অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বিপ্ৰচিত্তী

বিপ্ৰচিত্তী হিন্দু সাহিত্যত প্ৰচলিত এজন দানৱ, কাশ্যপ আৰু দনুৰ পুত্ৰ। বিষ্ণু পুৰাণত উল্লেখ আছে যে দনুৱে তেত্ৰিশজন শক্তিশালী অসুৰৰ জন্ম দিছিল, যাৰ ভিতৰত বিপ্ৰচিত্তী আছিল জ্যেষ্ঠ, শম্বৰ আদিক তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে লৈ। মহাভাৰতৰ মতে তেওঁৰ ভাতৃ পুলোমনক ইন্দ্ৰৰ দ্বাৰা বধ কৰাৰ পিছত তেওঁ দানৱৰ ৰজা হয়।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৫ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিপ্ৰচিত্তী হিন্দু সাহিত্যত প্ৰচলিত এজন দানৱ, কাশ্যপ আৰু দনুৰ পুত্ৰ।১ বিষ্ণু পুৰাণত উল্লেখ আছে যে দনুৱে তেত্ৰিশজন শক্তিশালী অসুৰৰ জন্ম দিছিল, যাৰ ভিতৰত বিপ্ৰচিত্তী আছিল জ্যেষ্ঠ, শম্বৰ আদিক তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে লৈ। মহাভাৰতৰ মতে তেওঁৰ ভাতৃ পুলোমনক ইন্দ্ৰৰ দ্বাৰা বধ কৰাৰ পিছত তেওঁ দানৱৰ ৰজা হয়।২ বিপ্ৰচিত্তীয়ে হিৰণ্যকশিপুৰ ভগ্নী আৰু দিতিৰ কন্যা হোলিকাক বিয়া কৰায়। মহাভাৰতত এইটোও উল্লেখ আছে যে বিষ্ণুৱে যেতিয়া ত্ৰিলোক জোখাৰ বাবে বামনৰ ৰূপ ধাৰণ কৰিছিল, তেতিয়া আন অসুৰৰ সৈতে বিপ্ৰচিত্তীয়ে তেওঁক আগুৰি ধৰিছিল। মহাভাৰতৰ আদি পৰ্বত উল্লেখ আছে যে বিপ্ৰচিত্তীয়ে পৰৱৰ্তী জীৱনত জৰাসন্ধ দানৱ হিচাপে পুনৰ জন্ম লয়।৩

তথ্যসূত্ৰ

  1. ↑ A Classical Dictionary of India, p. 173
  2. ↑ K, Sourav. (2021-06-08). 13 – Be Careful What You Wish For. Tales from Indian Mythology from a Story Keeper
  3. ↑ Mani, Vettam. (1975). Puranic encyclopaedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Delhi: Motilal Banarsidass. ISBN 978-0-8426-0822-0

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপ্ৰচিত্তী” প্ৰবন্ধৰ সংশোধন ৫৬৪০১০ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।