অসুৰ
৫৭ প্ৰবন্ধ
-
বকাসুৰ (কংসৰ অনুচৰ)
বকাসুৰ হিন্দু দেৱতা কৃষ্ণই হত্যা কৰা বগলীৰূপী অসুৰ। তেওঁ কংস ৰজাৰ সংগী আৰু পুতনা আৰু অঘাসুৰৰ ভাতৃ। তেওঁক কংসই কৃষ্ণক বধ কৰিবলৈ এটা বিশাল বগলীৰ ৰূপত পঠিয়াইছিল যাতে ৰজা নিষ্কণ্টক হ’ব পাৰে, যি ভয় এটা অজ্ঞাত কণ্ঠ আৰু দেৱী যোগমায়াই ভৱিষ্যদ্বাণী কৰিছিল।
-
মধুসূদন
মধুসুদন বিষ্ণু বা কৃষ্ণৰ এটা উপনাম আৰু বিষ্ণু সহস্ৰনামৰ ৭৩সংখ্যক নাম। বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি মধুসুদনৰ অৰ্থ হৈছে "মধুৰ ধ্বংসকাৰী।"
-
শুষ্ণ
শুষ্ণ হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণিত এক অসুৰ। সাধাৰণতে খৰাং বতৰৰ সৈতে জড়িত শুষ্ণক প্ৰায়ে শিং থকা সাপৰ দৰে ৰূপৰ বুলি বৰ্ণনা কৰা হয়। তেওঁ ইন্দ্ৰ দেৱতাৰ শত্ৰু।
-
অসুৰৰ তালিকা
অসুৰ (সংস্কৃত: असुर) হৈছে হিন্দু ধৰ্মত অধিক উপকাৰী দেৱ(সুৰ বুলিও জনা যায়)ৰ সৈতে জড়িত সত্ত্বা বা ক্ষমতা বিচৰা বংশৰ এটা শ্ৰেণী।
-
ক্ৰোধবশা
ক্ৰোধবশা হিন্দু পৌৰাণিক কাহিনীৰ কাশ্যপ ঋষিৰ এগৰাকী পত্নী। ৰামায়ণত তেওঁক সুৰভিৰ মাতৃ আৰু দক্ষৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ক্ৰোধবশ নামেৰে জনাজাত এটা অসুৰ শ্ৰেণীৰ মাতৃ।
-
জঁটাসুৰ
জঁটাসুৰ (সংস্কৃত: जटासुर) হিন্দু মহাকাব্য মহাভাৰতৰ এক ৰাক্ষস। তেওঁ ব্ৰাহ্মণৰ বেশ ধৰি পাণ্ডৱ ভাতৃৰ তিনিজন যুধিষ্ঠিৰ, সহদেৱ আৰু নকুল আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক অপহৰণ কৰাৰ চেষ্টা কৰে। তেওঁক ভীমে বধ কৰে।
-
জ্বৰাসুৰ
জ্বৰা বা জ্বৰাসুৰ হিন্দু লোক-পৰম্পৰাত জ্বৰৰ অধিপতি। তেওঁ বসন্ত-দেৱী শীতলাৰ দাস আৰু কেতিয়াবা পৰিচাৰক।
-
দুৰ্গমাসুৰ
দুৰ্গমা, দুৰ্গমাসুৰ হিন্দু পৌৰাণিক কাহিনীত এজন অসুৰ ৰজা। তেওঁৰ কিংবদন্তি শাকম্ভৰী দেৱীৰ উৎপত্তিৰ সৈতে জড়িত।
-
নিবাটকৱচ
নিবাটকৱচ হৈছে হিন্দু পৌৰাণিক কাহিনীত অসুৰ জাতিৰ অন্তৰ্গত কাশ্যপ আৰু দিতিৰ সন্তান দৈত্যৰ এটা পন্থা। ৰাৱণ আৰু অৰ্জুনৰ বিৰুদ্ধে কৰা যুদ্ধৰ বাবে তেওঁলোক বেছিকৈ পৰিচিত, যাৰ ফলত তেওঁলোকৰ বিনাশ ঘটিছিল।[1] দৈত্য বংশত ত্ৰিশ নিযুত নিবাটকৱচৰ জন্ম হৈছিল।
-
বজ্ৰাংগ
বজ্ৰাংগ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা এক অসুৰ। পুৰাণৰ মতে তেওঁৰ জন্ম দিতিৰ আৰু পিতৃ কাশ্যপ ঋষিৰপৰা হৈছিল। পুত্ৰহন্তা দেৱতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দিতি অসুৰৰ মাতৃ হৈছিল।
-
বিপ্ৰচিত্তী
বিপ্ৰচিত্তী হিন্দু সাহিত্যত প্ৰচলিত এজন দানৱ, কাশ্যপ আৰু দনুৰ পুত্ৰ। বিষ্ণু পুৰাণত উল্লেখ আছে যে দনুৱে তেত্ৰিশজন শক্তিশালী অসুৰৰ জন্ম দিছিল, যাৰ ভিতৰত বিপ্ৰচিত্তী আছিল জ্যেষ্ঠ, শম্বৰ আদিক তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে লৈ। মহাভাৰতৰ মতে তেওঁৰ ভাতৃ পুলোমনক ইন্দ্ৰৰ দ্বাৰা বধ কৰাৰ পিছত তেওঁ দানৱৰ ৰজা হয়।
-
ব্যোমাসুৰ
ব্যোমাসুৰ হিন্দু সাহিত্যত উল্লেখ থকা এগৰাকী অসুৰ। তেওঁ মায়াসুৰৰ পুত্ৰ। কৃষ্ণ দেৱতাৰ হাতত তেওঁৰ মৃত্যুৰ বিষয়ে ভাগৱত পুৰাণত বৰ্ণনা কৰা হৈছে।
-
ভস্মাসুৰ
হিন্দু ধৰ্মত ভস্মাসুৰ হৈছে অসুৰ বা দৈত্য, যাক হাতেৰে মূৰ স্পৰ্শ কৰিলে জ্বলাই তৎক্ষণাত ছাই (ভস্মা)লৈ পৰিণত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল। বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ মোহিনীয়ে অসুৰক ছলনা কৰি অসুৰক ছাইলৈ পৰিণত কৰিছিল।
-
ভাণ্ডাসুৰ
ভাণ্ডাসুৰ বিশেষকৈ শাক্ত ধৰ্মী হিন্দু সাহিত্যত উল্লেখ থকা এজন অসুৰ। ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা মহাত্ম্যত তেওঁক উল্লেখ কৰা হৈছে, য'ত তেওঁক ললিতাই দেৱীয়ে বধ কৰে।
-
মুকাসুৰ
মুকাসুৰ মহাকাব্য মহাভাৰতত উল্লেখ থকা এক অসুৰ।
-
লৱণাসুৰ
লৱণাসুৰ হিন্দু ধৰ্মৰ এক অসুৰ। হিন্দু মহাকাব্য ৰামায়ণত ৰামৰ কনিষ্ঠ ভাতৃ শত্ৰুঘ্নই তেওঁক বধ কৰে। ভাৰতীয় ছ’প অপেৰাত তেওঁক লাভাদাসুৰ নামেৰেও জনা যায়।
-
সম্বৰ
সম্বৰ, যাক সম্বৰাসুৰ বুলিও কোৱা হয়, হিন্দু পৌৰাণিক কাহিনীত প্ৰচলিত এক অসুৰ। তেওঁ কৃষ্ণ আৰু ৰুক্মিণীৰ পুত্ৰ প্ৰদ্যুম্নক অপহৰণ কৰি ডুবাই পেলোৱাৰ চেষ্টা কৰে। প্ৰদ্যুম্নক ডাঙৰ-দীঘল কৰিছিল সম্বৰাসুৰৰ ৰান্ধনী আৰু প্ৰকৃততে দেৱতা কামদেৱৰ পত্নী মায়াৱতী(ৰতি)য়ে।
-
সুৰপদ্ম
সুৰপদ্ম বা সুৰপদ্মন হিন্দু সাহিত্যত উল্লেখ থকা এক অসুৰ। তেওঁ কাশ্যপ ঋষিৰ আৰু মায়া নামৰ শক্তি পুত্ৰ। তেওঁ বৃহৎ সৈন্যবাহিনীৰে দেৱলোক আক্ৰমণ কৰি দেৱতাৰ বিৰুদ্ধে যুদ্ধ কৰে। তেওঁ মুৰুগানৰ হাতত পৰাস্ত হয় আৰু তামিল পৰম্পৰা অনুসৰি তেওঁৰ বাহন ময়ুৰলৈ ৰূপান্তৰিত হয়। তেওঁ তাৰকাসুৰৰ ভাতৃ।
-
স্বৰভানু
স্বৰভানু (সংস্কৃত: स्वर्भानु) বৈদিক পৌৰাণিক কাহিনীত পৰম্পৰাগতভাৱে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বাবে দায়ী বুলি গণ্য কৰা এক অসুৰ। এই নামটো পৌৰাণিক কাহিনীত ৰাহু আৰু কেতুৰ বৈশিষ্ট্য হিচাপেও ব্যৱহাৰ কৰা হয়, যিসকল সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সৈতেও জড়িত।
-
ইল্বল আৰু বাতাপী
ইল্বল আৰু বাতাপি হিন্দু পৌৰাণিক কাহিনীত অসুৰ ভাতৃ। মহাভাৰতত তেওঁলোকৰ বিষয়ে উল্লেখ কৰা হৈছে, য'ত তেওঁলোকে লোৱা হত্যাৰ পৰিকল্পনাৰ অন্ত পেলাইছে অগস্ত্য ঋষিয়ে।
-
কিৰ্মীৰাসুৰ
কিৰ্মীৰ (সংস্কৃত: किर्मीर,) মহাভাৰতত উল্লেখ কৰা এক ৰাক্ষস। তেওঁ বকাসুৰৰ কনিষ্ঠ ভাতৃ আৰু হিড়িম্বাৰ বন্ধু। তেওঁ কাম্যক অৰণ্যত বাস কৰিছিল আৰু খাদ্যৰ বাবে ৰাতি মানুহ চিকাৰ কৰিছিল। তেওঁ পাণ্ডৱসকলৰ অৰণ্যত প্ৰৱেশৰ বিৰোধিতা কৰিছিল আৰু ভীমক খাবলৈ ভাবুকি দিছিল, যাৰ দ্বাৰা তেওঁক যুদ্ধত বধ কৰা হৈছিল।
-
গয়াসুৰ
গয়াসুৰ ভাগৱত পুৰাণ আৰু বায়ু পুৰাণৰ দৰে হিন্দু গ্ৰন্থত উল্লেখিত ত্ৰেতা যুগৰ এক অসুৰ। হিন্দু সাহিত্যৰ মতে তেওঁক বৰ্তমান ভাৰতৰ বিহাৰৰ মগধত বাস কৰা বুলি গণ্য কৰা হয়।
-
দুৰুক্তি
দুৰুক্তি (সংস্কৃত: दुरुक्ति) হিন্দু পৌৰাণিক কাহিনীৰ কলি (অসুৰ)ৰ ভগ্নী আৰু পত্নী।
-
প্ৰলম্ব
প্ৰলম্ব হিন্দু পৌৰাণিক কাহিনীত বলোৰামে হত্যা কৰা এক অসুৰ। প্ৰাসংগিক কিম্বদন্তি অনুসৰি অসুৰে গোপালকৰ বেশ ধৰি কৃষ্ণ আৰু বলোৰামৰ সৈতে জাঁপ খেলিবলৈ চেষ্টা কৰিছিল, যাৰ চৰ্ত অনুসৰি পৰাজিতজনে বিজয়ীক পিঠিত কঢ়িয়াই নিব লাগে। প্ৰলম্ব তৎক্ষণাত হাৰিল, আৰু বলোৰামক পিঠিত কঢ়িয়াই নিবলৈ বাধ্য হ’ল।
-
মহিষী
হিন্দু পৌৰাণিক কাহিনীত মহিষী এগৰাকী শক্তিশালী অসুৰ, যাৰ আখ্যান ভগৱান আয়াপ্পানৰ উৎপত্তি আৰু সবৰীমালা মন্দিৰৰ পৰম্পৰাৰ কেন্দ্ৰীয় বিষয়। তেওঁ মহিষাসুৰৰ ভগ্নী আছিল।
-
মুৰাসুৰ
মুৰাসুৰ হিন্দু শাস্ত্ৰত উল্লেখ কৰা অতি শক্তিশালী অসুৰ (দানৱ), যিয়ে নৰকাসুৰৰ সৈন্যবাহিনীত সেনাপতি হিচাপে কাম কৰে। প্ৰাগজ্যোতিষৰ দুষ্ট দানৱ ৰজা নৰকাসুৰ আৰু শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধৰ সময়ত মুৰাৰ মৃত্যু হয়
-
ৰম্ভা (অসুৰ)
ৰম্ভা হিন্দু পৌৰাণিক কাহিনীৰ এক অসুৰ। ৰম্ভা আৰু কৰম্ভা অসুৰ ভাতৃ, দনু আৰু কাশ্যপৰ বংশধৰ। সৰুতে দুয়োজনে বিশ্বব্ৰহ্মাণ্ডত দানৱৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বিশেষ ক্ষমতা লাভ কৰিবলৈ তপস্যা কৰাৰ সিদ্ধান্ত লয়।