অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰত্না ভৰালী তালুকদাৰ

ৰত্না ভৰালী তালুকদাৰ (১৯৭১) সাংবাদিক আৰু সৃষ্টিশীল লেখক। তেওঁ উত্তৰ-পূব ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা ‘নিজাইন ডট কম’ নামৰ দ্বিভাষিক আলোচনীখনৰ কাৰ্যবাহী সম্পাদক। গল্প আৰু উপন্যাসৰ লগতে অনুবাদৰ ক্ষেত্ৰখনতো তেওঁৰ সাহিত্য চৰ্চা অব্যাহত আছে।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ৪২৭ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৰত্না ভৰালী তালুকদাৰ (১৯৭১) সাংবাদিক আৰু সৃষ্টিশীল লেখক। তেওঁ উত্তৰ-পূব ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা ‘নিজাইন ডট কম’ নামৰ দ্বিভাষিক আলোচনীখনৰ কাৰ্যবাহী সম্পাদক। গল্প আৰু উপন্যাসৰ লগতে অনুবাদৰ ক্ষেত্ৰখনতো তেওঁৰ সাহিত্য চৰ্চা অব্যাহত আছে।১

জন্ম আৰু বংশ পৰিচয়

ৰত্না ভৰালী তালুকদাৰৰ জন্ম মাজুলীৰ কমলাবাৰীত। তেখেতৰ দেউতাকৰ নাম মুহিধৰ ভৰালী আৰু মাতৃৰ নাম নিভা ভৰালী ৷

শিক্ষাজীৱন

১৯৯২ চনত কটন কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

এগৰাকী সাংবাদিক হিচাপে তেওঁ বিশেষকৈ উত্তৰ-পূব ভাৰতৰ অস্ত্ৰ-সংঘাত,গোষ্ঠী-সংঘৰ্ষ, বান-গৰাখহনীয়াৰ লগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত গৃহহাৰা হোৱা পৰিস্থিতি, কৃষি, অন্তঃগাথনি, পৰিবেশ, জলবায়ু পৰিবৰ্তন, লিংগ সমতা, শিশুৰ অধিকাৰ আদি বিভিন্ন বিষয়ৰ ওপৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ মাজেৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমত প্ৰতিবেদন প্ৰকাশ কৰিছে। ২০১৫ চনত 'নিজাইন ডট কম' আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে জড়িত হোৱাৰ পূৰ্বে তেখেতে টাইমচ অৱ ইণ্ডিয়া, গুৱাহাটী উইমেন ফিচাৰ্চ চাৰ্ভিচ নামৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান, ইণ্ডিয়া টুগেদাৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ সতে জড়িত হৈ আছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত তেওঁ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ পৰা প্ৰতিদন্দ্বিতা কৰি মহাবিদ্যালয়খনৰ মুখপত্ৰ ‘কটনিয়ান’ৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

সাংবাদিক হিচাপে তেখেতে বৰ্তমানলৈকে নটাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ লাভ কৰাৰ লগতে তিনিটাকৈ সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০১৩ চনত তেখেতে আই ইউ চি এন –ৰপৰা অসমৰ চৰ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে প্ৰতিবেদন যুগুতাবলৈ এক ফেল’শ্বিপ লাভ কৰি বেংককত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অংশ লবলৈ নিৰ্বাচিত হয়।

সাংবাদিক হিচাপে লাভ কৰা ফেল’শ্বিপ

২০০৪-০৫- দশম ৰাষ্ট্ৰীয় মিডিয়া ফেল’শ্বিপ, নেচনেল ফাইণ্ডেচন ফৰ ইণ্ডিয়া, নতুন দিল্লী ২

২০০৫-০৬- পঞ্চম চেণ্টাৰ ফ’ৰ চায়েন্স এণ্ড এনভিৰণমেণ্ট মিডিয়া ফেল’শ্বিপ, চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভিৰণমেণ্ট, নতুন দিল্লী

২০০৭- পেন’চ চাউথ ইষ্ট এছিয়া, গুৱাহাটী ফেল’শ্বিপ

২০০৭— টাটা-আৰ জি ভি এন ছিনিয়ৰ ফেল’শ্বিপ

২০০৮-ইউনাইটেড নেচনচ্ হাই কমিচন অন ৰিভিউডিজ, ইণ্ডিয়া আৰু চেণ্টাৰ ফৰ নৰ্থ ইষ্ট এণ্ড পলিচি ৰিচাৰ্চ-এ প্ৰদান কৰা মিডিয়া ফেল’শ্বিপ

২০০৯-২০১০— আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰচৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান উইমেন ফিচাৰ্চ চাৰ্ভিচ-ৰ বাবে অসমৰ ‘অস্ত্ৰ-সংঘাত আৰু নাৰী’ আৰু ‘জলবায়ু পৰিবৰ্তন আৰু নাৰী’—এই দুয়োটা বিষয়ত দুলানিকৈ বিশেষ প্ৰতিবেদনৰ বাবে কৰ্মৰত

২০১১- চেণ্টাৰ ফৰ ষ্টাডিং ডেভেলপমেণ্ট চছাইটিজ, নতুন দিল্লীৰ ইনক্লুচিভ মিডিয়া ফেল’শ্বিপ

২০১২- অক্ষয়পাত্ৰ, ওৱান ৱৰ্ল্ড, নতুন দিল্লীৰ মিডিয়া ফেল’শ্বিপ

২০১৩- আই ইউ চি এন ইণ্ডিয়া-বাংলাদেশ ৱাটাৰ ডায়লগ মিডিয়া ফেল’শ্বিপ

২০১৬--পিপলচ আৰ্কাউভ অৱ ৰুৰেল ইণ্ডিয়া ফেল’শ্বিপ ৩

সাংবাদিক হিচাপে লাভ কৰা বঁটা

  1. ২০০৫- চামেলি দেৱী জৈন বিশিষ্ট মহিলা সাংবাদিক বঁটা, দ্য মিডিয়া ফাউণ্ডেচন, নতুন দিল্লী
  2. ২০০৬- ৰাম নাথ গোৱেঙ্কা সাংবাদিকতাৰ উৎকৰ্ষতাৰ বঁটা, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, নতুন দিল্লী
  3. ২০০৯- লাডলী মিডিয়া ৰাষ্ট্ৰীয় বঁটা, পপুলেচন ফাৰ্ষ্ট, মুম্বাই

সাহিত্য বঁটা

  1. ২০০৯-১০-মুনীন বৰকটকী বঁটা
  2. ২০১৬—একা এবং কয়েকজন সন্মান

প্ৰকাশিত গ্ৰন্থ

গল্প সংকলন

  1. দুয়ে দুয়ে তিনি
  2. ঘৰ ঘৰ খেলিবা? আহা
  3. নদীৰ বুকুত বাটি ৰোৱা আঙুলি

উপন্যাস

  1. জেৰেই হাগ্ৰামায়া গাব’(বড়োসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ভিত্তিত ৰচিত)
  2. অক্কণমানি বাগিচাৰ যাদু (শিশু আলোচনী সঁফুৰাত খণ্ড খণ্ডকৈ প্ৰকাশিত)
  3. জোনফুল (অসমৰ সন্ত্ৰাস অধ্যুষিত সমাজ-ৰাজনৈতিক জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ক কেন্দ্ৰ কৰি ৰচিত৷ প্ৰকাশকঃ বনলতা,ডিচেম্বৰ ২০২২)

অনুবাদ

  1. মোৰ জীৱনৰ আদিকাল —ফিডেল কাষ্ট্ৰোৰ তিনিটা সাক্ষাতকাৰ, আৰু গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে কাষ্ট্ৰোৰ ওপৰ লিখা এখন ৰচনাৰ অনুবাদ।

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি
  3. ↑ thewire.in/environment/solar-on-the-char

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্না ভৰালী তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৪৯২০১৫ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।