অসমীয়া শিক্ষাবিদ
১২৭ প্ৰবন্ধ
-
ক্ষীৰধৰ বৰুৱা
ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউতি, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে…
-
খগেশ সেন ডেকা
খগেশ সেন ডেকা (জন্ম:১৬ অক্টোবৰ ১৯৫৩ - ১৯ মাৰ্চ ২০২৫ ) অসমীয়া ভাষাৰ গৱেষক আৰু ব্যাকৰণবিদ আছিল। তেওঁ পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল।
-
জেহিৰুদ্দিন আহমদ
জেহিৰুদ্দিন আহমদ আছিল অসমৰ শিক্ষা জগতৰ এজন কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক। তেখেত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু প্ৰায় বাৰ বছৰ এই বিদ্যালয়ৰে প্ৰধান শিক্ষক আছিল। শিক্ষকতাৰ সময়ছোৱাত তেখেতে শিক্ষা ব্যৱস্থাৰ আমুল পৰিৱৰ্তন কৰিছিল।
-
তিলোত্তমা বৰুৱা
তিলোত্তমা বৰুৱা (Tilottama Barooah)আছিল অসম, ভাৰতৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰাক্তন সঞ্চালিকা।
-
দেৱেন দত্ত
দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল।
-
নিৰুপমা মহন্ত
নিৰুপমা মহন্ত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, শিশু সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত আৰু শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰৰ সৈতে তেওঁ বিশেষভাৱে জড়িত।
-
নৰেন কলিতা
ড° নৰেন কলিতা (Dr. Naren Kalita) অসমৰ এগৰাকী শিক্ষাবিদ আৰু গৱেষক। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বিভাগে তেওঁক ২০২১ চনৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰদান কৰে।
-
প্ৰফুল্ল কটকী
প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।
-
প্ৰহ্লাদ চন্দ্ৰ তাছা
প্ৰহ্লাদ চন্দ্ৰ তাছা (জন্ম: ২৬ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় লিখক আৰু শিক্ষাবিদ। শিক্ষা বিষয়ক ৰচনাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ ২০১৭ চনলৈ অসম সাহিত্য সভাৰ উপসভাপতি আছিল। ইয়াৰ আগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিয়োজিত আছিল।
-
বদন বৰুৱা
বদন বৰুৱা একাধাৰে সাহিত্যিক, সাংবাদিক আছিল। তেখেতে মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ কৰি আহি অসমৰ সংবাদ জগতখনক বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছিল। অসমৰ ভিতৰতে সৰ্বপ্ৰথম তেখেতৰ নামতেই বাতৰি কাকতত প্ৰকাশিত প্ৰথমটো একক বাতৰি প্ৰকাশ হৈছিল।
-
বসন্ত কুমাৰ ভট্টাচাৰ্য
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ( Dr Basanta Kumar Bhattacharyya) ৰ জন্ম হয় ১ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে। তেওঁ অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক। নলবাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যক ২০১৬ চনত অসম সাহিত্য সভাই “সাহিত্যচাৰ্য” উপাধি প্ৰদান কৰে।
-
বিপুলজ্যোতি শইকীয়া
বিপুলজ্যোতি শইকীয়া (Bipuljyoti Saikia) অসমৰ এগৰাকী কবি, বিজ্ঞানী, অনুবাদক, সম্পাদক, নাট্যকাৰ, জনপ্ৰিয় বিজ্ঞান লেখক। তেখেতে কটন কলেজৰপৰা পদাৰ্থবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
বিমান চন্দ্ৰ চেতিয়া
বিমান চন্দ্ৰ চেতিয়া তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory
-
বিশ্বজ্যোতি শৰ্মা
বিশ্বজ্যোতি শৰ্মা ( Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ গৰীয়সী, প্ৰকাশ,…
-
বিৰিঞ্চি কুমাৰ দাস
বিৰিঞ্চি কুমাৰ দাস এজন সমালোচক, অনুবাদক, অধ্যাপক। তেওঁ বৰ্তমান বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যবাহী সভাপতি ৰূপেও সেৱা আগবঢ়াই আহিছে। তেওঁৰ বৰ্তমানলৈকে ৪খন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে দুখনকৈ অনুবাদিত গ্ৰন্থ প্ৰকাশ হৈছে।
-
মহম্মদ তাহেৰ
মহম্মদ তাহেৰ (Mohammed Taher, ১৯৩১ – ২০১৫) স্বাধীনতা-উত্তৰ কালৰ অসমৰ এগৰাকী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক, শিক্ষাবিদ আৰু সু-লেখক। অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে তেখেত পাৰদৰ্শী আছিল। তেখেতে ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা (NATMO)-ত গৱেষক ৰূপে যোগদান কৰিছিল।
-
মুকুল চক্ৰৱৰ্তী
মুকুল চক্ৰৱৰ্তী (ইংৰাজী: Mukul Chakravarty ) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া 'বাৰ্তাপখিলী' ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী 'গিৰজনি' ৰ সম্পাদক।
-
মৃদুস্মিতা ফুকন
মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচাক’, ‘হিয়াৰ ৰামধেনু’ আদি শিশু-আলোচনী; ‘প্ৰান্তিক’,…
-
সংগীতা শইকীয়া
সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷
-
সত্যকাম বৰঠাকুৰ
সত্যকাম বৰঠাকুৰ (Satyakam Borthaur; একাধাৰে কবি, প্ৰবন্ধকাৰ, সম্পাদক, অধ্যাপক ৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য…
-
ৰত্না ভৰালী তালুকদাৰ
ৰত্না ভৰালী তালুকদাৰ (১৯৭১) সাংবাদিক আৰু সৃষ্টিশীল লেখক। তেওঁ উত্তৰ-পূব ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা ‘নিজাইন ডট কম’ নামৰ দ্বিভাষিক আলোচনীখনৰ কাৰ্যবাহী সম্পাদক। গল্প আৰু উপন্যাসৰ লগতে অনুবাদৰ ক্ষেত্ৰখনতো তেওঁৰ সাহিত্য চৰ্চা অব্যাহত আছে।
-
ৰাজেন ৰাভা
ৰাজেন ৰাভা (Rajen Rabha) আছিল গোৱালপাৰা জিলাৰ দুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।
-
অমৰেশ দত্ত
অমৰেশ দত্ত (Amaresh Datta) হ'ল ইংৰাজী সাহিত্যৰ এজন ভাৰতীয় পণ্ডিত। সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সাহিত্যৰ বিশ্বকোষ খনৰ তেখেত আছিল মুখ্য সম্পাদক।
-
কনকেশ্বৰ বৰুৱা
কনকেশ্বৰ বৰুৱাৰ জন্ম হয় ১৯১৫ চনত৷ মৰিগাঁও জিলাৰ জাগীচকী গাঁৱত৷ পিতৃৰ নাম কমলেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আলতী বৰুৱা৷ কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ,…
-
চিত্ৰজিৎ শইকীয়া
চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷
-
দীপিকা ডেকা
দীপিকা ডেকা (Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ। তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক।
-
দীপিকা বৰগোহাঁই
দীপিকা বৰগোহাঁই ( Dipika Borgohain; জন্ম: ১৯৩২ মৃত্যু: ২০২৪) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে।
-
নৱমী গগৈ
নৱমী গগৈ (Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব।
-
পানীন্দ্ৰনাথ গগৈ
পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা।
-
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া (Purandra Prasad Saikia) অসমৰ এজন উল্লেখযোগ্য শিশু সাহিত্যিক, ঔপন্যাসিক, কবিৰ লগতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৷ এতিয়ালৈকে দুশখনৰো সৰু বৰ পুথি প্ৰকাশ কৰিছে৷ ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে অসম চৰকাৰৰ এককালীন ক্ৰীড়া পেন্সন আৰু সাহিত্যক পেন্সন লাভ…