দ্ৰুপদ বৰগোহাঁই (Drupad Borgogain; ৭ নৱেম্বৰ ১৯৪১ - ১০ এপ্ৰিল ২০১৯) ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা, অসম বিধানসভাৰ বিধায়ক, ৰাজ্যসভাৰ সাংসদ আৰু এগৰাকী শিক্ষক আছিল।১
জন্ম আৰু শিক্ষা
১৯৪১ চনৰ ৭ নবেম্বৰত দ্ৰুপদ বৰগোহাঁইৰ শিৱসাগৰৰ মাদুৰি গাঁৱত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মাণিক বৰগোহাঁই আৰু মাতৃৰ নাম আছিল ৰূপেশ্বৰী বৰগোহাঁই। নাজিৰা হাইস্কুলৰ পৰা তেখেত প্ৰবেশিকা পৰীক্ষা আৰু শিৱসাগৰ কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।১২৩
কৰ্মজীৱন
১৯৬০-৬১ চনলৈ মাদুৰি বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিল।১ তাৰ পাছত চকীমুখ মধ্য ইংৰাজী বিদ্যালয়ত যোগ দিছিল। এইখন বিদ্যালয়ত তেখেতে অক্টোবৰ ১৯৬১ৰ পৰা জানুৱাৰী ১৯৬৩লৈ শিক্ষকতা কৰিছিল। ইয়াৰ পিছত ১ ফ্ৰেব্ৰুৱাৰী ১৯৬৩ৰ পৰা ৩১ ডিচেম্বৰ ১৯৮২লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত কৰ্মজীৱন। বাওঁপন্থী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ ১৯৬৩ৰ এপ্ৰিলত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিছিল। তেখেত ১৯৯৮ ৰ ২০০৪ চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। ২০০৪ চনৰ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰে যদিও ২০০৬ চনত নাজিৰা বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী, সেই সময়ৰ মন্ত্ৰী হেমপ্ৰভা শইকীয়াক হৰুৱাই বিধায়ক হয়।২ তেখেত অখিল ভাৰতীয় কিষাণ সভা অসম ৰাজ্যিক সমিটিৰ সভাপতিও আছিল।৩
তেখেতে ১৯৬৫ৰ পৰা ১৯৭৮লৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ সংগঠন অল ইণ্ডিয়া য়ুথ ফেডাৰেচনৰ (AIYF) সৈতে সক্ৰিয় ভাবে জড়িত হৈ পৰে। ১৯৬৫ৰ পৰা ১৯৬৮ লৈ তেখেতে AIYFৰ অসম সমিটিৰ যুটীয়া সম্পাদক আৰু তাৰপিছত সভাপতিৰ দায়িত্ব পালন কৰিছিল।৩
মৃত্যু
২০১৯ৰ ১০ এপ্ৰিলত ৭৭ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন নাৰ্চিং হোমত বৰগোহাঁইৰ মৃত্যু হয়। তেখেতে দীৰ্ঘদিন ধৰি বৃক্কৰ অসুখত ভুগি আছিল।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰুপদ বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৯২ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।