অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ভস্মাসুৰ

হিন্দু ধৰ্মত ভস্মাসুৰ হৈছে অসুৰ বা দৈত্য, যাক হাতেৰে মূৰ স্পৰ্শ কৰিলে জ্বলাই তৎক্ষণাত ছাই (ভস্মা)লৈ পৰিণত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল। বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ মোহিনীয়ে অসুৰক ছলনা কৰি অসুৰক ছাইলৈ পৰিণত কৰিছিল।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৫ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত ভস্মাসুৰ হৈছে অসুৰ বা দৈত্য, যাক হাতেৰে মূৰ স্পৰ্শ কৰিলে জ্বলাই তৎক্ষণাত ছাই (ভস্মা)লৈ পৰিণত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল। বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ মোহিনীয়ে অসুৰক ছলনা কৰি অসুৰক ছাইলৈ পৰিণত কৰিছিল।১

কাহিনী

ভস্মাসুৰ পুৰাণৰ ভিতৰুৱা চৰিত্ৰ নহ’লেও আঞ্চলিক সাহিত্যতো তেওঁৰ কাহিনীৰ উল্লেখ আছে। শিৱৰ শৰীৰত থকা ভস্ম ধূলি (ছাই)ৰ পৰাই অসুৰৰ জন্ম হোৱা বুলি কোৱা হৈছে। অসুৰৰ শিৱৰ প্ৰতি থকা অকুণ্ঠ ভক্তিত সন্তুষ্ট হৈ শিৱই নিজৰ পছন্দৰ বৰদান দিবলৈ সন্মত হ’ল। ভস্মাসুৰে তেওঁৰ হাত যিজনৰ মূৰত হাত থ’ব, তেওঁক জ্বলাই ছাই কৰি পেলোৱাৰ শক্তি বিচাৰিছিল। শিৱই তেওঁক তথাস্তু কৰিলে। বৰ লৈ ভস্মাসুৰে অহংকাৰী হৈ পৰিল, আৰু সমগ্ৰ বিশ্বৰ বাবে দুঃস্বপ্ন হৈ পৰিল বুলি কোৱা হৈছে। বিষ্ণুৱে মনোমোহা মোহিনী নামৰ এগৰাকী আকৰ্ষণীয় নৃত্যশিল্পীৰ ৰূপ ধাৰণ কৰি নিজৰ মনোমোহা নৃত্যৰে তেওঁক মোহিত কৰি মুক্তানৃত্য নামৰ নৃত্যৰ সূচনা কৰে। এই নৃত্যৰ কালছোৱাত ভস্মাসুৰে নিজৰ মূৰত হাত থৈ দিবলৈ বাধ্য হৈছিল। হাতখনে মূৰটো স্পৰ্শ কৰাৰ লগে লগে তেওঁ জ্বলি ছাই হৈ পৰিল।২

নৃত্য

জনপ্ৰিয় কাহিনীটোৰ ওপৰত ভিত্তি কৰি নৃত্যশিল্পীসকলে বিভিন্ন ভংগিমা গ্ৰহণ কৰে, আৰু শেষত দুয়োখন হাত মূৰত থৈ ঘূৰি থাকে। ভস্মাসুৰ অভিনয় কৰা নৃত্যশিল্পীক শাৰীৰ শেষত ৰখা হয় আৰু তেওঁ মূৰৰ ওপৰত হাত ঘূৰাই দিয়া শেষ নৃত্যশিল্পী।৩

ত মোহিনী আৰু ভস্মাসুৰ]]

ভস্মাসুৰ ধৰণৰ ভংগিমা--এখন হাত মূৰৰ ওপৰত আৰু আনখন পিঠিৰ পিছফালে ৰাখি--ভোজপুৰী অঞ্চলৰ মহিলা নৃত্যত আৰু সম্প্ৰসাৰণৰ দ্বাৰা ভাৰত-কেৰিবিয়ান সমাজতো “চুটনি নৃত্য’’ৰ এক সাধাৰণ বৈশিষ্ট্য। কেইজনমান ভাৰত-কেৰিবিয়ান লোকে দাবী কৰে যে এই ভংগিমা ভস্মাসুৰ মিথৰ সৈতে জড়িত।৪

তথ্যসূত্ৰ

  1. ↑ O'Flaherty, Wendy Doniger. (1981-05-28). Siva: The Erotic Ascetic. Oxford University Press. পৃ. 228. ISBN 978-0-19-972793-3
  2. ↑ Mani, Vettam. (2015-01-01). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 127. ISBN 978-81-208-0597-2
  3. ↑ Folk Dances
  4. ↑ Manuel, Peter. (2000). East Indian Music in the West Indies: Tan-singing, Chutney, and the Making of Indo-Caribbean Culture. Temple University Press. পৃ. 237. ISBN 1-56639-763-4

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভস্মাসুৰ” প্ৰবন্ধৰ সংশোধন ৫৬৬৩৫৪ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।