অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছবিলাল উপাধ্যায়

ছবিলাল উপাধ্যায় (Chabilal Upadhyaya) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম (নিৰ্বাচিত) সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত বুঢ়ীগাঙত (অবিভক্ত দৰং)।

হালনাগাদ: ২৪ মে’ ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছবিলাল উপাধ্যায় (Chabilal Upadhyaya) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম (নিৰ্বাচিত) সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত বুঢ়ীগাঙত (অবিভক্ত দৰং)। ১

ৰাজনৈতিক অৱদান

"ছবিলাল বাবু" নামেৰে জনাজাত ছবিলাল উপাধ্যায় অসমৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট আগশাৰীৰ নেতা আছিল।২ তেওঁ স্বাধীনতা যুদ্ধত যোগদান কৰিছিল। ১৯২১ চনৰ ১৮ এপ্ৰিলত তেখেতৰ অধ্যক্ষতাত এখন সভা যোৰহাটত অনুষ্ঠিত হয়, য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনৰ বাবে অসম সন্থাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰিত কৰা হয়।৩ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰথম (নিৰ্বাচিত) সভাপতি হৈছিল।৪ কংগ্ৰেছত যোগদান কৰাৰ বাবে আৰু গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলনত যোগদান কৰাৰ বাবে ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড বিহে।

গহপুৰত বিভিন্ন স্থানীয় বিদ্যালয় স্থাপনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।৫ তেওঁৰ নেতৃত্বত, ত্ৰিশ হাজাৰ নেপালী ভাষী লোকে অল ইণ্ডিয়া গোৰ্খা লীগৰ আহ্বানত জিন্নাৰ প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।৬

অসম চৰকাৰে ঘোষণা কৰিছে যে অসমৰ বিহালীত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, ছবিলাল উপাধ্যায়ৰ নামেৰে স্থাপন কৰা হ'ব।৭ ৮

তথ্যসূত্ৰ

  1. ↑ The Times of India: Latest News India, World & Business News, Cricket & Sports, Bollywood. timesofindia.indiatimes.com
  2. ↑ (2020). Chabilal Upadhyaya. Good Books Distributors Publishers
  3. ↑ (2015). History Book Of Class 10. Assam State Textbook Production and Publication Corporation Limited. পৃ. 66
  4. ↑ (2018). Baichitramai Assam. Assam RashtraBhasa Prachar Samiti. পৃ. 88
  5. ↑ Chabilal Upadhyaya M. E. School was ....
  6. ↑ Sarmah, Parag Jyoti. (2018-04-01). Assamese Gorkha In The Indian Freedom Movement: An Overview. Youth Ki Awaaz
  7. ↑ New engineering college to be named after Chabilal Upadhyaya. Time8
  8. ↑ Engineering college will be named after him. East Mojo

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছবিলাল উপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬০৮১৩২ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।