খগেশ সেন ডেকা (জন্ম:১৬ অক্টোবৰ ১৯৫৩ - ১৯ মাৰ্চ ২০২৫১ ) অসমীয়া ভাষাৰ গৱেষক আৰু ব্যাকৰণবিদ আছিল। তেওঁ পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল।
জন্ম
তেওঁৰ জন্ম হয় কামৰূপ জিলাৰ কৰৰা মৌজাৰ ক্ষুদ্ৰহাজাৰা গাঁৱত, ১৯৫৩ চনৰ ১৬ অক্টোবৰ তাৰিখে। পিতৃ: স্বৰ্গীয় ধনপতি ডেকা (কৰৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক)। মাতৃ: স্বৰ্গীয়া যোগেশ্বৰী ডেকা।
শিক্ষা
- প্ৰাথমিক: ক্ষুদ্ৰহাজাৰা প্ৰাথমিক বিদ্যালয়,
- হাইস্কুল: কৰৰা হাইস্কুল,
- প্ৰাক বিশ্ববিদ্যালয় (বিজ্ঞান): আৰ্য্য বিদ্যাপীঠ কলেজ।
- স্নাতক (অসমীয়া অনাৰ্ছ): আৰ্য্য বিদ্যাপীঠ কলেজ (১৯৭৫)।
- স্নাতকোত্তৰ: অসমীয়া (ভাষা শাখা), গুৱাহাটী বিশ্ববিদ্যালয় (১৯৭৭)।
- পিএইচ, ডি,: গুৱাহাটী বিশ্ববিদ্যালয় ( গৱেষণাৰ বিষয়: অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশ: এটি বিশ্লেষণাত্মক অধ্যয়ন। তত্ত্বাৱধায়ক: ড॰ ৰমেশ পাঠক)।
কৰ্মজীৱন
- এম, এ, পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে কেইদিনমান কৰৰা হাইস্কুলত শিক্ষকতা।
- ১৯৭৮ চনৰ মাৰ্চ মাহৰ ১৩ তাৰিখে ছয়গাঁও কলেজত যোগদান।
- ১৯৭৮ চনৰ জুলাই মাহৰ ১৮ তাৰিখৰ পৰা ১৯৮৭ চনৰ ৯ মাৰ্চলৈ বকোৰ জে, এন, কলেজত অধ্যাপনা।
- ১৯৮৭ চনৰ ১০ মাৰ্চৰ পৰা ২০১৫ চনৰ ৩১ মাৰ্চলৈ বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজত অধ্যাপনা আৰু সহযোগী অধ্যাপক তথা মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ।
- কিছু দিনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপকৰূপে যোগদান।
সাহিত্যৰাজি
- অসমীয়া বানান সমস্যা (সম্পা), ১৯৯৮, বাইহাটা চাৰিআলি সাহিত্য সভা।
- অসমীয়া ভাষা সাহিত্য সংস্কৃতি বীথিকা (ড॰ নৰেন চন্দ্ৰ দাস আৰু ড॰ উমেশ চন্দ্ৰ ডেকাৰ সৈতে যুটীয়াভাৱে ৰচিত)। ১৯৯৯, পূৰ্বাঞ্চল প্ৰকাশ।
- ভাষা-চিন্তা-বিচিত্ৰা (ড॰ নগেন ঠাকুৰৰ সৈতে যুটীয়াভাৱে সম্পাদিত)। ১৯৯৯, পূবেৰুণ প্ৰকাশ।
- ব্যাকৰণ: প্ৰাচ্য আৰু পাশ্চাত্য। ১ম প্ৰকাশ ২০০০, পূবেৰুণ প্ৰকাশ। ৩য় প্ৰকাশ, ২০১৫, জ্যোতি প্ৰকাশন।
- পূব কামৰূপ অঞ্চলৰ বৌদ্ধিক পটভূমি আৰু অধ্যক্ষ তৰুণ চন্দ্ৰ ডেকা, ২০১৪, পূব কামৰূপ কলেজ।
- ভাষা-চিন্তাৰ ৰেঙনি, ২০১৬, জ্যোতি প্ৰকাশন।
- ব্যাকৰণ: তত্ত্ব আৰু তাত্ত্বিক, ২০১৭, বান্ধৱ।
- Grammar of the Assamese Language William Robinson Nathan Brown G. F. Nicholl (Co-ed with Dr. Prabin Ch. Das).
- প্ৰসংগ গৌতম বুদ্ধ (অনূদিত), ২০১৯, জ্যোতি প্ৰকাশন।
- মধ্যভাৰতীয় আৰ্যভাষা আৰু সাহিত্য,২০২০, অসম সাহিত্য সভা।
- অসমীয়া ব্যাকৰণ আৰু ভাষাতত্তবৰ ৰূপৰেখা, ২০২০, বান্ধৱ।
- মনন আৰু বীক্ষণ (সম্পাদনা- ড৹ প্ৰভাত ভূঞা), ২০২১, পাঞ্চজন্য।
- খগেশ সেন ডেকাৰ ফে’চবুক মাধুৰী, (সম্পাদনা আব্দুল মজিদ শ্বেখ) ২০২১।
- ভাষাতত্ত্বৰ সাধক খগেশ সেন ডেকা (অভিনন্দন গ্ৰন্থ, সম্পাদনা প্ৰভাত ভূঞা আৰু পূন্যপ্ৰভা বৰুৱা), ২০১৯ প্ৰকাশ পাইছে।
তথ্যসূত্ৰ
- ↑ চক্ৰৱৰ্তী, ড° পৰিতোষ. (২০২৬). ড°খগেশ সেন ডেকা ফেচবুকৰ মাধুৰী:এটি আলোচনা. কলংপাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খগেশ সেন ডেকা” প্ৰবন্ধৰ সংশোধন ৬০৪৯৭৬ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।