত অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত তেওঁ 'হডচন ট্ৰাষ্ট স্কলাৰশ্বিপ' লাভ কৰিছিল আৰু জন এষ্টিনৰ তত্ত্বাৱধানত এজন 'উড্ৰ’ উইলচন ফেলো' আছিল।৩ জনছ হপকিন্স ইউনিভাৰ্চিটিত পঢ়ি থকা অৱস্থাতে তেওঁ ৰামানুজনৰ জীৱনৰ ওপৰত আধাৰিত ইৰা হপ্টমেনৰ নাটক দ্য পাৰ্টিচনত অভিনয় কৰিছিল। এই অভিজ্ঞতাই কেইবছৰমানৰ পিছত তেওঁক একে বিষয়ৰ চিনেমাখনত অভিনয়ৰ সুযোগ পোৱাত সহায় কৰিছিল।৪
কেৰিয়াৰ

দশম শ্ৰেণীত পঢ়ি থাকোঁতেই ভিচেই গ্ৰিফিন ডানৰ পৰিচালনাত নিৰ্মিত তেওঁৰ প্ৰথমখন ছবি দ্য এক্সিডেণ্টেল হাজবেণ্ডত অভিনয়ৰ সুযোগ পাইছিল।৫ হাইস্কুলত পঢ়ি থকা অৱস্থাতে তেওঁ হিজৰাছ: দ্য থাৰ্ড জেণ্ডাৰ নামৰ এখন তথ্যচিত্ৰও পৰিচালনা কৰিছিল, যিখনে ২০০৯ চনত নিউয়ৰ্ক ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ সামাজিক তথ্যচিত্ৰৰ বঁটা লাভ কৰিছিল।৬ জনছ হপকিন্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ভিচেই অফ-ব্ৰডৱেৰ একাধিক নাটকত অভিনয় কৰিছিল, যাৰ ভিতৰত আছিল চাদ বেকিমৰ ৰচিত আৰু হেল ব্ৰুকছৰ পৰিচালনাত নিৰ্মিত এণ্ড মাইলছ টু গো।৭ তেওঁ এলিমেণ্টৰী আৰু ৱান বেড চইচৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দেৱ পেটেল আৰু জেৰেমি আইৰনছৰ সৈতে দ্য মেন হু নিউ ইনফিনিটিত অভিনয়ৰ বাবে নিৰ্বাচিত হয়। ২০২০ চনত তেওঁ 'ইম্পচিবল মনষ্টাৰ্ছ'ত এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁক ভাৰতীয় ৰাণী লক্ষ্মীবাইৰ বায়’পিক দ্য ৱাৰিয়ৰ কুইন অৱ ঝান্সীত মুখ্য চৰিত্ৰত দেখা গৈছিল, য’ত তেওঁ ডেৰেক জেক’বি আৰু ৰুপাৰ্ট এভাৰেটৰ বিপৰীতে অভিনয় কৰিছিল।৮ ভিচেই এই ছবিখনৰ চিত্ৰনাট্যও সহ-ৰচনা কৰিছিল। ভিচেই এনবিচিৰ চিকাগো মেড, এপল টিভি প্লাছৰ এক্সট্ৰাপ’লেচনছ, ফক্সৰ ফেণ্টাচী আইলেণ্ড আৰু এবিচিৰ দ্য ৰুকী: ফেডছৰ ১১টা খণ্ডত এণ্টোনেট বেনেটেউৰ চৰিত্ৰত অভিনয় কৰিছে।৯
সামাজিক সক্ৰিয়তা

ভিচে নিউয়ৰ্কৰ 'নিউ এবলিচনিষ্টছ' (New Abolitionists) নামৰ এটা গোটৰ সদস্য। নিউয়ৰ্কৰ এই গোটটো "নিউয়ৰ্ক ৰাজ্য তথা বিশ্বজুৰি মানৱ সৰবৰাহ বন্ধ কৰাৰ সংকল্পৰে একত্ৰিত হৈছে।" ১০ এই গোটটোত তেওঁৰ সৈতে ক্ৰীষ্টি ব্ৰিংকলি, মাইকেল ব্লুমবাৰ্গ, টিনা ফেই, চেথ মেয়াৰ্ছ, লী ডেনিয়েলছ, প্ৰীত ভাৰাৰা, ডায়েন ফন ফাৰ্ষ্টেনবাৰ্গ, গ্ল’ৰিয়া ষ্টেইনম, মেৰিল ষ্ট্ৰীপ আৰু অন্যান্যসকল আছে। এছিয়ান-আমেৰিকান সংস্কৃতিৰ উপস্থাপন আৰু প্ৰতিক্ৰিয়াৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলোৱা "সামাজিক-সাংস্কৃতিক উন্নয়নৰ এগৰাকী নেত্ৰী" হিচাপে এছিয়া ছ’চাইটিয়ে তেওঁক সন্মানিত কৰিছে।১১ লগতে তেওঁ এছিয়া ফাউণ্ডেচনৰ এগৰাকী নিয়মীয়া অৱদানকাৰী।১২
তেওঁ জন বেটিষ্টে, এণ্ড্ৰিয়া বচেলী, ইভা হেলাৰ, মহম্মদ ইউনুছ আৰু অন্যান্যসকলৰ সৈতে 'চিং ফৰ হোপ' (Sing For Hope) ৰ সঞ্চালকমণ্ডলীত সেৱা আগবঢ়াইছে।১৩
ব্যক্তিগত জীৱন
তেওঁ নৰ্তকী আৰু পৰিচালক স্বাতী ভিচেৰ কন্যা। ২০২০ চনত ভিচেই ‘গিলছন স্নো’ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিকোলাছ গিলছনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৪
তথ্যসূত্ৰ
- ↑ Simon, Samantha. (April 30, 2016). Why Devika Bhise of The Man Who Knew Infinity Is an Actress You'll Want to Know. InStyle
- ↑ Elizalde, Molly. (May 5, 2016). Introducing: Devika Bhise. Sweet
- ↑ Lunday, Amy. (August 30, 2012). Ancient Sanskrit theater group to perform at JHU. Johns Hopkins University
- ↑ (29 April 2016). Q&A: Devika Bhise. DuJour
- ↑ Brown, Emma. (April 28, 2016). Discovery: Devika Bhise. Interview Magazine
- ↑ (August 24, 2009). Devika Urvashi Bhise's 'Hijras – The Third Gender' Wins Best Social Documentary. Peg's List
- ↑ Rampell, Catherine. (October 21, 2013). Sounds Like a Haven for Troubled Students. It's Not.. The New York Times
- ↑ Clarke, Stewart. (6 November 2017). Rupert Everett, Derek Jacobi Join Swati Bhise's 'Swords and Scepters'
- ↑ Prasad, Sumith. (January 17, 2023). Will Brandon and Antoinette end up together in The Rookie Feds?Theories. The Cinemaholic
- ↑ New York's New Abolitionists
- ↑ Asia in America: Next Generation
- ↑ Leaders on the Frontlines - The Asia Foundation
- ↑ (September 20, 2024). About Sing for Hope. Sing for Hope
- ↑ Raniwala, Praachi. (April 16, 2020). Inside actor Devika Bhise's cross-cultural wedding in Udaipur. Vogue India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱিকা ভিচে” প্ৰবন্ধৰ সংশোধন ৬২৬৫৪১ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।