পীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী।১২
ব্যক্তিগত জীৱন
পীযুষ হাজৰিকাৰ জন্ম অসমৰ নগাঁও জিলাত অৱস্থিত ৰহাত। তেওঁ স্বৰ্গীয় শিশুৰাম হাজৰিকা আৰু প্ৰমীলা হাজৰিকাৰ পুত্ৰ। হাজৰিকাই গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰীসম্পন্ন কৰে। ১ অক্টোবৰ,২০১১ বৰ্ষত তেওঁ অভিনেত্ৰী আইমী বৰুৱাৰ সৈতে বিবাপাশত আবদ্ধ হয়। হাজৰিকা বৰ্তমান দুই সন্তানৰ পিতৃ।৩
ৰাজনৈতিক জীৱন
হাজৰিকাই ১৯৯৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাত (এনএছইউআই) যোগদান কৰিছিল আৰু পিছলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হয়। পৰৱৰ্তী কালত ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী ৰূপে বিধায়ক নিৰ্বাচিত হয়।
২০১১ চনৰ বিধানসভা নিৰ্বাচনত হাজৰিকাই ৫৬৪৩০ টা ভোট লাভ কৰিছিল আৰু তেওঁৰ নিকটতম প্ৰতিযোগী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট (এআইইউডিএফ)ৰ প্ৰাৰ্থী গুণেশ্বৰ দাসক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হৈছিল, যি ৩৮৪৪৭ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
হাজৰিকাই ৬ নৱেম্বৰ, ২০১৫ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। পীযুষ হাজৰিকাই জাগীৰোড সমষ্টিৰ পৰা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত যুঁজিবলৈ বিজেপিৰ টিকট লাভ কৰিবলৈ সক্ষম হয় আৰু নিৰ্বাচনত জয়ী হয়। তেওঁ ৬৬২২৪ টা ভোট লাভ কৰা কংগ্ৰেছৰ নিকটতম প্ৰতিযোগী বিবেকানন্দ দলেক পৰাস্ত কৰি ৯৪৫৫০ টা ভোট লাভ কৰি বিধানসভাৰ জাগীৰোড আসনত জয়লাভ কৰে।তেওঁ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হয়।
২০২১ বৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত তেওঁ জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক,সংসদীয় পৰিক্ৰমা দপ্তৰৰ দ্বায়িত্ব লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ Pijush Hazarika(Bharatiya Janata Party(BJP)):Constituency- JAGIROAD (SC)(MARIGAON) – Affidavit Information of Candidate:. myneta.info
- ↑ Jagiroad Election Results 2016, Candidate list, Winner, Runner-up and Current MLAs. elections.in
- ↑ Aimee Baruah shares adorable picture with son, daughter. Janambhumi
- ↑ nenow.in/north-east-news/know-your-new-minister-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীযুষ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪১৭৪৯৮ (৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।