অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰম্ভা (অসুৰ)

ৰম্ভা হিন্দু পৌৰাণিক কাহিনীৰ এক অসুৰ। ৰম্ভা আৰু কৰম্ভা অসুৰ ভাতৃ, দনু আৰু কাশ্যপৰ বংশধৰ। সৰুতে দুয়োজনে বিশ্বব্ৰহ্মাণ্ডত দানৱৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বিশেষ ক্ষমতা লাভ কৰিবলৈ তপস্যা কৰাৰ সিদ্ধান্ত লয়।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰম্ভা হিন্দু পৌৰাণিক কাহিনীৰ এক অসুৰ। ৰম্ভা আৰু কৰম্ভা অসুৰ ভাতৃ, দনু আৰু কাশ্যপৰ বংশধৰ। সৰুতে দুয়োজনে বিশ্বব্ৰহ্মাণ্ডত দানৱৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বিশেষ ক্ষমতা লাভ কৰিবলৈ তপস্যা কৰাৰ সিদ্ধান্ত লয়।১

তপস্যা আৰু বৰ

পুৰাণৰ মতে ৰম্ভা আৰু কৰম্ভই সন্তান প্ৰাপ্তিৰ আশীৰ্বাদৰ বাবে পাঞ্চনাডত তপস্যা কৰিছিল। ৰম্ভা আৰু কৰম্ভই মালৱত যক্ষৰ ধ্যান কৰিলে, প্ৰথমজন পাঁচ অগ্নিৰ মাজত বহি আৰু দ্বিতীয়জন হ্ৰদৰ পানীত থিয় হৈ। ইন্দ্ৰই এই কথা গম পাই সিহঁতক হত্যা কৰাৰ সিদ্ধান্ত ল’লে, প্ৰথমে কুম্ভীৰৰ বেশত কৰম্ভক ভৰিৰে টানি লৈ গৈ ডুবাই হত্যা কৰিলে। তেতিয়া ইন্দ্ৰই ৰম্ভাক হত্যা কৰিবলৈ ৰম্ভাৰ পিছে পিছে গৈছিল যদিও অগ্নিয়ে ৰক্ষা কৰিছিল। ভায়েকৰ মৃত্যুত ক্ষুব্ধ হৈ ৰম্ভাই নিজৰ মূৰটো কাটি আত্মহত্যা কৰিবলৈ সিদ্ধান্ত ল’লে। তেনে কৰিবলৈ ওলোৱাৰ সময়ত অগ্নিয়ে আবিৰ্ভাৱ হৈ আত্মহত্যা আনক হত্যা কৰাতকৈও বেয়া বুলি ক’লে, ইয়াক মহাপাপ বুলি অভিহিত কৰি তেওঁৰ যি ইচ্ছা তাকেই প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিলে। সেই অনুসৰি ৰম্ভাই অগ্নিৰ পৰা মহাশক্তিধৰ পুত্ৰ বিচাৰি অনুৰোধ কৰিলে, যিয়ে ত্ৰিজগত জয় কৰিব আৰু আনকি দেৱ আৰু অসুৰৰ দ্বাৰাও পৰাজিত নহ’ব। ৰম্ভাই আৰু বিচাৰিছিল যে সেই পুত্ৰজন বায়ুৰ দৰে শক্তিশালী, ব্যতিক্ৰমীভাৱে সুদৰ্শন আৰু ধনুৰ্বিদ্যাত পাকৈত হওক। অগ্নিয়ে ৰম্ভাক আশীৰ্বাদ দিলে যে তেওঁৰ ইচ্ছামতে তেওঁৰ বিবাহিত মহিলাগৰাকীৰ পৰা তেওঁৰ পুত্ৰ হ’ব।

মহিষাসুৰৰ জন্ম

ৰম্ভা ঘৰলৈ উভতি অহাৰ পথত শ্যামলা নামৰ এখন ধুনীয়া মাইকী ম’হ দেখিলে, যাক তেওঁ বিয়া কৰাইছিল। শ্যামলা আছিল এগৰাকী ঋষিৰ অভিশাপৰ বাবে জলম'হ হৈ পৰা ৰাজকুমাৰী। ৰম্ভাই তেওঁৰ দ্বাৰা গৰ্ভধাৰণ কৰা শ্যামলাক আন ম’হৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ পাতাললৈ লৈ গ’ল। এদিন আন এটা ম’হে শ্যামলাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিলে আৰু সেই যুঁজত ৰম্ভাক শিঙেৰে খোঁচ মাৰি হত্যা কৰা হ’ল। পিছত জলম'হটোক ৰম্ভাৰ সৈন্যই হত্যা কৰে। ৰম্ভাৰ চিতাৰ জুইত জপিয়াই শ্যামলাৰ মৃত্যু হয়। অগ্নিৰ কেন্দ্ৰৰ পৰাই জন্ম হৈছিল অতি শক্তিশালী মহিষাসুৰৰ। ৰম্ভাও ভাতৃ মহিষাসুৰৰ সৈতে ৰক্তবীজ নামেৰে জুইৰ পৰা উঠিছিল।

পুনৰ্জন্ম

কিম্বদন্তি অনুসৰি ৰম্ভাই শুম্ভ আৰু নিশুম্ভৰ সেনা সেনাপতি ৰক্তবীজ হিচাপে পুনৰ জন্ম লাভ কৰে। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল, যাৰ মতে তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলে তেজৰ পৰা বহুতো ৰক্তবীজ উঠি শত্ৰুৰ লগত যুঁজিব। এই ৰক্তবীজৰ প্ৰতিজনেই শক্তি, ৰূপ আৰু অস্ত্ৰৰ ক্ষেত্ৰতো আনবোৰৰ দৰে হ’ব। এই দুজন দানৱ ভাইৰ ক্ৰমবৰ্ধমান শক্তিক চেপি ধৰিবলৈ যেতিয়া কৌশিকীক পঠিওৱা হৈছিল, তেতিয়া তেওঁ ৰক্তবীজৰ আটাইতকৈ কঠোৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কৌশিকীয়ে তেতিয়া কালীৰ ৰূপ ল’লে, আৰু সিহঁতে মাটি স্পৰ্শ কৰাৰ আগতেই তেজবোৰ চেলেকি পেলালে। লাহে লাহে ৰক্তবীজক পৰাস্ত কৰি হত্যা কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Sarraf, Ritesh Raj. Story Of Navratri. RESEARCHUT

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰম্ভা (অসুৰ)” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৪৩ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।