অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৈয়দ মহম্মদ ছাদুল্লা

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla; ২১ মে' ১৮৮৫ - ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla; ২১ মে' ১৮৮৫ - ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল। তেওঁ ১৯৩৭ চনৰ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ছেপ্টেম্বৰ মাহলৈ আৰু ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ মুছলিম লীগৰ কেবিনেটৰ মুখ্যমন্ত্ৰী আছিল।১

১৯১৯ চনৰ গুৱাহাটী পৌৰসভাৰ তেওঁ সভাপতি আছিল। ১৯২৪ চনৰ পৰা ১৯৩৪ চনলৈ তেওঁ অসমৰ শিক্ষা আৰু কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল আৰু ১৯৩৭ চনত তেওঁ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ব্ৰিটিছ চৰকাৰে তেওঁক ১৯৪৬ চনত নাইট উপাধিৰে বিভূষিত কৰে। এই সন্মান ১৯২৮ জন্মদিন সন্মান ৰূপে তেওঁক অৰ্ডাৰ অফ ইণ্ডিয়ান আম্পায়াৰ নাইট কমাণ্ডাৰ হিচাপে নিযুক্ত কৰা হৈছিল।২৩

প্ৰাৰম্ভিক জীৱন

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা ১৮৮৫ চনৰ ২১ মে তাৰিখে গুৱাহাটীৰ এখন গোড়া মুছলিম পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।

তেওঁ চৈয়দ মহম্মদ তৈবুল্লাৰ দ্বিতীয় পুত্ৰ আছিল। ১৮৭৮ চনত চৈয়দ মহম্মদ তৈবুল্লা গোলাঘাটৰ কাছাৰীঘাট নামৰ সৰু গাওঁ এখনৰ পৰা আহি গুৱাহাটীত বসবাস কৰিছিল।

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত শিক্ষা গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ History of Assam Legislative Assembly Since 1937 Government of India
  2. ↑ The London Gazette, 4 June 1928
  3. ↑ The London Gazette, 13 June 1946

সম্পৰ্কিত শ্ৰেণী

অসমৰ মুখ্যমন্ত্ৰীঅসমৰ স্বাধীনতা সংগ্ৰামীঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দ মহম্মদ ছাদুল্লা” প্ৰবন্ধৰ সংশোধন ৩৮৯৬১২ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।