অসমীয়া শিক্ষাবিদ
১২৭ প্ৰবন্ধ
-
বন্তি শেনচোৱা
বন্তি শেনচোৱা (১৯৬০-) একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ অধ্যাপিকা। তেওঁ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। ২০০৩ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন 'নিষাদ গান্ধাৰ' প্ৰকাশ হয়। তেওঁৰ একমাত্ৰ উপন্যাস হৈছে- 'আকণ বিন্ধীৰ সোণ পৰুৱা'। বৰ্তমানেও তেওঁ সাহিত্য জগতৰ সৈতে জড়িত হৈ আছে।
-
বিনয় মোহন শইকীয়া
বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
-
বিমল মজুমদাৰ
বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷ তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷
-
ভীমকান্ত কোঁৱৰ
ভীমকান্ত কোঁৱৰ (ইংৰাজী: Bhimkanta Konwar, ১৯৪০-২০২২) অসমৰ এজন শিক্ষাবিদ, সমাজ সংগঠক আৰু গান্ধীবাদী নেতা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কোঁৱৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ…
-
সাৰদা বেজবৰুৱা
সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ।
-
হিৰণ্ময়ী দেৱী
হিৰণ্ময়ী দেৱী (Hiranmayee Devi)(জন্ম,১৯৩৩- মৃত্যু ২০২৪, ৩ ডিচেম্বৰ) এগৰাকী অসমীয়া শিক্ষয়িত্ৰী, লেখিকা। তেওঁ ‘’মাটিৰ চাকিৰ শিখা’’, ‘’হৃদয়ৰ অৰণ্যত’’ আদি কবিতাপুথিৰ লগতে কেইবাখনো শিশু সাহিত্য, জীৱনী সাহিত্য়, প্ৰবন্ধ পুথি, অনুবাদ পুথি ৰচনা কৰি গৈছে।
-
ৰিপুঞ্জয় বৰদলৈ
ৰিপুঞ্জয় বৰদলৈ (১৯৮৪) একাধাৰে বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ কৰ্মী, পৰিৱেশ সচেতক আৰু শিক্ষক। তেখেতে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰি আছে।