অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশোক সিংহল

অশোক সিংঘল (Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অশোক সিংঘল (Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২০১৬ চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়।১২৩৪৫ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৮ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত অশোক সিংহলৰ জন্ম হয়। তেওঁৰ পিতৃ পৰমানন্দ সিংঘল আৰু মাতৃ ইন্দুমতী সিংঘল। ১৯৯২ চনত শিল্পী আনন্দ সিংঘলৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ লোকেশ আনন্দ সিংঘল আৰু বিবেক আনন্দ সিংঘল।

সিংহলে ১৯৯০ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী পৰ্য্যায়ত তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰে।

ৰাজনৈতিক জীৱন

অশোক সিংঘল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ নেতাও আছিল। পিছলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ হয়। তেওঁ অসম প্ৰদেশ বিজেপিৰ সম্পাদক আৰু কোষাধ্যক্ষও আছিল। ২০১৬ চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ঢেকীয়াজুলিত কৰা কামৰ বাবে তেওঁক ‘উন্নয়নৰ মানুহ’ হিচাপেও পৰিচিত। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হাবুল চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ ৭১,৪২৫টা ভোটত জয়ী হৈছিল। কংগ্ৰেছ দলৰ বেণুধৰ নাথক পৰাস্ত কৰি ২০২১ চনত ঢেকীয়াজুলিৰ পৰা ৯৩,৭৬৮টা ভোট লাভ কৰি সিংঘল পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। অশোক সিংঘল এজন ব্যৱসায়ী আৰু এজন সমাজকৰ্মী হিচাপেও পৰিচিত। তেওঁ ‘জন জাগৃতি’ নামেৰে এটা বেচৰকাৰী সংস্থা চলাই আছে।

সামাজিক জীৱন

অশোক সিংঘলে অসমতজন জাগৃতি নামৰ এটা বেচৰকাৰী সংস্থা চলাই আছে। ব্ৰহ্মপুত্ৰ নদক ৰক্ষা কৰিবলৈজন জাগৃতিয়ে Save River Brahmaputra আন্দোলন আছিল। অশোক সিংঘল এই সংস্থাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

জন জাগৃতিয়ে ২০১০ চনত চীনৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ ওপৰত ‘ব্ৰহ্মপুত্ৰ নদী বচাওক’ নামেৰে অভিযান চলাইছিল। তেওঁ প্ৰথমবাৰৰ বাবে কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মানুহ আৰু চৰকাৰসমূহক নদীখন লাহে লাহে শুকাই যোৱাৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিছিল। পিছলৈ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত চীনা চৰকাৰে নতুন দিল্লীক আনুষ্ঠানিকভাৱে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ বন্ধ কৰাৰ বিষয়ে অৱগত কৰিছিল।৬

তেওঁৰ এন জি অ’জন জাগৃতিয়ে ২০১৬ চনত দাবী কৰিছিল যে চীনে ২৬টা বিদ্যুৎ প্ৰকল্পত কাম কৰি আছে। এন জি অ’টোৱে বিশ্বাস কৰিছিল যে সেই প্ৰকল্পসমূহ কাম আৰম্ভ হ’লে বাৰিষাৰ সময়ত ভাৰতলৈ ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহ ৬৪% আৰু খৰালি কালত ৮৫% হ্ৰাস পাব। জন জাগৃতিৰ মতে, ভাৰতে অৰুণাচলৰ গৰ্গিং গাঁৱত প্ৰৱেশ স্থলত চীনৰ পৰা ৭৮.১০ বিচিএম পানী লাভ কৰে। চীনৰ প্ৰকল্পসমূহ শেষ হ'লে বাৰিষা মাহত পানীৰ লাভ ৫৬.১২ বিচিএম আৰু খৰালি কালত মাত্ৰ ২১.৯৮ বিচিএম পানী ভাৰতে লাভ কৰিব।৭৮৯

তথ্যসূত্ৰ

  1. ↑ Member of Legislative Assembly (M.L.A.), Assam
  2. ↑ My Neta
  3. ↑ Official Website of Assam Assembly
  4. ↑ Assam CM Announces Guardian Ministers in Cabinet. Pratidin Time
  5. ↑ (2021-05-11). Ashok Singhal is new Guwahati Development minister of Assam » News Live TV » Assam. News Live TV
  6. ↑ (2010-12-11). Jana Jagriti calls to Save River Brahmaputra. Assam Times
  7. ↑ The Brahmaputra Crusader: BJP MLA Ashok Singhal's vigil alerted India of China's choking of the mighty river. The New Indian Express
  8. ↑ Mitra, Naresh. (13 June 2011). Guwahati-based NGO, Jana Jagriti, which has been spearheading a campaign on the threats posed by dams on Brahmaputra in China, said that time has come for all Northeastern states to pursue seriously the issue with New Delhi to ensure protection of water flow in the region. The Times of India
  9. ↑ (2017-12-18). The China-India row that spells disaster for flood victims. BBC News

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসম বিধানসভাৰ সদস্যঅসম চৰকাৰৰ মন্ত্ৰীঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক সিংহল” প্ৰবন্ধৰ সংশোধন ৪৭০৮৫৮ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।