প্ৰণিতা তালুকদাৰ (Pranita Talukdar, ১৯৩৫ - ২০ এপ্ৰিল ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ২০১৩ চনত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আগবঢ়োৱা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।
ব্যক্তিগত জীৱন
১৯৩৫ চনৰ ৩ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ উজান বজাৰত প্ৰণিতা তালুকদাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পদ্মৰাম বৰুৱা আৰু মাতৃ পাৱিত্ৰ কুমাৰী বৰুৱা। প্ৰণীতা তালুকদাৰে সৰভোগৰ প্ৰাক্তন বিধায়ক জননেতা তথা বৰনগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম তালুকদাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। ঘনশ্যাম তালুকদাৰ ১৯৫৭ চনত সৰভোগ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁলোকৰ এগৰাকী জীয়ৰী অনুৰূপা তালুকদাৰ, আৰু দুজন পুত্ৰ দেৱশ্যাম তালুকদাৰ আৰু নৱশ্যাম তালুকদাৰ।
কৰ্মজীৱন
প্ৰনীতা তালুকদাৰ ১৯৬০ চনত বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত তেওঁ বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে কাম কৰাৰ লগতে বৰপেটা ছোৱালী মহাবিদ্যালয়তো ৮ বছৰ অধ্যাপনা কৰিছিল।
প্ৰণিতা তালুকদাৰ কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ সমিতিৰ অধ্যক্ষ আছিল আৰু সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছিল।
তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ১৯৬৭ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।১১৯৭২ চনত তেওঁ পুনৰাই একে সমষ্টিৰ পৰা বিধানসভালৈ মুঠ দুবাৰকৈ নিৰ্বাচিত হৈছিল।২ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিছিল। তেওঁৰ কন্যা অনুৰূপা তালুকদাৰ হানাহো ৰাজনীতিৰ লগত জড়িত। তেওঁ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত কুমাৰ দাসৰ হাতত পৰাজিত হয়।৩৪৫
মহিলা সশক্তিকৰণত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৩ চনত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আগবঢ়োৱা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে তেওঁক ২০১৩ চনৰ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা এই বঁটা প্ৰদান কৰে।৬৭৮
মৃত্যু
২০১৯ চনৰ ২০ এপ্ৰিল তাৰিখে আবেলি ৪:৫০ বজাত গুৱাহাটীৰ দিছপুৰ হস্পিটেলত প্ৰণিতা তালুকদাৰৰ মৃত্যু হয়। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ অন্যষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Assam Legislative Assembly - MLA 1967-72. Assam Legislative Assembly
- ↑ Assam Legislative Assembly - MLA 1972-78. Assam Legislative Assembly
- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ Election Commission of India
- ↑ (8 March 2013). Pranab Mukherjee bestows Rani Laxmi Bai award on Delhi gangrape victim. The Indian Express
- ↑ (8 March 2013). Rani Lakshmibai award for Delhi braveheart. The Hindu
- ↑ (9 March 2013). President gives Stree Shakti awards on International Women's Day. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণিতা তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৩৯০২০৬ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।