অসমীয়া শিক্ষাবিদ
১২৭ প্ৰবন্ধ
-
গোলোকচন্দ্ৰ গোস্বামী
গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল।
-
পদ্মধৰ চলিহা
পদ্মধৰ চলিহা (১৮৯৫–১৯৬৯) এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আছিল। তেখেতে গীত আৰু নাটকো ৰচনা কৰিছিল। কৰ্মজীৱনত প্ৰথমে অধিবক্তা আছিল আৰু পাছলৈ শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৫৮ চনত তিনিচুকীয়াত হোৱা অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ সভাপতি আছিল।
-
ভৱানন্দ ডেকা
ভৱানন্দ ডেকা (Bhabananda Deka) (১৯২৯-২০০৬) এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪খন অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে। তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি।
-
প্ৰণৱজ্যোতি ডেকা
প্ৰণৱজ্যোতি ডেকা (Pranavjyoti Deka; জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। স্পষ্টবাদী ৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
-
উমাকান্ত শৰ্মা
উমাকান্ত শৰ্মা (Umakanta Sarmah) এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৪ চনৰ ২৮ নৱেম্বৰত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। ২০০৫ চনৰ ১৪ এপ্ৰিলৰ দিনা তেওঁৰ দেহাৱসান ঘটে।
-
কবীন ফুকন
কবীন ফুকন এগৰাকী অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ সাহিত্য অকাডেমি বঁটা। মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।
-
খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী
খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী (Khanindra Chandra Chowdhury) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত।
-
দিলীপ কুমাৰ দত্ত
ড॰ দিলীপ কুমাৰ দত্ত (Dilip Kumar Dutta, ৩০ এপ্ৰিল, ১৯৩৭–২৬ ছেপ্টেম্বৰ, ২০১৯) এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।
-
বিশ্বনাৰায়ণ শাস্ত্ৰী
বিশ্বনাৰায়ণ শাস্ত্ৰী (Biswanarayan Shastri) আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী(১৯৮৬) নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
অনুৰাধা শৰ্মা
অনুৰাধা শৰ্মা (Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে।
-
উপেন্দ্ৰচন্দ্ৰ লেখাৰু
উপেন্দ্ৰচন্দ্ৰ লেখাৰু (Upendra Chandra Lekharu; ১৯০৫–১৯৭৯) এজন সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল। তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই গৈছে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল।
-
দিলীপ বৰুৱা
দিলীপ বৰুৱা (Dilip Barua) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক। অসম তথা ভাৰতৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যাপনা কৰা ড॰ বৰুৱা অনুবাদ আৰু সাহিত্যিক সমালোচনাৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল। 'ছন পৰা মাটি' আৰু 'আধুনিক মহাদেশীয় কবিতা' হৈছে তেখেতৰ দুখন বিশিষ্ট অনুবাদ গ্ৰন্থ।
-
ৰাধাকান্ত সন্দিকৈ
ৰাধাকান্ত সন্দিকৈ এজন সমাজকৰ্মী, চাহ খেতিয়ক আৰু বিখ্যাত সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ৷ তেখেতৰ স্মৃতিতে গুৱাহাটীস্থিত ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজৰ প্ৰতিষ্ঠা কৰা হয়৷
-
অমৰজ্যোতি চৌধুৰী
অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য।
-
অৰিন্দম বৰকটকী
অৰিন্দম বৰকটকী ( Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত সাহিত্য অকাডেমি যুৱ বঁটা আৰু মুনীন বৰকটকী বঁটা লাভ কৰে।
-
দিলীপ বৰা
অধ্যাপক দিলীপ বৰা (ইংৰাজী Dilip Borah); জন্ম: ১৯৬৪, ১ আগষ্ট) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক) তেওঁ অসমীয়া সাৰেগামা আলোচনীৰ সম্পাদনা উপদেষ্টা আছিল। দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতৰ দৈনিক স্তম্ভ লেখক আছিল। নতুন নিনাদৰ মুক্তভাসৰ নিয়মীয়া লেখক আছিল।
-
প্ৰফুল্ল দত্ত গোস্বামী
প্ৰফুল্লদত্ত গোস্বামী (১৯১৯-১৯৯৪) একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ। এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে।
-
প্ৰহ্লাদ কুমাৰ বৰুৱা
ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (Dr Prahlaad Kumar Baruah; ১৯৪৪,২৮ ফেব্ৰুৱাৰী-২০১১,২৪ আগষ্ট) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়।
-
মৃণাল মিৰি
ড॰ মৃণাল মিৰি (Mrinal Miri; জন্ম: ১ আগষ্ট, ১৯৪০) এগৰাকী ভাৰতীয় দাৰ্শনিক আৰু শিক্ষাবিদ। তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰি আৰু মাতৃ ইন্দিৰা মিৰি। শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্যসভালৈ মনোনীত কৰিছে।
-
সূৰ্যকান্ত হাজৰিকা
সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি।
-
গিৰিধৰ শৰ্মা
গিৰিধৰ শৰ্মা (Giridhar Sharma) (১৯১২-১৯৭৭) বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আছিল। ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া এই সময়খিনিত তেওঁ সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল।
-
প্ৰণিতা তালুকদাৰ
প্ৰণিতা তালুকদাৰ (Pranita Talukdar, ১৯৩৫ - ২০ এপ্ৰিল ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
-
বাপচন্দ্ৰ মহন্ত
বাপচন্দ্ৰ মহন্ত (জন্ম:১৯২৮-২০১৫ ) একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।
-
ভৃগুমুনি কাগয়ুং
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।
-
হীৰেন্দ্ৰ নাথ দত্ত
হীৰেন্দ্ৰ নাথ দত্ত (Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য।
-
অৰ্পণা কোঁৱৰ
অৰ্পণা কোঁৱৰ (Arpana Konwar) হৈছে এগৰাকী অসমীয়া লেখিকা,ভাষা গৱেষক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ সন্মানীয় অধ্যাপক আৰু Faculty of Humanities and Law বিভাগৰ ‘ডীন’ হিচাপে কৰ্মৰত৷ অসমৰ ভাষা বিষয়ক বহুকেইখন প্ৰাসংগিক গ্ৰন্থ ইতিমধ্যেই তেওঁ লিখি…
-
উষাৰাণী বৰুৱা
ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
টাবু টাইড
টাবু ৰাম টাইড (Tabu Ram Taid) (১ আগষ্ট ১৯৪২ - ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল।
-
তুলসী নাৰায়ণ শৰ্মা
তুলসী নাৰায়ণ শৰ্মা(Tulshi Narayan Sharma; ১৮৯৯-১৯৫২)এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ আছিল। ১৮৯৯ চনৰ ৫ ছেপ্টেম্বৰত তুলসী নাৰায়ণ শৰ্মাৰ যোৰহাটৰ চাৰিগাঁৱত জন্ম হয়। পিতৃৰ নাম সোণাৰাম।
-
দিলীপ কুমাৰ বৰুৱা
দিলীপ কুমাৰ বৰুৱা (১৯৪৩- ২৭ এপ্ৰিল, ২০১৭) অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়।