যোগেন্দ্ৰ নাথ হাজৰিকা (Jogendra Nath Hazarika, জন্ম: ফেব্ৰুৱাৰী, ১৯২৪, মৃত্যু: ৩০ ছেপ্তেম্বৰ, ১৯৯৭) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭৯ চনৰ ৪ ছেপ্তেম্বৰত গোলাপ বৰবৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাত তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।১
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
১৯২৪ চনৰ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ পুৰণি থোংগীয়া গাঁৱত যোগেন্দ্ৰ নাথ হাজৰিকাৰ জন্ম হয়। ডিব্ৰুগড়ৰ পৰাই তেওঁ সৰুকালৰ শিক্ষা গ্ৰহণ কৰে। ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পৰাই আইন পৰীক্ষাও পাছ কৰে।১
ৰাজনৈতিক জীৱন
যোগেন্দ্ৰ নাথ হাজৰিকা ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ১৯৫১-১৯৫২ চনত তেওঁ প্ৰ’ভিশ্যনেল পাৰ্লামেণ্টৰী সদস্য থকাৰ উপৰিও ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ প্ৰধানমন্ত্ৰীৰ বহিঃ পৰিক্ৰমা দপ্তৰৰ সংসদী সচিব (অবৈতনিক) আছিল। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ, ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সদস্য আছিল।২ ১৯৬২ চনত তেওঁ ভাৰতৰ সংসদৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে ছোভিয়েট ৰুছিয়া ভ্ৰমণ কৰিছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সংসদী সচিবৰূপে তেওঁ নেহৰুৰ লগত ঘনিষ্ঠ হৈ পৰিছিল।১
১৯৭৮ চনৰ নিৰ্বাচনত জনতা প্ৰাৰ্থী হিচাপে যোগেন্দ্ৰ নাথ হাজৰিকা দুলিয়াজান সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল আৰু ২১ মাৰ্চত অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছিল। ১৯৭৯ চনৰ চাৰি ছেপ্তেম্বৰত তেওঁ জনতা দলৰ অধ্যক্ষ পদৰ পৰা ইস্তাফা দিয়ে। তাৰ পিছত তেওঁ অসম জনতা দলত যোগদান দিয়ে আৰু সেই দলৰ নেতা হিচাপে নিৰ্বাচিত হয়।
মুখমন্ত্ৰী পদত
১৯৭৯ চনৰ ৪ ছেপ্তেম্বৰত গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। সেয়ে যোগেন্দ্ৰ নাথ হাজৰিকাৰ অধ্যক্ষতাত অসম জনতা দলৰ চৰকাৰ এখন গঠিত হয়। ১৯৭৯ চনৰ ৯ ছেপ্তেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।১
তেওঁৰ চৰকাৰখন কিছুদিনৰ পিছতেই সংকটৰ সন্মুখীন হয়। ১৯৭৯ চনৰ ১২ ডিচেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।
মৃত্যু
১৯৯৭ চনৰ ৩০ ছেপ্তেম্বৰত যোগেন্দ্ৰ নাথ হাজৰিকাৰ মৃত্যু হয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃ. ৮৪, ৮৫
- ↑ সাংসদ সকলৰ তালিকা. National Informatics Centre
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন্দ্ৰ নাথ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৯০৪৩১ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।